সমললৈ যাওক

পৃষ্ঠা:লাহৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩। আধ্যা।
চালুকীয়া লাহৰী

 আমাৰ পাঠকসকলে মৰমৰ কমলক হেৰুৱাই বোধ কৰোঁ শোকত বিমোৰ হৈছে। সেই কাৰণে, আমি তেওঁবিলাকক বেগাবগিকৈ নভগনীয়া বিষয়াসকলৰ দুখপাহৰোৱা সুখৰ ঠাই পামপুৰলৈ লৈ যাওঁ। আমি পামপুৰ এৰি গৈ ৰংপুৰ নগৰত থকা আঠ মাহত সোমালহি। সেই অলপ দিনৰ ভিতৰতে পামপুৰৰ এনে পৰিবৰ্ত্তন ঘটিল যে, এতিয়া সেই গাওঁখনি বিতোপন ন-পাম যেন লাগিছে। উদ্যোগী কীৰ্ত্তিনাথ গোহাঞি সোৰোপা হৈ বহি থকা মানুহ নহয়; আমি আগবাৰ দেখোঁতে তেওঁৰ ঘৰ-বাৰী ন-ভগনীয়া মানুহৰ দৰে হে আছিল। এতিয়া তেওঁ চাৰিওফালে ঢাপ মৰাই পদূলি বন্ধাই নিজাপি মানুহৰদৰে বাৰী পাতিলে। বাৰীৰ ভিতৰত যে কিমান উন্নতি হল, সেইবোৰ ভাঙ্গি কবলৈ গলে বহুত। তেওঁৰ বাৰীখনো সামান্য বহল নাছিল, প্ৰায় এপুৰা মাটি। বাৰীৰ পিচফালে তেওঁ এটা পুখুৰী খনালে। পুখুৰীৰ চাৰিওপাৰে এনলকৈ বহলাই গোলাপ, মালতী, তগৰ, জাতি, জুই খৰিকাজাঁই ইত্যাদি নানা তৰহৰ ভাল ভাল ফুল আৰু দেখিবলৈ ধুনীয়া সৰু সৰু গছ-গছনিৰে সৈতে তেওঁ এখনি চাৰিপৰীয়া ফুলনি পাতিলে। ফুলনিৰ মাজেদি তিনি হাত বহলকৈ পুখুৰীৰ চাৰিওপাৰ মেৰাই জুৰত ফুৰিবলৈ এটি অতি সুন্দৰ বাট। সেই বাটৰ দুই দাঁতিৰ ঠায়ে ঠায়ে আৰু পুখুৰীৰ চাৰি চুকে লতা, ফুল, পাণৰ মাহী আদি ৰঙা, হালধীয়া, সেউজীয়া