নোযোৱাৰ আন একো কাৰণ নাই; কেৱল তেওঁ লোক-নিন্দালৈ অলপ ভয় কৰিছিল। জনা-বুজা মানুহ হৈ তেনেকুৱা গৰ্হিত কাম কৰিলে দহজনে বেয়া বুলিব, এই ভয়ত তেওঁ সিহঁতৰ লগত নগল ৷ তাৰ পাচে, বাটে বাটে নানা চিন্তাত বিভোল হৈ ৰত্নেশ্বৰ আলহী-থকা ঘৰ পালেগৈ ।
ৰত্নেশ্বৰে এই যাত্ৰাত আলহী হোৱা ঘৰৰ কথা আমি ওপৰত অলপ উনুকিয়াই মাথোন আহিছোঁ । এতিয়া সেই মানুহঘৰৰ আঁতি-গুৰিৰ কথা বহলাই নকলেও, মুঠতে কৈ থওঁ যে, এইখন আগৰ এজন ডাঙৰ বিষয়াৰ ঘৰ আছিল। পাচতো, সেই বিষয়া জন নাই বুলিও, তেওৰ বিধৱা ভাৰ্য্যাৰ ঐশ্বৰ্য্য আৰু ক্ষমতা সামান্য নাছিল। এই ঠাই ডুখৰিৰ ভিতৰত তেওঁৰ ক্ষমতা ৰাণীৰ ক্ষমতাৰ দৰে আছিল। আগৰ ডাঙৰ বিষয়াৰ ভাৰ্য্যা বুলি আৰু বৰ্তমান অনেক ধন-সম্পত্তিৰ বলত তেওঁ এই ঠাইৰ সৰু-বৰ সকলোৰে ওচৰত সম্মান পাইছিল আৰু সকলোৱে তেওঁক খাতিৰ কৰিছিল । তেওঁৰ জয়ন্তী নামেৰে ছোৱালী এটি আছিল। সেই ছোৱালীটিকে দুবছৰৰ আগেয়ে ৰত্নেশ্বৰে বিয়া কৰাবৰ মনেৰে চাবলৈ আহিছিল । তেতিয়া জয়ন্তীৰ বয়স চৈধ্য বছৰ মাথোন হৈছিল। ৰত্নেশ্বৰে সেই বাৰ ছোৱালী নিন্দাই বিয়া কৰাবলৈ অসম্মত হৈ উলটি গুচি গল। স্বৰূপতে কিন্তু ছোৱালীটি বৰ সুন্দৰী আছিল। তেতিয়া তেওঁ সৰু আছিল বুলিয়েই বা ৰত্নেশ্বৰে সেই সময়ত যাকে-তাকে বেয়া ভাবি ফুৰাৰ কাৰণেই, জয়ন্তী তেওঁৰ চকুত নালাগিল। এতিয়া জয়ন্তীৰ বয়স ষোল বছৰত সোমাইছেহি । বয়সৰ লগে লগে সুন্দৰী জয়ন্তী বৰ ৰুপহীটি হৈ উঠিল। ছোৱালীটিৰ হাত-ভৰি আদিৰ লাৱণ্যতাৰ বিষয়ে নকওঁৱেই, মুখখনি পূৰ্ণিমাৰ জোন যেন শুৱনি আছিল। ৰত্নেশ্বৰে সেই বাৰ বেয়া বুলি এৰি যোৱাৰ পাচতে, যোৰহাটৰ এটি ৰাজ-কোৱঁৰলৈ জয়ন্তীক বিয়া দিয়াৰ দিন স্থিৰ কৰা হল ৷ লৰাটিৰ বিষয়েই মুঠকৈ কোৱা যায় যে, তেওঁ যেনে ঘৰৰ লৰা, ৰূপে-গুণেও