পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভুত নে ভ্ৰম।
জুৰণি (page 6 crop)center
১। অঙ্ক।
⸺🢔●🢖⸺
প্ৰথম পট।
(পথাৰৰ বঙ্গিয়া)

⸺🢔●🢖⸺
হালোৱা আৰু জালোৱা।

হালোৱা।—(কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ!

জালোৱা।—(উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ?

হালোৱা।—(উভতি চাই ভেকাহি মাৰি) কোন্ অ এইটো, পিচৰপৰা ভুতে হেঁকাৰাদি হেঁকাৰিছ! নহওঁ কাতিয়া, যা। নহওঁ মই তোৰ কাতিয়া-ককাই।

জালোৱা।—হেৰৌ, যেয়ে কি নহৱ, ৰবিঔ ৰবি, ময়ো গৈছোঁ। অসন্তক ৰবি। বধ লাগে, ৰৈ যা ককাইটি!

হলোৱা।—আহি থাক্। তোলৈ আকৌ ৰব কোন্ দুপৰীয়া ভোকত!

৬২