ভূত নে ভ্ৰম/প্ৰথম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভূত নে ভ্ৰম
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[  ]

ভুত নে ভ্ৰম।
জুৰণি (page 6 crop)center
১। অঙ্ক।
⸺🢔●🢖⸺
প্ৰথম পট।
(পথাৰৰ বঙ্গিয়া)

⸺🢔●🢖⸺
হালোৱা আৰু জালোৱা।

হালোৱা।—(কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ!

জালোৱা।—(উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ?

হালোৱা।—(উভতি চাই ভেকাহি মাৰি) কোন্ অ এইটো, পিচৰপৰা ভুতে হেঁকাৰাদি হেঁকাৰিছ! নহওঁ কাতিয়া, যা। নহওঁ মই তোৰ কাতিয়া-ককাই।

জালোৱা।—হেৰৌ, যেয়ে কি নহৱ, ৰবিঔ ৰবি, ময়ো গৈছোঁ। অসন্তক ৰবি। বধ লাগে, ৰৈ যা ককাইটি!

হলোৱা।—আহি থাক্। তোলৈ আকৌ ৰব কোন্ দুপৰীয়া ভোকত! [ ১০ ] জালোৱা।— হেৰৌ, বধ লাগে, অসন্তক ৰবিঔ৷ মোকো লৈ যা ককাইটিঐ!

হালোৱা।— কেনেখন কৰে এইপাটে! তোক আকৌ লৈ যাব কোনে? দুপৰীয়া ভোকত নাঙ্গল-যুৱলিৰ ভাৰেই কান ছিঙ্গি নিছে, তোক আকৌ কওঁ কোনখন কানত?

জালোৱা।— নহয় হেৰৌ, ককাইটি, মোক কানত লব নেলাগে; লগ হে দিব লাগে। ৰবি, অসন্তক ৰবি।

হালোৱা।— আও! এই হেন দিন-দুপৰত তোক লগ লগা হল নে? অকলে আহিব নোৱাৰ নে? মতা নহৱ নে কি? নাই, তোক কিহবাই পাইছে?

জালোৱা।— ককাইটিঐ, কিনো কম। এই দিন-দুপৰতে মোক সঁচাকৈয়ে ভুতে পাইছিলহি! ৰবিচোন, শুনচোন৷

হালোৱা।— দেখিছানে বাৰু! কালি ৰাতিও খাবলৈ নহল একো। লঘোনীয়া গা! এই দুপৰ ভাটি দিয়ালৈকে হাল বাই পথাৰত বোকা দি আহিছোঁ। ভোকে-ভাগৰে মোক অথিৰ কৰিছে! হেৰ, তই পিচে পিচে আহি থাক। মই ৰব নোৱাৰোঁ বুপাই।

জালোৱা।— নহয়, হেৰঔ ককাই, মোক পিচ পেলাই নেযাবিঔ। হেৰ, তোৰ মূৰকে সাৱ, ৰবি৷ মোৰ লৰাহঁতৰ শপত অসন্তক ৰবি। হেৰ, যাৱ যদি, ঘৈণীয়েৰৰ মূৰতে ভৰি দি যাৱ। নেযাবিঔ, ৰবি, ৰবি, ময়ো গৈছোঁ৷ (লৰি গৈ হালোৱাৰ পোন্ধত ধৰি ওলমি পৰেগৈ)।

হালোৱা।— উঃ, কি অপদে পালে! হেৰ, কিহে নো পাইছিল তোক? —ক’তা? —কেতিয়া? (চঁক লৈ) হুঁ, কেনেকৈ? —কচোন। ৰৈছোঁ বাৰু, ক।—ঔ আই! মোৰ গাটোও জিকাৰি উঠেচোন! তোৰ গাতে কিবা এটা লাগি আহিছে হব পায়! [ ১১ ] জালোৱা।— ককাইটিঔ, পাইছিলহি আচলটোৱেই! জাল-জৰি পোই কথমপি হে সাৰি আহিছোঁ। ৰবি, ৰবি।

হালোৱা।— ৰৈছোঁ,ক, কচোন, কি নো সেইটো।

জালোৱা।— আচলটোৱেই ককাই। জলবাঁক্ সেইটো! ঔ আই! তাৰ দাঁত আৰু নখ কেচটা! মোৰ পিচে পিচে আহিয়েই আছে হব পায়! (উচাপ্ খাই উঠে)।

হালোৱা।— হয় নে কি? সি মায়াপী হৈ আহি আছে হব পায়! মোৰ গাটোচোন কেনেবা কেনেবা লাগি গৈছে! হেৰ, কৰোঁ কি? কলৈ যাওঁ? কি কৰোঁ এতিয়া! কেনি পলাওঁহঁক। (কানৰ নাঙ্গল-যুৱলি পেলাই জালোৱাক গবা মাৰি ধৰে)।

জালোৱা।— সঁচা, বাঁক্ মায়াপী ককাই! সি থিতাতে ওলায়, থিতাতে নাইকিয়া হয়, মোৰ গাতে লাগি আহিছেই কি জানি, কিনো ঠিক্। কিবা ছঁয়াময়াখন দেখোঁচোন। ভুত ছঁয়াতে ময়া হৈ সোমায় (গবাগবিকৈ দুয়ো কঁপিবলৈ ধৰে)।

(মুক্তিনাথৰ প্ৰবেশ)

মুক্তি।— (উপলুঙ্গাকৈ) কি হৈছে অ, তহঁতৰ? হৈছে কি?

জালোৱা।— কিনো সোধা বোপাটি! যি হব লাগে হৈছে আৰু! কবলৈ কথাই নোলায়!

হালোৱা।— এৰা, বোপাদৌতা, তোমাক দেখিহে ধাতুটো আহিছে!

মুক্তি।— কিয়? মইনো তোৰ ধাতুটো কেনেকৈ আনিলোঁ আকৌ?

হালোৱা।— এৰা, তিনটা মুনিহ দেখিলে ওচৰ নেচাপে নহয়।

মুক্তি।— কিনো ওচৰ চপাৰ কথা কৈছ? ক’তা, আৰু দেখোন কাকো দেখা নাই। [ ১২ ] জালোৱা।— কেনেকৈ দেসিবা, বোপাটি! ভুত যে ময়াপী?

মুক্তি।— ভুত নো কি? ময়াপী আকৌ কেনেকুৱা? মইচোন আজিলৈকে কোনো ময়াপী ভূত দেখা নাই। দেখুৱাব পাৰ নে? পাৰ যদি মই বক্সিচ্ দিম।

জালোৱা।— থোৱাঁ থোৱাঁ, তোমাৰ খ্ৰীষ্টানী কথাবোৰ। ময়াপীক আকৌ দেসিবা কেনেকৈ? নেদেসা হবলৈ তো ময়াপী হয়। তেনেবোৰ কাণত নোখোমোৱা কথা নকবা দেও হে। লেখা-পঢ়া শিকি তোমোলাকৰ বুধিবোৰ উলটিছে যেন দেসিছোঁ!

হালোৱা।— বাপাটি! নেজানা নে, দেও-ভুত বুলিলে থিতাতে ওলায়, থিতাতে লুকায়। সেই গুণে সেইবোৰক ময়াপী বোলে। কলিকতালৈকে পঢ়িও ইমানটো কথাকে নেজানা নে? দৌতাৰৰ ধনবোৰ মিছাতে ভাঙ্গিলাগৈ, নহয়?

মুক্তি।— অ, তহঁতক এতিয়া কিবা দেও-ভুতে পাইছে নে কি?

জালোৱা।— আকৌ নো কি? বেলে, “কওঁতেই কলা যঁতৰতে শলা”!

হালোৱা। — সেই দেখি তো কৈছোঁ, বোলোঁ এতিয়া আৰু ভয় নাই, বোপাৰে সৈতে আমি তিনটা হলোহঁক বাপেকে।

মুক্তি।— (মনতে) হাঁয়, কি ঘোৰ অন্ধবিশ্বাস! কি বিষম ভ্ৰম! ভুত বিশ্বাসে আমাৰ গাওঁ ডুবালে! কেনেকৈ উদ্ধাৰ কৰা যায়? (ফুটাই) বাৰু, বিতত্ নহবিচোনহঁক। মোক ভুত এটা এদিন দেখুৱাব পাৰিবিনেহঁক?

জালোৱা।— কিয়। আজিয়েই পাৰিলোহেঁতেন নহয়। অসম্ভকৰ আগতে মোক যিটো হে জলবাঁকে লগ পাইছিল! কিনে কম বোপাটি! দেসা হলে বিচুৰ্ত্তি হলাহেঁতেন। [ ১৩ ] হালোৱা।— দেখুৱাম বাৰু এদিন। দেখিবা, ভুত নো কেনেকুৱা! সেইবোৰ- চোন বাটে-গছে, খালে-বিলে, পথাৰে-পামে যতে-ত’তে ভুতেই হে। আপোনালোকে জিলাৰপৰা কেনেকৈ দেখিবা?

মুক্তি।— “বাৰু,দেখুৱাবি। দেখিলে হে বুজি, ভুত নো কি।

জালোৱা।— বাৰু, হৈছে এতিয়া। আহাঁ, বোপা, যাওঁগৈহঁক। অকলে নৰবাঁ, আহাঁ আহাঁ৷

হালোৱা।— বল, বল, এই ছেগতে আমি যাওঁগৈ বোপাই। বোপা আহি থাওক পিচত। এইবোৰ পঢ়ি-শুনি অধৰমী হোৱা ডেকা। তেজৰ বলত দেও-ভুত নমনা হৈছে এইবোৰে। ইয়াৰ পোটক পাব পাচত। ব’ল, বল, বল।

(দুইৰো প্ৰস্থান)

মুক্তি।— অহ! অন্ধবিশ্বাসত আমাৰ সমাজ তল গল! অজ্ঞান গঞাই ৰোগ-ব্যাধিৰ আচল কাৰণ ঢুকি নাপায়। ভূত বুলি এবিধ মনে-পতা দেও হে তাৰ কাৰণ বুলি বিশ্বাস কৰে। বেজে ভূত খেদিবলৈ বুলি ৰোগীৰ নাকত পকা জলকীয়া গুঁজি ৰোগৰ বিকাৰ চৰায়! বহুতে ভূতৰ ভয়ত দুৱাৰ মাৰি ভিতৰলৈ বিশুদ্ধ বায়ু সোমোৱাত বাধা দিয়ে; দৰপ-জাতিৰ সলনি জৰা-ফুকা কৰে। ভূত-বিশ্বাস মানুহৰ স্বভাৱত পৰিণত হৈছে। ভূতৰ ভয়ত মন অস্থিৰ হয়; আৰু মনৰ অস্থিৰতাত আমাৰ অশিক্ষিত মানুহে, ছাঁটোকে বাঘটো দেখাৰ দৰে, ভূতৰ ভয়ঙ্কৰ ৰূপ দেখে। আজি এই দুটা মানুহতে তাৰ ফট্‌ফটীয়া প্ৰমাণ পোৱা গল। —বাৰু, দেখা যাওক, কি কৰিব পৰা যায়। আমাৰ অশিক্ষিত সমাজক এনে অন্ধবিশ্বাসৰপৰা মুক্ত কৰিবই লাগিব।

(প্ৰস্থান)

[ ১৪ ]

দ্বিতীয় পট।
(ফজলুৰৰ পঢ়া-কোঠা)

ধৰ্ম্মেশ্বৰ, সোণেশ্বৰ আৰু ফজলুৰ।

সোণেশ্বৰ। — “যি বোলাঁ লাগে ভাই, মোৰ হলে মনৰপৰা বিশ্বাসটো যোৱা নাই। ভাবি যাওঁ ভুত নাই বুলি, কিন্তু গৈ গৈ ভূত থকা ঠাই পাৰ হওঁতে গাটো চেবাই উঠেচোন!

ফজলুৰ। — হঁচা ভাই, মোৰো তেনেকুৱা লাগে। কেতিয়াবা হই থাকোঁতেই চয়তানে হেঁচা মাৰি ধৰেহি। কেতিয়াবা যে মই টোপনিতে মক্- মকাই উঠোঁ! বুবাজিয়ে হেঁচুকি জগোৱাই দিয়া মাত্ৰকে চয়তানটো চাঁত্কৰে নেদেখা হয়।

সোণেশ্বৰ। — এৰা, কেতিয়াবা আকৌ সি বাঘ হৈ খাবলৈ আহে, নাইবা সাপ হৈ খুটিবলৈ খেদে; টোপনিতে লৰোঁ হে লৰোঁ, আগুৱাব নোৱাৰোঁ। পিচে, চাঁত্কৰে সাৰ পালেই সি ময়াপী হৈ যায়! ভূত নহয় যে বাৰু সি কি! কোৱাচোন ভাই।

ধৰ্ম্মেশ্বৰ। — নহয় ভুত। তাৰ কাৰণ ভুতনাথ ভাই আহিলে সুধিবাঁ, তেওঁ ভালকৈ বুজাই কব।

(ভুতনাথৰ প্ৰৱেশ)।

ফজলুৰ। — এ হে! আহাঁ, আহাঁ ভাই, আহাঁ। তুমি বহুত দিন জীবাঁ ভাই!

ভুতনাথ। — কিয়? কোন্‌খন পঞ্জিকাত নো গণনা পালাঁ? মোৰ সোৱঁৰণী আঁকিছিলা নে কি?

ফজলুৰ। — হেই চব নহয় ভাই। এই মাত্ৰ তোমাৰ নাম লোৱা হৈছিল। নাম লওঁতেই তুমি ওলালাঁহি। হেইকাৰণে তুমি বহুত দিন জীবাঁ।

ভুতনাথ। — (হাঁহি ২) অ, সেই বাবে! হওঁতে বিধিখন বেয়া নহয়। [ ১৫ ] সোণেশ্বৰ। — সঁচা, ই ধুৰুপ কথা। নাম লওঁতেই ওলালেহি মানুহৰ আয়ুস বাঢ়ে।

ভুতনাথ। — বাৰু, ময়ো ধুৰুপকৈ কৈছোঁ, তোমালোকৰ মনৰপৰা এতিয়াও superstition অৰ্থাৎ কুসংস্কাৰ যোৱা নাই।

ধৰ্ম্মেশ্বৰ। — superstition বাৰু এৰিছোঁৱেই, এওঁবিলাকৰ মনৰপৰা আজিও prejudice বা অন্ধবিশ্বাসো গুচা নাই। এতিয়াই দুয়ো দুবিধ ভুতৰ উদাহৰণ দিছিল। টোপনিত চিয়ঁৰি উঠা, লৰিব খুজি চলিব নোৱাৰা, এইবোৰ বোলে ভূতৰ কাম। মই পিচে ভুত নহয় বুলি কৈ তোমাৰ নাম লওঁতেই তুমি ওলাইছাহি।

ভূতনাথ। — ঠিক সময়ত ওলালোঁহি বুলিয়েই তো দীৰ্ঘজীবী হবলৈ আশীৰ্বাদ পালোঁ। সি যি হওক, টোপনিত কিয় তেনেকুৱা বোধ হয়, সেই বিষয়ে সিদিনাখন ব্যাখ্যা কৰা হৈছিল নহয়, পাহৰিলাহঁক নহয় নে? শোওঁতে হাত বা ভৰিৰ সিৰত টেপা খাই বিজুতি ঘটিলেই তেনেকুৱা বোধ হয়। সি ভুত বা চয়তানৰ কাম নহয়। ভুত বুলি একো এটা Being বা বস্তু নাই, চয়তানো একো নহয়।

ফজলুৰ। — ভূত নাথাকিব পাৰে; কিন্তু চয়তান হলে নিশ্চয় আছে ভাই। হিদিনাখন আমাৰ মৌলবী চাহাবে দিয়া ব্যাখ্যা হুনা হলে, বিশ্বাস কৰিলাহেঁতেন। কবৰখানাৰ কাষত আমাৰ নতুন মজিদটে৷ হজাওঁতে চয়তানবোৰে ঘৰৰ ভেঁটিটো ঘুৰি ঘুৰি কেনেকৈ পাক্ লৈছিল আৰু কলিমা পাঠ হুনি হেইবোৰ কেনেকৈ উফৰি উফৰি পৰিছিল, তুমি মৌলবী চাহাবৰ মুখে হুনা হলে নপতিয়াই থাকিব নোৱাৰিলাহেঁতেন।

ভুতনাথ। — সেইটোও শুনা কথা হে। তুমি তো নিজ চকুৰে দেখা নাই। মনত নাই নে, আমি ডেকাদলে কথা বান্ধিছোহঁক যে, নিজে স্ব-চকুৰে ভূত নেদেখোঁমানে নপতিয়াওঁ। [ ১৬ ] সোণেশ্বৰ। — বাৰু, সেই মতে হলেও তো দ’ত আছে বুলি স্বীকাৰ কৰিব লাগিব। পিচে, দ’ত জানো এবিধ ভুত নহয়?

ধৰ্ম্মেশ্বৰ। — ভূত হওক বা নহওক, আগেয়ে স্থিৰ হোৱাৰ দৰ্কাৰ যে, স্বৰূপতে দ’ত আছে নে নাই।

সোণেশ্বৰ। — বাঃ! দ’ত নো নহব পাৰে নে? সি যে চকুৰে দেখা ভুত।

ভুতনাথ। — কোনে দেখিছিল? কেতিয়া?

সোণেশ্বৰ। — কোনেও নেদেখা নহয়। সিদিনা মাথোঁন ভদৰি-চুকৰ লোহাৰামে দ’ত এটা লগ পাইছিল। জানাই নহয়, লোহাৰাম কেনে এটা বুকুবহল বলী মানুহ। দ’তক সিও উলটি ধৰিছিল; পিচে, দ’তৰ গা পিছল কাৰণে হে তাক সি পেলাবলৈ চল নাপালে।

ভুতনাথ। — ইও এটা “কাণখোৱা” গল্প ভাই। ইয়াক এটা সাধুকথা বুলি ধৰিলে ধৰিব পাৰাঁ, কিন্তু প্ৰকৃত ঘটনা বুলিব নোৱাৰাঁ; কাৰণ তুমি তো নিজে স্ব-চকুৰে দ’ত দেখা নাই।

সোণেশ্বৰ। — চকুৰে দেখাতকৈও একাচি চা হে বুলি। কিয়নো, —

(মুক্তিনাথৰ প্ৰৱেশ)।

ফজলুৰ। — অ, আহাঁ ভাই, আহাঁ (মুক্তিক আগবঢ়াই আনে)।

মুক্তি। — কিহৰ নো মেল? কিহৰ বক্তৃতা? আজিৰ মজলিচ্, দেখোন গৰম!

ভূত। — এৰা, মজলিচ্ গৰমেই। তুমিও এতিয়া বক্তৃতাৰ ভাগ ললে হে যদি সি চেঁচা পৰে।

মুক্তি। — কিহৰ বক্তৃতা তাৰ শুং পালে হে ভাগ লব পাৰি।

ধৰ্ম্ম। — বক্তৃতা আৰু হব কিহৰ? - ভূতৰ। লোৱাঁ ভাগ এতিয়া।

মুক্তি। — তেনেকুৱা এটা ভাগ ময়ো বাটতে পাই বুটলি আনিছোঁ, পঞ্চ-পাণ্ডৱে পত্নী ভগোৱাৰ দৰে, তোমালোকৰে সৈতে ভগাই লবলৈ বুলি। [ ১৭ ] সোণেশ্বৰ। — চাওঁ, কিহৰ নো ভাগ সেইটো। মেলাচোন তোমাৰ টোপোলা।

ফজলুৰ। — চাওঁ নহয়, হুনোঁ বুলিলে হে ভাগ পোৱা যাব হবলা?

মুক্তি। — ভাল কৈছাঁ ভাই। মই অনা ভাগটো চকুৰ অগোচৰ, কাণৰ হে ওচৰ; সি টোপোলাত নাই, মুখত হৈ আছে।

ধৰ্ম্ম। — বাৰু, চকু মুদিছোঁ, কাণকে পাতিছোঁ; দিয়াচোঁ কিহৰ নো ভাগ আনিছা তুমি।

মুক্তি। — বাৰু, লোৱাহঁক মই অনা ভাগৰ ভাগ! – কালি দুপৰীয়া বাটত বাঁকে-পোৱা দুটা মানুহক লগ পাই বুজনি দিছিলোঁ। পিচে মিছা, সিহঁতে একোপধ্যে নামানে। যি ভূত নাই বোলে, তাক সিহঁতে বলিয়া হে বোলে। আৰু, সিহঁত নিজে ভূত-বিশ্বাসত তন্ময়।

ধৰ্ম্ম। — হাঁয়, এই অন্ধ-বিশ্বাস আমাৰ সমাজৰ পৰা কেনেকৈ আঁতৰ কৰা যায়!

ভূত। — আঁতৰ কৰিবই লাগিব। সেই বিষয়ে উপায় চিন্তিবলৈ আমাৰ মাজত এখন আলোচনী সভা পাতিবলৈ মই প্ৰস্তাব কৰোঁ।

ফজলুৰ। — বৰ হাৰুৱা প্ৰস্তাব। মই মিষ্টাৰ বৰুৱাৰ প্ৰস্তাব হমৰ্থন কৰোঁ।

মুক্তি। — বেচ কথা। তেন্তে অহা শনিবাৰে সন্ধিয়া মিষ্টাৰ বৰুৱাৰ ঘৰতে সভাৰ প্ৰথম বৈঠক পতা হওক। আজিলৈ ইমাতে। এতিয়া ঘৰাঘৰি যাওঁগৈ বলাহঁক।

(সকলোটিৰ প্ৰস্থান)।

 ⸻
অঙ্কপাত।