পৃষ্ঠা:লাহৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬০
লাহৰী।

এৰি আহিছিলোঁ। তেতিয়াই পাঠকে ৰূপহী লাহৰীৰ ৰূপ-গুণৰ বিষয়ে অলপ আভাস পাইছিল। এতিয়া সেই ৰূপ আৰু গুণৰ বিষয়ে অলপ বহলাই কোৱা যাওক। দিনক-দিনে লাহৰীৰ গঢ়-গতি সকলো ভালৰ ফালে ঢাল লয়। সদায় দেখি থকা পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰিয়াই সিমান গম্ ধৰিব পৰা নাই যদিও,আমি বহুত দিনৰ মূৰত দেখি সেই ৰূপ-গুণৰ লক্ষণ ভালকৈ ধৰিব পাৰিছোঁ।। লাহৰীৰ বয়স যদিও এতিয়া চাৰি বছৰত সোমাইছে মাথোন, নেদেখা মানুহে দেখিলে তেওঁক পোনেই পাঁচ-ছবছৰীয়া ছোৱালী হে বুলিব। বয়সৰ লগে লগে লাহৰীৰ ৰূপ-গুণৰ জেউতি চতুৰ্গুণে চৰি আহিবলৈ ধৰিলে। ছমহীয়াটীতে বুঢ়াগোহাঞি ডাঙৰীয়াই লাহৰীক ৰূপ-গুণৰ বাবেই “লাহৰী” নাম দিছিল। এতিয়া তেওঁৰ বয়স চাৰি বছৰত পৰিলহি;গতিকে এতিয়া সেই সৰু কালৰ ৰূপৰ জেউতি কিমান চৰিছে,তাক সহজে অনুমান কৰিব পাৰি। মুঠতে, কবলৈ গলে, সাধাৰণ মানুহৰ ঘৰত এনে ৰূপৰ জেউতি দেখিবলৈ পোৱা টান। নিৰলে বহি থাকিলে, লাহৰিক ধুনীয়া মমৰ পুতলা এটি বুলি ভ্ৰম হয়। স্বভাৱ চৰিত্ৰাদিৰ সম্বন্ধেও একে কথাই;এনে এটি মনমোহা মমৰ পুতলা যেন সুন্দৰ মূৰ্ত্তিত যে পৃথিবীৰ নাৰী জাতিৰ সকলো গুণে থানিকা পাতিব, সেইটো স্বাভাৱিক কথা। তদুপৰি, সৃষ্টিকৰ্ত্তাই বহু পুৰুষাৰ্থ কৰি জগতৰ ভাল ভাল বস্তুৰ সাৰ অংশ আনি অতি যতনেৰে সৃষ্টি কৰা এনে এটি সুন্দৰ মূৰ্ত্তিত যে দোষ কিবা চেকা থাকিব পাৰে তেনে ভাবে মনত ঠাইকে নাপায়। বিশেষ, লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ সততে মাক বাপেকৰ চাবেৰেই হয়। লাহৰীৰ আইতাক-দেউতাকৰ স্বভাৱ-চৰিত্ৰ, গুণাগুণৰ কথা আগতে উনুকিয়াই অহা হৈছে। এতেকে, তেনে মাক-বাপেকৰ জীয়েক যে চৰিত্ৰৱতী হব,সি একো আচৰিত কথা নহয়। লাহৰীৰ সেই সৰু কালৰেপৰা তিৰোতাৰ ঘৰুৱা কাম শিকিবলৈ বৰ ধাউতি; ঘৰত কাম কৰিবলৈ বেটী-বন্দী