পৃষ্ঠা:লাহৰী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩৪
লাহৰী ৷


এটা লিগিৰাক পাচিলেহি। অলপ পৰৰ পাচত, জয়ন্তীৰ আইতাক ওলাই আহি ৰত্নেশ্বৰৰে সৈতে কথা পাতিবলৈ বহিল। তেওঁ জয়ে-জয়ে জীয়েকৰ সম্বন্ধীয় কথাকেই জুৰিলে। কথা-প্ৰসঙ্গত যেতিয়া ৰত্নেশ্বৰে জয়ন্তীৰ বিয়াৰ বিষয়ে আদ্যোপান্ত কথা বুজি উঠিল, তেতিয়া তেওঁ একেবাৰে নিৰাশ হল। সেই মুহূৰ্ত্ততে ৰত্নেশ্বৰৰ আনন্দত ফুলি পৰা মুখত বিষাদ ডাৱৰৰ ঢাকনি পৰিল। আৰু অলপ পাচৰপৰা জয়ন্তীৰ আইতাকে নো কি কৈছে, তাৰ ভাব বা অৰ্থ তেওঁ বুজিব নোৱাৰাই হল; এটা কথা সুধিলে আন এটাৰ উত্তৰ দিয়াত পৰিল। পূৰ্ণ গোহাঞিদেৱে সেইবোৰ কথালৈ মন কৰি আছিল। দেখি দেখি, তেওঁ আৰু হাঁহি সামৰিব নোৱাৰিলে! জয়ন্তীৰ আইতাকেও ৰত্নেশ্বৰৰ অৱস্থা বুজিব পাৰি তেওঁক একো সমিধান নিদিয়াকৈ ভিতৰলৈ সোমাই গল। পূৰ্ণ গোহাঞিদেৱে ৰত্নেশ্বৰক নিতান্ত অপ্ৰস্তুত হবৰ দেখি, তেওঁৱেই কথা পাতিবলৈ বহিলহি। ইফালে ভিতৰত জয়ন্তীয়ে, সখীয়েক কাঞ্চনৰে সৈতে, বাৰ জুমি ধেমালি চাবলৈ ধৰিলে। এই দৰে আৰু অলপ পৰ আছে, এনেতে ৰত্নেশ্বৰে নিজৰ বৰ্ত্তমান অৱস্থা তৰ্কিব পাৰি, কাকো একো নোকাৱাকৈয়ে বাতুলৰ দৰে উচাট্ মাৰি তাৰপৰা উঠি গুচি আহিল। হাঁয়, আজি ৰত্নেশ্বৰ বিষমৰূপে অপ্ৰস্তুত। আজি ৰত্নেশ্বৰে পূৰ্ণ গোহাঞিদেৱ আৰু তেওঁৰ শাহুৱেকৰ আগত বান্দৰ-নচা দিলে! ৰত্নেশ্বৰে উঠি গৈ গোঁসাই-ঘৰত সোমাই, শোকে-বেজাৰে লাজে খুন্দা মাৰি ধৰাত,কান্দি পেলালে। তাৰ পাচত, লৰালৰিকৈ টালিটোপোলা বন্ধাই লগুৱাটোৰে সৈতে, পামপুৰৰপৰা আঁতৰ হোৱাৰ দৰে, কাকো মাত নলগোৱাকৈয়ে তেওঁ তাৰপৰা উধাতু খাই প্ৰস্থান কৰিলে !