সাহাৰ সভাপতিত্বত গঠিত দিনপঞ্জী সংস্কাৰ সাধন সমিতিখনে আগবঢ়োৱা পৰামৰ্শখিনি আছিল এনেধৰণৰ :
“(১) একমানতা ৰক্ষা কৰি ৰাষ্ট্ৰীয় পঞ্জিকাত শকাব্দ ব্যৱহাৰ কৰিব লাগে। যেনে : ১৯৫৪ চনটো ১৮৭৫-৭৬ শকাব্দত পৰিব।
(২) মহাবিষুব দিৱসৰ পাছ দিনাৰ পৰাই বছৰটো আৰম্ভ হ'ব লাগে।
(৩) ৩৬৫ দিনে এবছৰ হ'ব আৰু অধিবৰ্ষত ৩৬৬ দিন থাকিব। শকাব্দত ৭৮ যোগ দি যোগফলক চাৰিৰে ভাগ কৰিলে যদি একো বাকী নাথাকে, তেনেহ'লে বছৰটো অধিবৰ্ষ (Leap Year) বুলি ধৰি ল'ব লাগিব। যদি যোগফল একৰ গুণিতক হয় তেনেহ'লে ই চাৰিশৰে বিভাজ্য হ'লেহে অধিবৰ্ষ হ’ব। অন্যথা ই সাধাৰণ বছৰেই হৈ থাকিব।
(৪) চ’তেই বছৰৰ প্ৰথম মাহ হ’ব। চ'তৰ পৰা ভাদলৈকে প্ৰতিটো মাহ ৩১ দিনীয়া হ'ব আৰু আনবোৰ মাহ ৩০ দিনীয়া হ'ব।”
১৪০০ বছৰৰ আগৰে পৰা ঋতু-উৎসৱৰ দিন ২৩ দিনলৈ স্থানান্তৰিত হৈ আহিছে। কাৰণ সেইকালৰ পঞ্জিকা প্ৰণেতাসকলে বিষুবৰ গতি গণনা কৰা নাছিল। যদিও গোটেই স্থানান্তৰকৰণকে বাদ দিব পৰা যায়, আমি ইয়াক অপৰিৱৰ্তনীয় বিয়োগফল হিচাপে ধৰাটো সমীচিন বুলি ভাবিলো। ফলস্বৰূপে, ধৰ্মীয় উৎসৱৰ দিনবোৰৰ খেলিমেলি এতিয়া হ'বলৈ নাপায়।
বেসামৰিক ব্যৱহাৰৰ বাবে সময় গণনা কৰিব লাগে মাজ নিশাৰ পৰা কেন্দ্ৰীয় স্থানলৈ (৮৮১/২ ডিগ্ৰী পূৱ দ্ৰাঘিমা আৰু ২৩.১১′ উত্তৰ অক্ষৰেখা) আৰু উৎসৱৰ ক্ষেত্ৰত স্থানীয় সুৰ্য্যোদয়ৰ সময় ধৰিলেই হ’ব।” (দ্ৰষ্টব্য : লক্ষ্মীনন্দন বৰা অনূদিত ‘মেঘনাদ সাহা’, নতুন দিল্লী, ১৯৮৯, পৃ. ৭৮)
ভাৰতৰ বহুকেইখন ৰাজ্যই উপৰোক্ত পৰামৰ্শখিনি গ্ৰহণ কৰে। এই নতুন পঞ্জিকা যে যুক্তিসিদ্ধ আৰু নিৰ্ভুল সেইকথা ইতিমধ্যে স্বীকৃত হৈ গৈছে।
বহুকেইখন সাৰগৰ্ভ গৱেষণাপত্ৰৰ উপৰি মেঘনাদ সাহাই কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইকেইখনৰ ভিতৰত 'তাপ বিজ্ঞানৰ সাৰগ্ৰন্থ' (A Treatise on Heat), 'আধুনিক পদাৰ্থ বিজ্ঞানৰ ইতিকথা' (An Introduction of Modern Physics), 'ভবিষ্যত সম্পৰ্কে পূৰ্ণচিন্তা' (Rethinking Our Future) আদিৰ নাম উল্লেখযোগ্য।