জালোৱা।— হেৰৌ, বধ লাগে, অসন্তক ৰবিঔ৷ মোকো লৈ যা ককাইটিঐ!
হালোৱা।— কেনেখন কৰে এইপাটে! তোক আকৌ লৈ যাব কোনে? দুপৰীয়া ভোকত নাঙ্গল-যুৱলিৰ ভাৰেই কান ছিঙ্গি নিছে, তোক আকৌ কওঁ কোনখন কানত?
জালোৱা।— নহয় হেৰৌ, ককাইটি, মোক কানত লব নেলাগে; লগ হে দিব লাগে। ৰবি, অসন্তক ৰবি।
হালোৱা।— আও! এই হেন দিন-দুপৰত তোক লগ লগা হল নে? অকলে আহিব নোৱাৰ নে? মতা নহৱ নে কি? নাই, তোক কিহবাই পাইছে?
জালোৱা।— ককাইটিঐ, কিনো কম। এই দিন-দুপৰতে মোক সঁচাকৈয়ে ভুতে পাইছিলহি! ৰবিচোন, শুনচোন৷
হালোৱা।— দেখিছানে বাৰু! কালি ৰাতিও খাবলৈ নহল একো। লঘোনীয়া গা! এই দুপৰ ভাটি দিয়ালৈকে হাল বাই পথাৰত বোকা দি আহিছোঁ। ভোকে-ভাগৰে মোক অথিৰ কৰিছে! হেৰ, তই পিচে পিচে আহি থাক। মই ৰব নোৱাৰোঁ বুপাই।
জালোৱা।— নহয়, হেৰঔ ককাই, মোক পিচ পেলাই নেযাবিঔ। হেৰ, তোৰ মূৰকে সাৱ, ৰবি৷ মোৰ লৰাহঁতৰ শপত অসন্তক ৰবি। হেৰ, যাৱ যদি, ঘৈণীয়েৰৰ মূৰতে ভৰি দি যাৱ। নেযাবিঔ, ৰবি, ৰবি, ময়ো গৈছোঁ৷ (লৰি গৈ হালোৱাৰ পোন্ধত ধৰি ওলমি পৰেগৈ)।
হালোৱা।— উঃ, কি অপদে পালে! হেৰ, কিহে নো পাইছিল তোক? —ক’তা? —কেতিয়া? (চঁক লৈ) হুঁ, কেনেকৈ? —কচোন। ৰৈছোঁ বাৰু, ক।—ঔ আই! মোৰ গাটোও জিকাৰি উঠেচোন! তোৰ গাতে কিবা এটা লাগি আহিছে হব পায়!