পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়।

পাছত মোৰপৰা তেওঁলোকৰ গুণ বৰ্ণনা শুনিবা, তেতিয়াই জানিবা কাক কিমান ভাল পাওঁ।”

 নেৰীচাই এটি এটিকৈ নাম কৈ যাবলৈ ধৰিলে আৰু পোৰ্শ্বিয়াই প্ৰত্যেকজনৰ গুণ বৰ্ণনা কৰি যাবলৈ ধৰিলে। কব নেলাগে যে তাৰ এজনকো পোৰ্শ্বিয়াৰ ভাল নেলাগে, তেওঁলোক গলেই তেওঁ ৰক্ষা পায়।

 পোৰ্শ্বিয়া—“মই যদি বুঢ়ীও হৈ যাওঁ, মোৰ সতীত্ব কেতিয়াও নেযায়, আৰু মোক যি বিয়া কৰাব, পিতৃৰ ইচ্ছানুৰূপেই হে বিয়া কৰাব, আন কোনোৰূপে মই বিবাহত সম্মত নহওঁ।”।

 নেৰীচা—“আপোনাৰ মনত নাই নে, আইদেও, আপোনাৰ দেৱতা ডাঙৰীয়াৰ জীবিতাৱস্থাত মাৰ্কইচ্ অৱ মফেৰাৰ লগত ভেনিচৰপৰা অহা সেই বিদ্বান আৰু বীৰ পুৰুষটিক?”

 পোৰ্শ্বিয়া—“এৰা, এৰা, বেচানিও, সেয়ে তেওঁৰ নাম আছিল।”

 নেৰীচা—“আইদেও, মই যিমান মানুহ দেখিছোঁ, সকলোতকৈ সেই তেওঁৱেই সুন্দৰী এজনা লভিবৰ উপযুক্ত পাত্ৰ।”

 পোৰ্শ্বিয়া—“মোৰ তেওঁক বেছ সুন্দৰকৈ মনত আছে আৰু তেওঁ তোমাৰ প্ৰশংসাৰ যোগ্য পাত্ৰ।”

 এনেকৈ কথা কৈ থাকোঁতেই এটা লিগিৰা আহি বাতৰি দিলে যে, যি চাৰিজন পুৰুষ তাত সেই সময়ত আছিল, তেওঁলোকে পোৰ্শ্বিয়াৰপৰা বিদায় লবলৈ প্ৰতীক্ষা কৰি আছে; আৰু মৰকোৰ ৰাজকোৱঁৰে তেওঁৰ আগমন জনাবলৈ এজন দূত পঠাইছে, লিগিৰাই ইয়াকো কলে।

 পোৰ্শ্বিয়া—“এই চাৰিজনক যি উল্লাসেৰে বিদায় দিওঁ, তেনে উৎফুল্ল হৃদয়েৰে যদি এই পঞ্চমজনক অভ্যৰ্থনা কৰিব পাৰোঁ, তেনেহলে তেওঁৰ অহাত আনন্দ লভিম। তেওঁ যদিও ঋষিতুল্য মানুহ হয় আৰু তেওঁৰ