সমললৈ যাওক

মেঘনাদ সাহা/ৰাজনীতিত এজোবোৰা

ৱিকিউৎসৰ পৰা
[ ২১ ]
 


 

ৰাজনীতিত
এজোবোৰা



 ভাৰতত বিজ্ঞান গৱেষণাৰ পৰিকল্পনা, প্ৰতিষ্ঠা আৰু উন্নয়নৰ কামত মেঘনাদ সাহা বিভিন্ন সময়ত বিভিন্নভাৱে ৰাজনীতিজ্ঞ আৰু শাসকবৰ্গৰ সংস্পৰ্শলৈ আহিছিল। এলাহাবাদত থাকোতেই তেওঁৰ লগত জৱাহৰলাল নেহৰুৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। জাতীয় পৰিকল্পনাৰ ক্ষেত্ৰতো নেহৰু আৰু সাহাৰ সমান আগ্ৰহ আছিল। সাহাই দেশত শিল্পৰ দ্ৰুত প্ৰসাৰৰ ওপৰত গুৰুত্ব দিছিল। ব্যক্তিগতভাৱে নেহৰুও এই মতবাদৰ সমৰ্থক আছিল। কিন্তু কংগ্ৰেছৰ শীৰ্ষস্থানীয় বহু নেতাৰ দৰে নেহৰুৱেও গান্ধীজীৰ কুটিৰ শিল্পৰ গুৰুত্বৰ দিশটো ত্যাগ কৰিব খোজা নাছিল। ইয়াতেই মেঘনাদৰ লগত নেহৰুৰ মতান্তৰৰ সূত্ৰপাত। পৰৱৰ্তী কালত একাধিক কাৰণত এই মতান্তৰ, মনান্তৰ পৰ্যায় পায়গৈ। কংগ্ৰেছৰ চিন্তা আৰু কৰ্মৰ দীনতাৰ ওপৰত কৰা তীব্ৰ সমালোচনাৰ বাবে নেহৰু মেঘনাদৰ ওপৰত বাৰুকৈয়ে বিৰূপ হৈ উঠে। তদুপৰি শিক্ষা সংস্কাৰৰ ক্ষেত্ৰতো এই মতান্তৰে তীব্ৰ ৰূপ লয়। যুক্তি সহকাৰে মেঘনাদে দেখুৱাইছিল যে ভাৰত চৰকাৰে জাতীয় গৱেষণাগাৰসমূহৰ প্ৰতিষ্ঠা আৰু উন্নয়নত যি প্ৰচেষ্টা আৰু অৰ্থ ব্যয় কৰিছে, তাৰ যুক্তিযুক্ততা আছে ঠিকেই, কিন্তু সমান্তৰালভাৱে বিশ্ববিদ্যালয়সমূহৰ প্ৰচুৰ উন্নতি সাধন নকৰিলে জাতীয় গৱেষণাগাৰবোৰে মেধাবী বিজ্ঞানী ক'ৰ পৰা পাব?

 ১৯৪৮ চনত অধ্যাপক সাহা বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সদস্যৰূপে মনোনীত হয় ইয়াত তেওঁ আগবঢ়োৱা বিভিন্ন পৰামৰ্শৰ ভিতৰত এটা আছিল বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা। পৰৱৰ্তী কালত চৰকাৰে তেওঁৰ এই পৰামৰ্শ গ্ৰহণ কৰে।

[ ২২ ]  দেশৰ বিভিন্ন বিষয়ৰ সমালোচনা পৰ্যালোচনা আদি কৰোঁতে মেঘনাদে অনুভব কৰিলে যে, প্ৰতিবাদ, সমালোচনা প্ৰচাৰৰ বাবে তেওঁৰ ‘ছায়েন্স এণ্ড কালছাৰ’ পত্ৰিকাখনেই যথেষ্ট নহয়। ইয়াৰ বাবে প্ৰয়োজন আৰু এক বৃহত্তৰ মঞ্চৰ, য’ৰ পৰা সমগ্ৰ দেশবাশীয়েই তেওঁৰ বক্তব্য শুনিব পাৰে। এই চিন্তাৰেই ফলশ্ৰুতিত মেঘনাদ সাহাই সক্ৰিয় ৰাজনীতিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। নেহৰু তথা কংগ্ৰেছৰ লগত হোৱা মতানৈক্যৰ বাবে সাহাই বুজিব পাৰিছিল যে, কংগ্ৰেছৰ সৈতে যুক্ত হৈ থাকি তেওঁৰ পৰিকল্পনাৰ নীতি প্ৰচাৰ কৰা সম্ভৱ নহয়। তদুপৰি যঁতৰ আৰু খাদী বস্তুৰ তীব্ৰ বিৰোধীতা কৰা বাবে তেওঁ কংগ্ৰেছৰ মনোনয়নো পোৱা নাছিল। সেয়েহে সাহাই ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু বিপুল ভোটত জয়ী হৈ সংসদলৈ নিৰ্বাচিত হয়।

 মেঘনাদ সাহাৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ অন্তৰালত আছিল তেওঁৰ চাৰিত্ৰিক বিশেষত্ব আৰু তেওঁৰ জীৱন দৰ্শন। মেঘনাদৰ চাৰিত্ৰিক বিশেষত্ব আছিল : দেশপ্ৰেম, সামাজিক চেতনা, সাহস, কৰ্ম প্ৰৱণতা, স্বাধীনচেতীয়া তথা আপোচহীন অনমনীয় মনোভাব আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম। সাহাৰ জীৱন দৰ্শনৰ প্ৰধান কথা হ’ল বিজ্ঞান গৱেষণা তথা দেশ আৰু সমাজৰ সেৱাত তাৰ যথাযথ প্ৰয়োগ। বিজ্ঞান গৱেষণা, তাৰ উন্নতি আৰু প্ৰসাৰৰ সুবিধাৰ বাবেই তেওঁ ৰাজনীতিত প্ৰবেশ কৰিছিল।

 মেঘনাদ সাহাৰ সক্ৰিয় ৰাজনৈতিক জীৱন আছিল অল্পায়ু; মাত্ৰ তিনি বছৰ নমাহ। ১৯৫২ চনৰ মে' মাহত তেওঁৰ সংসদত প্ৰবেশ আৰু ১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু। এই কম সময়ৰ ভিতৰতে তেওঁ নানা বিষয়ত প্ৰগাঢ় জ্ঞান আৰু পাণ্ডিত্যৰ পৰিচয় দি সংসদত নিজকে সুপ্ৰতিষ্ঠিত কৰে। সংসদত তেওঁ পৰিকল্পনা, শিক্ষা, পাৰমাণৱিক শক্তি, নদী সমস্যা, ৰাজ্য পুনৰ গঠন, ভগনীয়া পুনঃসংস্থান আদি বিভিন্ন বিষয়ত সুচিন্তিত আৰু সাৰগৰ্ভ বক্তৃতা দিছিল।

 সংসদী সদস্য হৈ থকা সময়ছোৱাতে ১৯৫২ চনত সাহা বিজ্ঞান আৰু উদ্যোগীক গৱেষণা পৰিষদে গঠন কৰি দিয়া দিনপঞ্জী সংস্কাৰ সাধন সমিতিৰ (Calendar Reforms Committee) সভাপতি হয়। জ্যোতিৰ্বিজ্ঞানত সাহাৰ পাণ্ডিত্য প্ৰবাদসম। তেওঁৰ সভাপতিত্বত গঠিত সমিতিখনে এই বিষয়ত আগবঢ়োৱা পৰামৰ্শ অনুসৰি এক নতুন সংস্কৃত দিনপঞ্জী ৰচিত হয়।

[ ২৩ ]  সাহাৰ সভাপতিত্বত গঠিত দিনপঞ্জী সংস্কাৰ সাধন সমিতিখনে আগবঢ়োৱা পৰামৰ্শখিনি আছিল এনেধৰণৰ :

 “(১) একমানতা ৰক্ষা কৰি ৰাষ্ট্ৰীয় পঞ্জিকাত শকাব্দ ব্যৱহাৰ কৰিব লাগে। যেনে : ১৯৫৪ চনটো ১৮৭৫-৭৬ শকাব্দত পৰিব।

 (২) মহাবিষুব দিৱসৰ পাছ দিনাৰ পৰাই বছৰটো আৰম্ভ হ'ব লাগে।

 (৩) ৩৬৫ দিনে এবছৰ হ'ব আৰু অধিবৰ্ষত ৩৬৬ দিন থাকিব। শকাব্দত ৭৮ যোগ দি যোগফলক চাৰিৰে ভাগ কৰিলে যদি একো বাকী নাথাকে, তেনেহ'লে বছৰটো অধিবৰ্ষ (Leap Year) বুলি ধৰি ল'ব লাগিব। যদি যোগফল একৰ গুণিতক হয় তেনেহ'লে ই চাৰিশৰে বিভাজ্য হ'লেহে অধিবৰ্ষ হ’ব। অন্যথা ই সাধাৰণ বছৰেই হৈ থাকিব।

 (৪) চ’তেই বছৰৰ প্ৰথম মাহ হ’ব। চ'তৰ পৰা ভাদলৈকে প্ৰতিটো মাহ ৩১ দিনীয়া হ'ব আৰু আনবোৰ মাহ ৩০ দিনীয়া হ'ব।”

 ১৪০০ বছৰৰ আগৰে পৰা ঋতু-উৎসৱৰ দিন ২৩ দিনলৈ স্থানান্তৰিত হৈ আহিছে। কাৰণ সেইকালৰ পঞ্জিকা প্ৰণেতাসকলে বিষুবৰ গতি গণনা কৰা নাছিল। যদিও গোটেই স্থানান্তৰকৰণকে বাদ দিব পৰা যায়, আমি ইয়াক অপৰিৱৰ্তনীয় বিয়োগফল হিচাপে ধৰাটো সমীচিন বুলি ভাবিলো। ফলস্বৰূপে, ধৰ্মীয় উৎসৱৰ দিনবোৰৰ খেলিমেলি এতিয়া হ'বলৈ নাপায়।

 বেসামৰিক ব্যৱহাৰৰ বাবে সময় গণনা কৰিব লাগে মাজ নিশাৰ পৰা কেন্দ্ৰীয় স্থানলৈ (৮৮১/২ ডিগ্ৰী পূৱ দ্ৰাঘিমা আৰু ২৩.১১′ উত্তৰ অক্ষৰেখা) আৰু উৎসৱৰ ক্ষেত্ৰত স্থানীয় সুৰ্য্যোদয়ৰ সময় ধৰিলেই হ’ব।” (দ্ৰষ্টব্য : লক্ষ্মীনন্দন বৰা অনূদিত ‘মেঘনাদ সাহা’, নতুন দিল্লী, ১৯৮৯, পৃ. ৭৮)

 ভাৰতৰ বহুকেইখন ৰাজ্যই উপৰোক্ত পৰামৰ্শখিনি গ্ৰহণ কৰে। এই নতুন পঞ্জিকা যে যুক্তিসিদ্ধ আৰু নিৰ্ভুল সেইকথা ইতিমধ্যে স্বীকৃত হৈ গৈছে।

 বহুকেইখন সাৰগৰ্ভ গৱেষণাপত্ৰৰ উপৰি মেঘনাদ সাহাই কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইকেইখনৰ ভিতৰত 'তাপ বিজ্ঞানৰ সাৰগ্ৰন্থ' (A Treatise on Heat), 'আধুনিক পদাৰ্থ বিজ্ঞানৰ ইতিকথা' (An Introduction of Modern Physics), 'ভবিষ্যত সম্পৰ্কে পূৰ্ণচিন্তা' (Rethinking Our Future) আদিৰ নাম উল্লেখযোগ্য।

[ ২৪ ]


 ইয়াৰ পিছত আহিল সেই পৰম বিষাদৰ দিনটো। ১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

 সেইদিনাই গাড়ীৰ পৰা নামি ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ বাটত হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে এইজনা বিজ্ঞানসাধকৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ লগে লগে ভাৰতৰ বিজ্ঞান ইতিহাসৰ এক উজ্বল আৰু স্মৰণীয় অধ্যায়ৰো অন্ত পৰে।

 মেঘনাদ সাহা বিজ্ঞানৰ ইতিহাসৰ এক বিশাল অধ্যায়। তেওঁ এনে এক জীৱন কাহিনী এৰি থৈ গৈছে, যি সকলোৰে বাবে অনুকৰণীয়। সেই অনুকৰণীয় দিশটো হ’ল : জ্ঞান অন্বেষণৰ স্পৃহা, সহিষ্ণুতা, পৰিৱেশৰ লগত মিলি গৈ নিজৰ পৰিৱেশ তৈয়াৰ কৰি তোলাৰ অনমনীয় মানসিকতা, সীমাহীন সাহস আৰু স্বদেশিকতা।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।