পৃষ্ঠা:লাহৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬১
লাহৰী।

থাকোতেও, লাহৰীয়ে নিজৰ লাগতিয়াল কাম কৰিব লগীয়া হলে,পৰাখিনিত আপুনি কৰি লয়। লাহৰীৰ আইতাকো আন তিৰোতাৰ দৰে,এনে আলসুৱা চিকুণ পুতলাক কাম কৰিবলৈ নিদি বুকুৰ মাজত সুমাই লৈ থকা বিধৰ গৃহিণী নহয়। তেওঁ লাহৰীক কোনো কাম কৰা দেখিলে বেয়া নাপায়; বৰঞ্চ কাম চাই কাম কৰিবলৈ উদগনি হে দিয়ে। আইতাকে তাঁত বওঁতে বা ফুল বাছোঁতে লাহৰীয়ে তেওঁৰ এপাশে তাঁতৰ পাটত বহি একাণপতীয়াকৈ চাই থাকে। কেতিয়াবা মাক কিবা কামত উঠি গলেই,তেওঁ ঘূৰি আহেমানে, ছেগ বুজি, লাহৰীয়ে তাঁত ববলৈ ধৰে। এদিন লাহৰীৰ আইতাকে অসমীয়া কেঁচা পাটৰ সূতাৰ চেলেং কাপোৰ এখনত ফুল বাছি আছিল। এনেতে, সিফালে বুলনিত বেটী ছোৱালী দুজনীয়ে দন্দ্ পাতি চুলীয়া-চুলিকৈ কোঢ়াল লগাই তুলিলে। মাকে তাঁতৰ পাট এৰি বেগাবেগিকৈ বেটী ছোৱালীহঁতৰ দন্দ্ ভাঙ্গিবলৈ ধৰিলেগৈ। বাহিৰত যি য'তে আছিল দন্দ্ চাবলৈ সিহঁতো চাপিলহি। কিন্তু, লাহৰীৰ মন সি টানিব নোৱাৰিলে;লাহৰীয়ে ঠাইতে, ছেগ বুজি,মাকে যতে এৰি থৈ গৈছিল, তৰে পৰা ফুল বাছিবলৈ ধৰিলে। মাক ঘূৰি আহেমানে আধা-বছা কাঠীটো লাহৰীয়ে শেষ কৰিব লগীয়া কৰিছে, এনেতে মাক আহি দেখেহি, সূতা ছিঙ্গি ডাল-ডাল কৰিলে। তেনেকুৱা কেঁচা পাটৰ সূতাৰ তাঁত বোৱা কেনে টান কাম শিপিনীসকলে হে ভালকৈ বুজে। মাকৰ খং উঠাত, তেওঁ লাহৰীক অলপ টান কথা শুনালে। কিন্তু সেইবাবে লাহৰীয়ে তলৰ জিভা ওপৰ নকৰিলে; অলপ পৰ আমন্‌জিমন্‌কৈ বহি থাকি,মাকে সূতা যোৰাই থাকোঁতেই লাহৰীয়ে লাহেকৈ উঠি তেওঁৰ জিৰণিৰ ঠাই পুখুৰী-পাৰৰ ফুলনিত সোমালেগৈ। তাৰ পাচত,মাকে সেই ছিগা সূতা যোৰাই উঠি চায় দেখোন, তেওঁ এৰি থৈ যোৱাৰেপৰা লাহৰীয়ে যিখিনি ফুল বাছিলে,তাত

কেনা এটাও লগা নাই। লাহৰী কেনে চোকা বুদ্ধিৰ ছোৱালী, তেতিয়া

৭৮