পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১৯
ভুত নে ভ্ৰম।

সোণেশ্বৰ। — সঁচা, ই ধুৰুপ কথা। নাম লওঁতেই ওলালেহি মানুহৰ আয়ুস বাঢ়ে।

ভুতনাথ। — বাৰু, ময়ো ধুৰুপকৈ কৈছোঁ, তোমালোকৰ মনৰপৰা এতিয়াও superstition অৰ্থাৎ কুসংস্কাৰ যোৱা নাই।

ধৰ্ম্মেশ্বৰ। — superstition বাৰু এৰিছোঁৱেই, এওঁবিলাকৰ মনৰপৰা আজিও prejudice বা অন্ধবিশ্বাসো গুচা নাই। এতিয়াই দুয়ো দুবিধ ভুতৰ উদাহৰণ দিছিল। টোপনিত চিয়ঁৰি উঠা, লৰিব খুজি চলিব নোৱাৰা, এইবোৰ বোলে ভূতৰ কাম। মই পিচে ভুত নহয় বুলি কৈ তোমাৰ নাম লওঁতেই তুমি ওলাইছাহি।

ভূতনাথ। — ঠিক সময়ত ওলালোঁহি বুলিয়েই তো দীৰ্ঘজীবী হবলৈ আশীৰ্বাদ পালোঁ। সি যি হওক, টোপনিত কিয় তেনেকুৱা বোধ হয়, সেই বিষয়ে সিদিনাখন ব্যাখ্যা কৰা হৈছিল নহয়, পাহৰিলাহঁক নহয় নে? শোওঁতে হাত বা ভৰিৰ সিৰত টেপা খাই বিজুতি ঘটিলেই তেনেকুৱা বোধ হয়। সি ভুত বা চয়তানৰ কাম নহয়। ভুত বুলি একো এটা Being বা বস্তু নাই, চয়তানো একো নহয়।

ফজলুৰ। — ভূত নাথাকিব পাৰে; কিন্তু চয়তান হলে নিশ্চয় আছে ভাই। হিদিনাখন আমাৰ মৌলবী চাহাবে দিয়া ব্যাখ্যা হুনা হলে, বিশ্বাস কৰিলাহেঁতেন। কবৰখানাৰ কাষত আমাৰ নতুন মজিদটে৷ হজাওঁতে চয়তানবোৰে ঘৰৰ ভেঁটিটো ঘুৰি ঘুৰি কেনেকৈ পাক্ লৈছিল আৰু কলিমা পাঠ হুনি হেইবোৰ কেনেকৈ উফৰি উফৰি পৰিছিল, তুমি মৌলবী চাহাবৰ মুখে হুনা হলে নপতিয়াই থাকিব নোৱাৰিলাহেঁতেন।

ভুতনাথ। — সেইটোও শুনা কথা হে। তুমি তো নিজ চকুৰে দেখা নাই। মনত নাই নে, আমি ডেকাদলে কথা বান্ধিছোহঁক যে, নিজে স্ব-চকুৰে ভূত নেদেখোঁমানে নপতিয়াওঁ।