পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভেনিচৰ সাওদ।

তেওঁৰ সহচৰী নেৰীচাই তেওঁৰ মনৰ ভাৱ বেছকৈ বুজিছিল। পোৰ্শ্বিয়াই কোনো দৰাকে ইচ্ছা কৰি মনোনীত কৰিব নোৱাৰে— কিয়নো, তেওঁৰ পিতৃয়ে মৃত্যুৰ সময়ত এই দৰা মনোনীত কৰা বিষয়ত তেওঁক এটি বন্ধবস্তৰ ভিতৰত পেলাই থৈ গৈছিল। সেই বন্ধবন্তৰ বশবৰ্ত্তী হৈয়েই তেওঁ বিয়া কৰাব লাগিছিল। তেওঁৰ পিতৃয়ে এটি সোণ, এটি ৰূপৰ, এটি সীহৰ সৰু পেৰাত তেওঁৰ অভিপ্ৰায় কবিতাত লেখি থৈ গৈছিল আৰু এটিত পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্তি আছিল—যি জন পুৰুষেই ঠিক পেৰাটো মুকলি কৰিব, তাতে সেই অভিপ্ৰায় কবিতাত লেখা দেখি পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্ত্তি আছে নে নাই দেখি বুজ পাব, পোৰ্শ্বিয়াক পাব নে নেপাব।

 নেৰীচা পোৰ্শ্বিয়াৰ সহচৰী আৰু শুভাকাঙ্ক্ষিণী। পোৰ্শ্বিয়াই এদিন বেজাৰ কৰি এই চুক্তিৰ কথা কোৱা শুনি নেৰীচাই তেওঁৰ মনত সান্ত্বনা দিবৰ বাবে কলে, “আইদেও, আপনি কিয় মনত বেজাৰ কৰিছে? সঁচা, আপুনি কোনো পুৰুষক ইচ্ছা মতে বিয়া কৰাবও নোৱাৰে আৰু নকৰাওঁ বুলিও কব নোৱাৰে। কিন্তু সেইগুণে আপুনি দুখ নকৰিব, আপোনাৰ দেৱতাক পাপশূন্য মহৎ লোক আছিল আৰু এনে মানুহৰ মৃত্যুকালৰ ইচ্ছা সদাই সৎ হয়। তেখেতে যেতিয়া এনে চুক্তি কৰি থৈ গৈছে, আপুনি সঁচাকৈয়ে জানিব আপুনি যি পুৰুষক ভাল পায়, তেওঁৱেই হে ঠিক সেই পেৰাটি মেলি আপোনাক আপোন কৰিব। ইয়াৰ অন্যথা কেতিয়াও নহয়।”

 এনে আশ্বাস বাক্যৰ পাছত নেৰীচাই পোৰ্শ্বিয়াক শুধিলে, “আইদেও, এতিয়া যি কেজন পুৰুষ আপোনাৰ পাণিগ্ৰহণেচ্ছু হৈ আহিছে, আপোনাৰ তেওঁলোকক কেনে লাগে?”

 পোৰ্শ্বিয়া—“এটা এটাকৈ তুমি নাম কৈ যোৱাঁচোন, প্ৰতি নামৰ