দেশৰ বিভিন্ন বিষয়ৰ সমালোচনা পৰ্যালোচনা আদি কৰোঁতে মেঘনাদে অনুভব কৰিলে যে, প্ৰতিবাদ, সমালোচনা প্ৰচাৰৰ বাবে তেওঁৰ ‘ছায়েন্স এণ্ড কালছাৰ’ পত্ৰিকাখনেই যথেষ্ট নহয়। ইয়াৰ বাবে প্ৰয়োজন আৰু এক বৃহত্তৰ মঞ্চৰ, য’ৰ পৰা সমগ্ৰ দেশবাশীয়েই তেওঁৰ বক্তব্য শুনিব পাৰে। এই চিন্তাৰেই ফলশ্ৰুতিত মেঘনাদ সাহাই সক্ৰিয় ৰাজনীতিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। নেহৰু তথা কংগ্ৰেছৰ লগত হোৱা মতানৈক্যৰ বাবে সাহাই বুজিব পাৰিছিল যে, কংগ্ৰেছৰ সৈতে যুক্ত হৈ থাকি তেওঁৰ পৰিকল্পনাৰ নীতি প্ৰচাৰ কৰা সম্ভৱ নহয়। তদুপৰি যঁতৰ আৰু খাদী বস্তুৰ তীব্ৰ বিৰোধীতা কৰা বাবে তেওঁ কংগ্ৰেছৰ মনোনয়নো পোৱা নাছিল। সেয়েহে সাহাই ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু বিপুল ভোটত জয়ী হৈ সংসদলৈ নিৰ্বাচিত হয়।
মেঘনাদ সাহাৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ অন্তৰালত আছিল তেওঁৰ চাৰিত্ৰিক বিশেষত্ব আৰু তেওঁৰ জীৱন দৰ্শন। মেঘনাদৰ চাৰিত্ৰিক বিশেষত্ব আছিল : দেশপ্ৰেম, সামাজিক চেতনা, সাহস, কৰ্ম প্ৰৱণতা, স্বাধীনচেতীয়া তথা আপোচহীন অনমনীয় মনোভাব আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম। সাহাৰ জীৱন দৰ্শনৰ প্ৰধান কথা হ’ল বিজ্ঞান গৱেষণা তথা দেশ আৰু সমাজৰ সেৱাত তাৰ যথাযথ প্ৰয়োগ। বিজ্ঞান গৱেষণা, তাৰ উন্নতি আৰু প্ৰসাৰৰ সুবিধাৰ বাবেই তেওঁ ৰাজনীতিত প্ৰবেশ কৰিছিল।
মেঘনাদ সাহাৰ সক্ৰিয় ৰাজনৈতিক জীৱন আছিল অল্পায়ু; মাত্ৰ তিনি বছৰ নমাহ। ১৯৫২ চনৰ মে' মাহত তেওঁৰ সংসদত প্ৰবেশ আৰু ১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু। এই কম সময়ৰ ভিতৰতে তেওঁ নানা বিষয়ত প্ৰগাঢ় জ্ঞান আৰু পাণ্ডিত্যৰ পৰিচয় দি সংসদত নিজকে সুপ্ৰতিষ্ঠিত কৰে। সংসদত তেওঁ পৰিকল্পনা, শিক্ষা, পাৰমাণৱিক শক্তি, নদী সমস্যা, ৰাজ্য পুনৰ গঠন, ভগনীয়া পুনঃসংস্থান আদি বিভিন্ন বিষয়ত সুচিন্তিত আৰু সাৰগৰ্ভ বক্তৃতা দিছিল।
সংসদী সদস্য হৈ থকা সময়ছোৱাতে ১৯৫২ চনত সাহা বিজ্ঞান আৰু উদ্যোগীক গৱেষণা পৰিষদে গঠন কৰি দিয়া দিনপঞ্জী সংস্কাৰ সাধন সমিতিৰ (Calendar Reforms Committee) সভাপতি হয়। জ্যোতিৰ্বিজ্ঞানত সাহাৰ পাণ্ডিত্য প্ৰবাদসম। তেওঁৰ সভাপতিত্বত গঠিত সমিতিখনে এই বিষয়ত আগবঢ়োৱা পৰামৰ্শ অনুসৰি এক নতুন সংস্কৃত দিনপঞ্জী ৰচিত হয়।