হালোৱা।— দেখুৱাম বাৰু এদিন। দেখিবা, ভুত নো কেনেকুৱা! সেইবোৰ- চোন বাটে-গছে, খালে-বিলে, পথাৰে-পামে যতে-ত’তে ভুতেই হে। আপোনালোকে জিলাৰপৰা কেনেকৈ দেখিবা?
মুক্তি।— “বাৰু,দেখুৱাবি। দেখিলে হে বুজি, ভুত নো কি।
জালোৱা।— বাৰু, হৈছে এতিয়া। আহাঁ, বোপা, যাওঁগৈহঁক। অকলে নৰবাঁ, আহাঁ আহাঁ৷
হালোৱা।— বল, বল, এই ছেগতে আমি যাওঁগৈ বোপাই। বোপা আহি থাওক পিচত। এইবোৰ পঢ়ি-শুনি অধৰমী হোৱা ডেকা। তেজৰ বলত দেও-ভুত নমনা হৈছে এইবোৰে। ইয়াৰ পোটক পাব পাচত। ব’ল, বল, বল।
(দুইৰো প্ৰস্থান)
মুক্তি।— অহ! অন্ধবিশ্বাসত আমাৰ সমাজ তল গল! অজ্ঞান গঞাই ৰোগ-ব্যাধিৰ আচল কাৰণ ঢুকি নাপায়। ভূত বুলি এবিধ মনে-পতা দেও হে তাৰ কাৰণ বুলি বিশ্বাস কৰে। বেজে ভূত খেদিবলৈ বুলি ৰোগীৰ নাকত পকা জলকীয়া গুঁজি ৰোগৰ বিকাৰ চৰায়! বহুতে ভূতৰ ভয়ত দুৱাৰ মাৰি ভিতৰলৈ বিশুদ্ধ বায়ু সোমোৱাত বাধা দিয়ে; দৰপ-জাতিৰ সলনি জৰা-ফুকা কৰে। ভূত-বিশ্বাস মানুহৰ স্বভাৱত পৰিণত হৈছে। ভূতৰ ভয়ত মন অস্থিৰ হয়; আৰু মনৰ অস্থিৰতাত আমাৰ অশিক্ষিত মানুহে, ছাঁটোকে বাঘটো দেখাৰ দৰে, ভূতৰ ভয়ঙ্কৰ ৰূপ দেখে। আজি এই দুটা মানুহতে তাৰ ফট্ফটীয়া প্ৰমাণ পোৱা গল। —বাৰু, দেখা যাওক, কি কৰিব পৰা যায়। আমাৰ অশিক্ষিত সমাজক এনে অন্ধবিশ্বাসৰপৰা মুক্ত কৰিবই লাগিব।
(প্ৰস্থান)