পৃষ্ঠা:লাহৰী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩৩
লাহৰী

গোঁসাই-ঘৰৰ আগত থিয় হলে, বুলনি-ঘৰৰ প্ৰায় সমানে এডোখৰ দেখা যায়। সেই সময়ত জয়ন্তীয়ে গা ধুই আহি বুলনিত বহি একোণ-পতীয়াকৈ মূৰ মেলাইছিল; তেওঁ ৰত্নেশ্বৰলৈ মন কৰা নাছিল। সেই ছেগতে জয়ন্তীৰ ৰূপ-লাৱণ্যতাৰ কথা আৰু বঢ়াই কবৰ সকাম নাই। ৰত্নেশ্বৰে প্ৰথম দৃষ্টি ঘূৰাব নোৱাৰি মুখ আধা-ধোৱাকৈয়ে ঠৰ্ লাগি চাই ৰল।—চাই চাই, চায়ে ৰল। এই দৰে প্ৰায় এখনমান তামোল খাবৰ পৰলৈকে চাই আছে, এনেতে জয়ন্তীয়ে তেওঁক দেখা পাই, পিচলৈ মেঘ-নেজীয়া চুলিৰ ঢৌ মেলি চঁকিত হৰিণীৰ দৰে ভিতৰলৈ লৰ মাৰিলে। সেই মুহূৰ্ত্তৰেপৰা ৰত্নেশ্বৰক আন এটা নতুন কথা, নতুন ভাব আৰু নতুন চিন্তাই জোকাৰিলৈ ধৰিলেহি। জয়ন্তী যে বয়সত এনে ৰূপৱতী হৈ উঠিব, ৰত্বেশ্বৰে আগেয়ে সপোনতো ভবা নাছিল। ৰত্নেশ্বৰে এতিয়া জয়ন্তীৰ ৰূপত মোহ গৈ লাহৰীৰ সম্বন্ধীয় ভাবনালৈ সেই মুহূৰ্ত্তৰ নিমিত্তে পাহৰি গল; আৰু তেওঁৰ গুপ্ত আয়োজনৰ চিন্তালৈ তেওঁ একেবাৰে পিঠি দি বহিল। ইমান দিনলৈকে ৰত্নেশ্বৰৰ হিয়া-পটত লাহৰীৰ মোহিনী মূৰ্তি অঙ্কিত আছিল, আজি ৰত্নেশ্বৰে সেই মূৰ্ত্তি ঢাকি তাৰ ওপৰত জয়ন্তীৰ মোহিনী চিত্ৰ আঁকিলে। ৰত্নেশ্বৰে তেওঁৰ পূৰ্বৰ ভ্ৰান্তি সুঁৱৰি অনুতাপ কৰিবলৈ ধৰিলে, আপোনাৰ চকুকে আপুনি নিন্দা কৰিবলৈ ধৰিলে; আৰু জয়ন্তীৰ মূৰ্ত্তি লাহৰীতকৈও মনমোহা বুলি আপোনা-আপুনি সহস্ৰবাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ইফালে জয়ন্তীৰ বিয়া যে অন্যৰে সৈতে স্থিৰ হৈ গৈছে, সেই কথা ৰত্নেশ্বৰে তেতিয়ালৈকে কব নোৱাৰে। কিয়নো, আগৰ দুদিন নিজৰ পাপ-কাৰ্য্যত লাগি থাকোঁতেই তেওঁ এতিয়াও জয়ন্তী আইতাকৰে সৈতে কথা-বাৰ্ত্তা পাতিবলৈ সময় পোৱা নাছিল। ভিতৰতে ভালেখিনি পৰলৈকে ৰত্নেশ্বৰে এইবোৰ কথাকে ভাবি-চিন্তি আছিল। তাৰ পাছত, তেওঁ ভিতৰ-চ’ৰালৈ আহি জয়ন্তীৰ আইতাকৰে সৈতে সাক্ষাৎ পাবৰ নিমিত্তে ভিতৰত কবলৈ