পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়।

তিনি হাজাৰ ডাকাট্‌ তিনি মাহৰ ভিতৰত ওভোতাই দিম। দি পাৰিবি নে?”

 ইত্যাদি কথা-বতৰাৰ পাচত টকা দিয়াৰ স্থিৰ হল। শ্বাইলকে কলে, যেতিয়া এণ্টোনয়ো ডাঙৰীয়া বাঢ়ি দিয়া লোৱাৰ বিৰোধী, তেতিয়া সিও নলয়, কিন্তু এনেয়ে ধেমালি কৰি ৰঙতে দলিলত লেখি দিব লাগিব যে, যদি কোনো নিৰ্দ্ধাৰিত দিন, ঠাই আৰু সময়ত, নিৰ্দিষ্ট টকাখিনি দিয়া নহয়, শ্বাইলকে এন্টোনিয়োৰ শৰীৰৰ যৰেপৰা ইচ্ছা তাৰেপৰা আদসেৰ মঙহ কাটি লব। এণ্টোনিৱে তাত সম্মতি প্ৰকাশ কৰাত বাচানিৱে কলে যে, তেওঁৰ বাবে এই অঙ্গীকাৰ-পত্ৰ এণ্টোনিৱে কেতিয়াও যেন নেলেখে। এণ্টোনিৱে তেওঁক কোনো চিন্তা কৰিবলৈ মানা কৰিলে; কিয়নো, দুমাহৰ ভিতৰত তেওঁৰ জাহাজ নিশ্চয় উভতি আহিব আৰু তেতিয়াও অঙ্গীকাৰ-পত্ৰত লিখিত ঋণ পৰিশোধ কৰিবলৈ এমাহ সময় থাকিব। সেই দেখি সেইৰূপেই কৰা হল।

⸻:o:⸻


তৃতীয় অধ্যায়।

 পোৰ্শ্বিয়াৰ অগাধ সম্পত্তি। তেওঁ অতুল ঐশ্বৰ্য্যৰ অধিকাৰিণী। এই ঐশ্বৰ্য্যৰ আৰু তাৰ লগত পোৰ্শ্বিয়াক নিজৰ কৰিবৰ নিমিত্তে পৃথিবীৰ নানান্ দেশৰপৰা নানান্ ডেকা পোৰ্শ্বিয়াৰ প্ৰাসাদত গোট খাইছিল। মৰোকোৰ ৰজা, ইংলণ্ড, জৰ্ম্মেনী, ফ্ৰান্স্, স্কটল্যাণ্ড আদি নানান্ দেশৰ মানুহ আহি পোৰ্শ্বিয়াৰ ওচৰ চাপিছিল। কিন্তু—এই “কিন্তু” আৰু “যদি” এই দুটা কথা পৃথিবীৰ বহুতো অনৰ্থৰ মূল। পোৰ্শ্বিয়াৰ বিয়াৰ বিষয়তো এই “কিন্তু” আহি তেওঁক অতি বিৰক্ত আৰু দুখ দিছিল।