মেঘনাদ সাহা/ৰাজহুৱা জীৱনত প্ৰৱেশ

ৱিকিউৎসৰ পৰা
[ ১৮ ]
 


 

ৰাজহুৱা জীৱনত
প্ৰৱেশ



 ১৯৩৮ চনৰ জুলাই মাহত সাহাই কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰূপে যোগদান কৰেহি। এলাহাবাদত সাহাই যথোপযুক্ত আৰু মনোমত গৱেষণাৰ পৰিবেশ পোৱা নাছিল। তেওঁ ভিতৰি ভিতৰি অস্থিৰ হৈ পৰিছিল। এলাহাবাদৰ তুলনাত কলিকতাৰ বিদ্বৎ সমাজখন আছিল ব্যাপক আৰু বিচিত্ৰ। সেয়েহে কলিকতাত সাহাই এখন প্ৰশস্ত কৰ্মক্ষেত্ৰ বিচাৰি পাইছিল। লগতে তেওঁৰ কৰ্মদক্ষতা প্ৰকাশৰো অবাধ সুযোগ লাভ কৰিছিল।

 বিভাগীয় মুৰব্বীৰূপে যোগদান কৰিয়েই সাহাই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন সাধি তাক আধুনিক বিজ্ঞান চৰ্চাৰ উপযোগী কৰি তোলে। সেই সময়ছোৱাতে তেওঁ প্ৰথমেই পৰীক্ষামূলক গৱেষণাৰ কামত মনোনিবেশ নকৰি কিছুদিনৰ বাবে তাত্ত্বিক পদাৰ্থবিদ্যাৰ গৱেষণাত মনোনিবেশ কৰে। ইতিমধে৷ ক্ৰমশঃ তেওঁ নিউক্লিয় পদাৰ্থবিদ্যাৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে। দূৰদৰ্শী বিজ্ঞানী মেঘনাদ সাহাই বুজিব পাৰিছিল যে অদূৰ ভৱিষ্যতে নিউক্লিয় পদাৰ্থবিদ্যাৰ গৱেষণাই উত্তৰোত্তৰ প্ৰাধান্য পাব।

 একাধিকবাৰ বিদেশলৈ যাওঁতে সেইবোৰ দেশত চলা নিউক্লিয় পদাৰ্থবিদ্যাৰ অগ্ৰগতি দেখি সাহাৰ অন্তৰতো নিউক্লিয় পদাৰ্থবিদ্যাৰ গৱেষণাৰ বীজ অংকুৰিত হৈছিল। এলাহাবাদত তেওঁ ইয়াৰ প্ৰকাশৰ সুযোগ পোৱা নাছিল। কলিকতাত সাহাই তেওঁৰ প্ৰত্যাশা পূৰণৰ ক্ষেত্ৰ বিচাৰি পালে। কলিকতাতে তেওঁ নিউক্লিয় পদাৰ্থবিদ্যাৰ উচ্চতৰ গৱেষণা কৰিবৰ বাবে এটি চাইক্ল ট্ৰন যন্ত্ৰসহ গৱেষণাগাৰ নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিলে।

 ১৯৪৭ চনত সাহাই ভাৰত চৰকাৰ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা [ ১৯ ] কলিকতাতে নিউক্লিয় পদাৰ্থবিদ্যাৰ গৱেষণাগাৰ স্থাপনৰ বাবে প্ৰভৃত আৰ্থিক আৰু অন্যান্য সাহায্য লাভ কৰিলে। কোৱা বাহুল্য, চাইক্ল 'ট্ৰনক কেন্দ্ৰ কৰি এটি আন্তৰ্জাতিক মানৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰাটো আছিল অধ্যাপক সাহাৰ বহুদিনীয়া সপোন। এই সপোনৰ পৰাই ভাবীকালৰ 'নিউক্লিয় পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান'ৰ (Institute of Nuclear Physics) জন্ম। ১৯৪৮ চনৰ ২১ এপ্ৰিলত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। বিজ্ঞান চৰ্চাৰ পৰিকল্পনা আৰু প্ৰসাৰত এই প্ৰতিষ্ঠানকেই সাহাৰ অক্ষয় কীৰ্তিৰূপে স্বীকৃতি দিয়া হয়। সাহাৰ মৃত্যুৰ পিছত এই গৱেষণাকেন্দ্ৰ আজি ‘সাহা নিউক্লিয় পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান’ (Saha Institute of Nuclear Physics) নামেৰে খ্যাত।

এলাহাবাদত বিজ্ঞানীসকলৰ লগত মেঘানাদ সাহা ১৯৩৮

  অধ্যাপক সাহাই ভাৰতত পোন প্ৰথমবাৰৰ বাবে নিউক্লিয় পদাৰ্থবিদ্যাক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰে। আগ্ৰা, এলাহাবাদ আৰু কলিকতা বিশ্ববিদ্যালয় এই ক্ষেত্ৰত বাটকটীয়া। পৰৱৰ্তী কালত সাহাই অন্যান্য বিশ্ববিদ্যালয়তো আধুনিক পদাৰ্থবিদ্যাৰ পাঠ্যক্ৰমত নিউক্লিয় পদাৰ্থবিদ্যা অন্তৰ্ভুক্ত কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰে।

  ইয়াৰ উপৰি তেওঁ ভাৰতৰ সৰ্বপ্ৰথম বিজ্ঞান গৱেষণাগাৰ 'ইণ্ডিয়ান এছ’চিয়েছন ফৰ দি কালটিভেশ্বন অব ছায়েন্স’ৰ প্ৰভূত সম্প্ৰসাৰণ আৰু উন্নতি [ ২০ ] সাধন কৰে। প্ৰসংগতঃ উল্লেখযোগ্য যে ১৮৭৬ চনতে প্ৰতিষ্ঠিত এইটো গৱেষণাগাৰতে চি ভি ৰমনে তেওঁৰ বিখ্যাত 'ৰমন পৰিঘটনা' (Raman Effect) আৱিষ্কাৰ কৰিছিল। ১৯৫০ চনৰ পৰা মৃত্যুৰ সময়লৈকে অধ্যাপক সাহা এই গৱেষণাগাৰৰ সঞ্চালক আছিল।

  ‘নিউক্লিয় পদাৰ্থবিদ্যা প্ৰতিষ্ঠান' আৰু 'ইণ্ডিয়ান এছ'চিয়েশ্বন ফৰ দি কালটিভেশ্বন অব ছায়েন্স'—এই দুটা গৱেষণাগাৰ সাহাৰ প্ৰচুৰ সাংগাঠনিক প্ৰতিভাৰ উজ্বল স্বাক্ষৰ।

  ১৯৪৫ চনত হোমি জাহাংগীৰ ভাবাৰ সভাপতিত্বত ভাৰতৰ পৰমাণু শক্তি প্ৰকল্প সমিতি গঠিত হয়। মেঘনাদ সাহা এই সমিতিৰ সদস্য আছিল। সমিতিখনৰ আন দুজন সদস্য আছিল শান্তিস্বৰূপ ভাটনগৰ আৰু নছলি ওৱাদিয়া।

  ১৯৪৮ চনত ভাৰত চৰকাৰে পাৰমাণৱিক শক্তি আয়োগ গঠনৰ বাবে অধ্যাপক সাহাৰ অভিমত বিচাৰে। সাহাই দ্ব্যৰ্থহীন ভাষাত ইয়াৰ বিৰোধীতা কৰে। সাহাৰ মতে, (ক) দেশত বিদ্যুৎ শিল্পৰ যথেষ্ট উন্নতি নোহোৱাকৈ আৰু শিল্পৰ গাঁথনি তৈয়াৰ নকৰাকৈ পাৰমাণৱিক শক্তি উৎপাদন সম্ভৱ নহয়। (খ) ভাৰতত পাৰমাণৱিক শক্তি আয়োগ গঠন কৰাৰ আগতে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে উপযুক্ত বিজ্ঞানী আৰু ইঞ্জিনিয়াৰসকলক বিদেশত প্ৰশিক্ষণ দি অনা উচিত আছিল। ভাৰত চৰকাৰে সাহাৰ মতবাদক গ্ৰাহ্য় নকৰি পাৰমাণৱিক শক্তি আয়োগ গঠন কৰিলে। হোমি জাহাংগীৰ ভাবা এই আয়োগৰ অধ্যক্ষ হয়। দুৰ্ভাগ্যৰ কথা, এইদৰেই ভাৰতত পাৰমাণৱিক শক্তি প্ৰকল্পৰ মূল সুঁতিৰ পৰা মেঘনাদ সাহা বাহিৰতে ৰৈ গ’ল।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।