পৃষ্ঠা:লাহৰী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪। আধ্যা।
জয়ন্তী।

 পিচদিনা ৰাতিপুৱাই ৰত্নেশ্বৰ আৰু পামপুৰীয়া আকৌ ন-পমুৱা মানৰ গাওঁ পালেগৈ। সিফালে সিহঁতে এওঁবিলাক নৌ যাওঁতেই খাই-বৈ, কাপোৰ-কানি বান্ধি সাজু হৈ ওলাই আছিল। এওঁবিলাকক দেখা মাত্ৰকে চাৰিওফালৰপৰা বিং-বিং বাং-বা কৰি তিনি কুৰি দহোটা মান আহি জুম্‌ বান্ধিলেহি। ৰত্নেশ্বৰে সিহঁতক আকৌ আগৰ কথালৈ মনত পেলাই দি, পামপুৰীয়াক কলে, তুমি এতিয়া বাজে-বাজেই যোৱাঁগৈ। ইয়াতে মোৰ আৰু এটি সকাম আছে; মই কাইলৈ হে ইয়াৰপৰা উলটি খোজ লম। তুমি এতিয়া পোনে-পোনেই ইহঁতক পামপুৰলৈ লৈ যোৱাঁগৈ। বিশেষ কথা তোমাক আৰু শিকাবৰ আৱশ্যক নকৰে। বৰনৈ পাৰ হওঁতে,মানুহে নেদেখাকৈ আন এটা ঘাটে পাৰ হবাহঁক। তোমালোকে মোক ঠিক সময়ত মোৰ ঘৰতে পাবাহি। তুমি এতিয়া ইহঁতৰ দৰেই কাপোৰ-কানি পিন্ধি লোৱাঁ।” এই বুলি, আকৌ মানহঁতৰ ফালে ঘূৰি তেওঁ কবলৈ ধৰিলে, “তহঁতে এতিয়া এওঁকো তহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই সজাই লব লাগে। আৰু, এওঁ যি কব, তহঁতে তাকে শুনিব লাগিব।”

 মানহঁত—“আমি জানোঙ্ অ, দৌটা, তয় হিকাব নেলাগে দে।”

 মানহঁতে পামপুৰীয়াকো সিহঁতৰ দৰেই কাপোৰ-কানি পিন্ধাই লৈ পামপুৰৰ মুখে খোজ ললে। ৰত্নেশ্বৰে সিহঁতক আৰ নোহাৱালৈকে চালে, তাৰ পাচত তেওঁ আলহী থকা ঠাইলৈ উভতিল। ৰত্নেশ্বৰ সিহঁতৰ লগত