পৃষ্ঠা:লাহৰী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩২
লাহৰী ৷

ঠিক তেনেই আছিল। তেওঁক অচিনাকী মানুহে দেখিলেও, তেওঁ কেনে ঘৰৰ লৰা তাক অনুমানত বুজিব পাৰে। লৰাটিৰ নাম পূৰ্ণচন্দ্ৰ গোহাঞি। খোজা-বঢ়া হবৰো আজি ভালেমান দিন হলহি। খোজা-বঢ়া হোৱাৰ পাচত পূৰ্ণচন্দ্ৰ গোহাঞিদেৱে শাহুৱেকৰ ঘৰলৈ মাজে-সময়ে আহি থাকে; এতিয়া তেওঁ শাহুৱেকৰ ঘৰতে। এই বাৰ তেওঁ ইয়াত থকা কেইবা মাহো হলহি । ইমান দিন জয়ন্তী আৰু পূৰ্ণগোহাঞিদেৱ দুইৰো ভিতৰত মাত-বোল নাই যদিও, ওলাওঁতে-সোমাওঁতে নিলগৰপৰা অনেক বাৰ দেখা-দেখি হৈছে।এতিয়া সিবিলাকৰ পৰস্পৰৰ প্ৰতি এনে মৰম, এনে চেনেহ, এনে আদৰৰ ভাব যে, কোনোৱে যদি পৱিত্ৰ প্ৰণয়ৰ চানেকি চাই সুখী হব খোজে, তেন্তে এই দুটি সুখীয়া প্ৰেমিক-প্ৰেমিকাৰ ফালে এবাৰ চকু দিব লাগে। সংসাৰত প্ৰেম আছে, প্ৰণয় আছে; তাৰ লগে লগে দুখো আছে, বেজাৰো আছে ।দুখ আৰু বেজাৰে সেই প্ৰেম আৰু প্ৰণয়ৰ জেউতি অনেক গুণে চৰায় সঁচা, কিন্তু সেই বুলি যে বিনা-দুখ, বিনা-বেজাৰে লাভ কৰা প্ৰেম বা প্ৰণয়ত মোল নাই, এনেও নহয়। ঈশ্বৰে যাক যেনে ভোগৰ ভাগী কৰিব খোজে, তাক সেই সম্ভোগ দিবলৈ তেনে প্ৰেম আৰু তেনে প্ৰণয়ত হে পেলায়। ঈশ্বৰ নিজে বহুৰূপী; গতিকে তেওঁ সদায় বহুৰূপৰ পক্ষপাতী। তেওঁৰ লীলা-খেলা, আমোদ-প্ৰমোদ, চকু-তৃপ্তি,—আমাৰ দুখ-সুখ, বেজাৰ-আনন্দ, অসুখ-অশান্তিও হব পাৰে। ঈশ্বৰ নিজে মহা-প্ৰেমিক। তেওঁৰ সৃষ্টি-লীলাত যে কত প্ৰকাৰৰ প্ৰেম-ৰস বিৰিঙ্গি পৰিছে, সহস্ৰ মুথে বখানিও তাক শেষ কৰিব নোৱাৰি।

 ৰত্নেশ্বৰে জয়ন্তীহঁতৰ ঘৰত আলহী থকা আজি তিন দিন হলহি। আগৰ দুদিন তেওঁ পামপুৰলৈ মান পঠোৱাত অতি ব্যস্ত আছিল; তৃতীয় দিনা পুৱা তেওঁ শুই উঠি মুখ ধুবলৈ বহোঁতেই বুলনিত জয়ন্তীৰ মোহিনী ৰূপৰ চমকনি হঠাৎ তেওঁৰ চকুত পৰিল। ৰত্নেশ্বৰক গোঁসাই-ঘৰৰ টুপতে শুবলৈ দিয়া হৈছিল ।