মেঘনাদ সাহা/মেঘনাদ সাহা:সংক্ষিপ্ত জীৱন-পঞ্জী

ৱিকিউৎসৰ পৰা
[ ২৬ ]
 


 

মেঘনাদ সাহাঃ
সংক্ষিপ্ত জীৱন-পঞ্জী



১৮৯৩ : ৬ অক্টোবৰ : ঢাকাৰ ওচৰৰ শেওৰাতলী গাঁৱত মেঘনাদ সাহাৰ জন্ম।

১৯০৫ : ঢাকা কলেজিয়েট বিদ্যালয়ত নাম ভর্তি। ঐতিহাসিক বংগ ভংগ

 আন্দোলন আৰম্ভ।

১৯০৯ : পূৰ্ববংগৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি প্রবেশিকা পৰীক্ষাত

  উত্তীর্ণ। ঢাকা কলেজৰ ইন্টাৰমেডিয়েট শ্ৰেণীৰ বিজ্ঞান শাখাত নাম ভর্তি।

১৯১১ : বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি ইন্টাৰমেডিয়েট পৰীক্ষাত

 উত্তীর্ণ।

 কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ স্নাতক শ্ৰেণীত নাম ভর্তি।

১৯১৩ : গণিতত সন্মানসহ প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতক

 পৰীক্ষাত উত্তীর্ণ।

১৯১৫ : প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

 কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক গণিতৰ প্ৰবক্তাৰূপে যোগদান।

১৯১৬ : কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তাৰূপে যোগদান।

১৯১৭ : সাহাৰ প্ৰথমখন গৱেষণাপত্র ‘মেক্সৱেলৰ প্ৰতিচাপ' (Maxwell's

 Stress) ফিল'ছ'ফিকেল মেগাজিনত প্রকাশ। [ ২৭ ]
 

১৯১৮ : ১৬ জুন : নাৰায়ণগঞ্জৰ ৰাধাৰাণীৰ লগত বিবাহ।

১৯১৯  : আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্বৰ বিষয়ে জাৰ্মান ভাষাত লিখা

 গৱেষণাপত্ৰসমূহ মেঘনাদ সাহা আৰু সত্যেন্দ্ৰনাথ বসুৰে কৰা ইংৰাজী

 অনুবাদ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশ। কলিকতা

 বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অব ছায়েন্স ডিগ্ৰী (D.Sc.) লাভ।

 ‘নাক্ষত্ৰিক বৰ্ণালীৰ হাভাৰ্ড শ্ৰেণী বিভাগ' শীৰ্ষক গৱেষণা পুস্তিকাৰ বাবে

 প্ৰেমচান্দ ৰায়চান্দ বৃত্তি লাভ।

 ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব’ শীৰ্ষক গৱেষণাপত্ৰ প্ৰকাশ।

১৯২০ : ‘নাক্ষত্ৰিক বৰ্ণালীত পোৱা ৰেখাসমূহৰ উৎস' শীৰ্ষক গ্ৰন্থৰ বাবে

 কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানজনক গ্ৰিফিট বঁটা লাভ।

 তাপজনিত আয়নন তত্ত্বৰ প্ৰকাশ

 ইউৰোপ যাত্ৰা।

১৯২১ : কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে

 যোগদান।

১৯২২ : জ্যেষ্ঠ পুত্ৰ অজিত সাহাৰ জন্ম।

১৯২৩ : পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰূপে এলাহাবাদ

 বিশ্ববিদ্যালয়ত যোগদান।

 দ্বিতীয় পুত্ৰ ৰঞ্জিতৰ জন্ম।

১৯২৬ : ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ গণিত আৰু পদাৰ্থ বিজ্ঞান শাখাৰ

 সভাপতি।

১৯২৭ : লণ্ডনৰ ফেল’ অব দি ৰয়েল ছচাইটিৰূপে নিৰ্বাচিত।

১৯৩০ : মেঘনাদ সাহাৰ সভাপতিত্বত এলাহাবাদত ‘যুক্ত প্ৰদেশ বিজ্ঞান

 একাডেমী’ স্থাপিত।

১৯৩৩ : তৃতীয় পুত্ৰ প্ৰসেনজিতৰ জন্ম।

১৯৩৪ : ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতিৰূপে নিৰ্বাচিত।

 
[ ২৮ ]
 
১৯৩৪ : 'যুক্তপ্ৰদেশ বিজ্ঞান একাডেমী’ক ‘'ৰাষ্ট্ৰীয় বিজ্ঞান

 একাডেমী 'ৰূপে নামকৰণ।

১৯৩৫ : 'ছায়েন্স এণ্ড কালছাৰ' পত্ৰিকা প্ৰকাশ।

১৯৩৬ : আমেৰিকা আৰু ইউৰোপ ভ্ৰমণ।

১৯৩৭-৩৯ :  নেছনেল ইনষ্টিউট অব ছায়েন্স অব ইণ্ডিয়াৰ সভাপতি।

১৯৩৮ : জুলাই : কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান

 বিভাগৰ মুৰব্বীৰূপে যোগদান।

১৯৪৫ : ভাৰতীয় পৰমাণু শক্তি প্ৰকল্প সমিতি গঠন। মেঘনাদ সাহা এই

 সমিতিৰ সদস্যৰূপে মনোনীত।

১৯৪৮ : ২১ এপ্ৰিল : নিউক্লিয় পদাৰ্থ বিজ্ঞান প্ৰতিজ্ঞানৰ জন্ম।

 বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ সদস্য।

১৯৫১-৫২ : সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা; সংসদৰ সদস্যৰূপে মনোনীত॥

১৯৫২ : সাহাৰ সভাপতিত্বত “দিনপঞ্জী সংস্কাৰ সমিতি' গঠন।

১৯৫৬ : ১৬ ফেব্ৰুৱাৰী : ৬৩ বছৰ বয়সত নতুন দিল্লীত

 মৃত্যু।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।