সোণেশ্বৰ। — বাৰু, সেই মতে হলেও তো দ’ত আছে বুলি স্বীকাৰ কৰিব লাগিব। পিচে, দ’ত জানো এবিধ ভুত নহয়?
ধৰ্ম্মেশ্বৰ। — ভূত হওক বা নহওক, আগেয়ে স্থিৰ হোৱাৰ দৰ্কাৰ যে, স্বৰূপতে দ’ত আছে নে নাই।
সোণেশ্বৰ। — বাঃ! দ’ত নো নহব পাৰে নে? সি যে চকুৰে দেখা ভুত।
ভুতনাথ। — কোনে দেখিছিল? কেতিয়া?
সোণেশ্বৰ। — কোনেও নেদেখা নহয়। সিদিনা মাথোঁন ভদৰি-চুকৰ লোহাৰামে দ’ত এটা লগ পাইছিল। জানাই নহয়, লোহাৰাম কেনে এটা বুকুবহল বলী মানুহ। দ’তক সিও উলটি ধৰিছিল; পিচে, দ’তৰ গা পিছল কাৰণে হে তাক সি পেলাবলৈ চল নাপালে।
ভুতনাথ। — ইও এটা “কাণখোৱা” গল্প ভাই। ইয়াক এটা সাধুকথা বুলি ধৰিলে ধৰিব পাৰাঁ, কিন্তু প্ৰকৃত ঘটনা বুলিব নোৱাৰাঁ; কাৰণ তুমি তো নিজে স্ব-চকুৰে দ’ত দেখা নাই।
সোণেশ্বৰ। — চকুৰে দেখাতকৈও একাচি চা হে বুলি। কিয়নো, —
(মুক্তিনাথৰ প্ৰৱেশ)।
ফজলুৰ। — অ, আহাঁ ভাই, আহাঁ (মুক্তিক আগবঢ়াই আনে)।
মুক্তি। — কিহৰ নো মেল? কিহৰ বক্তৃতা? আজিৰ মজলিচ্, দেখোন গৰম!
ভূত। — এৰা, মজলিচ্ গৰমেই। তুমিও এতিয়া বক্তৃতাৰ ভাগ ললে হে যদি সি চেঁচা পৰে।
মুক্তি। — কিহৰ বক্তৃতা তাৰ শুং পালে হে ভাগ লব পাৰি।
ধৰ্ম্ম। — বক্তৃতা আৰু হব কিহৰ? - ভূতৰ। লোৱাঁ ভাগ এতিয়া।
মুক্তি। — তেনেকুৱা এটা ভাগ ময়ো বাটতে পাই বুটলি আনিছোঁ, পঞ্চ-পাণ্ডৱে পত্নী ভগোৱাৰ দৰে, তোমালোকৰে সৈতে ভগাই লবলৈ বুলি।