সোণেশ্বৰ। — চাওঁ, কিহৰ নো ভাগ সেইটো। মেলাচোন তোমাৰ টোপোলা।
ফজলুৰ। — চাওঁ নহয়, হুনোঁ বুলিলে হে ভাগ পোৱা যাব হবলা?
মুক্তি। — ভাল কৈছাঁ ভাই। মই অনা ভাগটো চকুৰ অগোচৰ, কাণৰ হে ওচৰ; সি টোপোলাত নাই, মুখত হৈ আছে।
ধৰ্ম্ম। — বাৰু, চকু মুদিছোঁ, কাণকে পাতিছোঁ; দিয়াচোঁ কিহৰ নো ভাগ আনিছা তুমি।
মুক্তি। — বাৰু, লোৱাহঁক মই অনা ভাগৰ ভাগ! – কালি দুপৰীয়া বাটত বাঁকে-পোৱা দুটা মানুহক লগ পাই বুজনি দিছিলোঁ। পিচে মিছা, সিহঁতে একোপধ্যে নামানে। যি ভূত নাই বোলে, তাক সিহঁতে বলিয়া হে বোলে। আৰু, সিহঁত নিজে ভূত-বিশ্বাসত তন্ময়।
ধৰ্ম্ম। — হাঁয়, এই অন্ধ-বিশ্বাস আমাৰ সমাজৰ পৰা কেনেকৈ আঁতৰ কৰা যায়!
ভূত। — আঁতৰ কৰিবই লাগিব। সেই বিষয়ে উপায় চিন্তিবলৈ আমাৰ মাজত এখন আলোচনী সভা পাতিবলৈ মই প্ৰস্তাব কৰোঁ।
ফজলুৰ। — বৰ হাৰুৱা প্ৰস্তাব। মই মিষ্টাৰ বৰুৱাৰ প্ৰস্তাব হমৰ্থন কৰোঁ।
মুক্তি। — বেচ কথা। তেন্তে অহা শনিবাৰে সন্ধিয়া মিষ্টাৰ বৰুৱাৰ ঘৰতে সভাৰ প্ৰথম বৈঠক পতা হওক। আজিলৈ ইমাতে। এতিয়া ঘৰাঘৰি যাওঁগৈ বলাহঁক।
(সকলোটিৰ প্ৰস্থান)।
⸻
অঙ্কপাত।