ভানুমতী/পঞ্চম আধ্যা
পঞ্চম আধ্যা
বিহ-বিয়ামই বৰকৈ মন কৰা নাই, দিনচাৰেকৰ পৰা আমাৰ ঘৰত বিয়াৰ মেল। কাৰ বিয়া কব নোৱাৰোঁ, কিন্তু চাৰিওফালে পাণ-তামোল, গুৰ-গাখীৰ লগোৱাৰ ধুম পৰিছে। গায়ন, ঢুলীয়া, নামতী মতোৱাৰ দিহা দিয়া চলিছে। বিয়ালৈ মানুহ মতাৰ ব্যৱস্থা হৈছে। ঘৰ-দুৱাৰ সজাই ৰভা দিয়াৰ যো-জা চলিছে। এই নিয়মে কেইওপিনে ধুমধাম লাগি গৈছে। ঘৰৰ লিগিৰা-লিগিৰী সকলো বিয়া-বলিয়া। বিয়াৰ কাৰবাৰত ঘূৰি-পকি ফুৰোঁতে দেউতাৰ চূৰ্ত্তি-শান্তি নাইকিয়া হৈছে। তলে তলে ইমানলৈকে কেতিয়া আগ বাঢ়িল মই কবই নোৱাৰোঁ; আৰু আধা-গোপনে চলোৱাৰ নো উদ্দেশ্য কি তাকো নুবুজিলোঁ।
সি যি হওক, এতিয়া বিয়া কাৰ? এবাৰ শুনিলোঁ, ৰজাৰ জীয়েক তৰা আইদেউৰ লগত চাৰু গোহাঞিদেৱৰ বিয়া। কথাটো শুনি পোনেই হতাশ হলোঁ। কিন্তু, আকৌ ভাবি চালোঁ, যাৰে সৈতে যাৰ বিধাতাই যোৰা পাতিছে তাক কোনে খণ্ডাব? ভাগ্যৱতী তৰা আইদেউৰে সৈতে ভাগ্যৱন্ত চাৰু গোহাঞিদেৱৰ যোৰা মিলিছে, তাত মোৰ বেজাৰ কিহৰ? মই অভাগিনীয়ে গোহাঞিদেৱক ভাল পাওঁ, সেইবুলি তেওঁৰ ভাগ্যখনো মই কাঢ়ি লব পাৰোঁনে? আৰু, পাৰিলেও লম কিয়? তেনেহলে যে মোৰ ভালপোৱা স্বাৰ্থপৰ হব। মইতো মোৰ সুখৰ নিমিত্তে গোহাঞিদেৱক ভাল পোৱা নাই। তেওঁৰ সুখত তেওঁৰ সৌভাগ্যত মোৰ অপাৰ সুখ, অসীম সৌভাগ্য। এতেকে, এই কথাত মই কেতিয়াও বেয়া পাব নালাগে। তদুপৰি, তৰা আইদেউ মোৰ প্ৰাণৰ সখী। [ ২০ ] তেওঁ সুখী হলেও মই সেই সুখৰ ভাগ পোৱাৰ নিচিনা। তৰা আইদেউ গোহাঞিদেৱৰ হৃদয়ৰ গৰাকিনী হব। কিন্তু, মইতো মোৰ গোহাঞিদেৱৰ চৰণৰ গৰাকিনী হব পাৰিম। এই ফেৰি অধিকাৰৰ পৰা মোক কেৱে বঞ্চিত কৰিব নোৱাৰে। এক পুৰুষৰ চৰণ সহস্ৰ গোপিনীয়ে পূজাৰ বিধি আছে। ভগৱন্ত শ্ৰীকৃষ্ণদেৱে তাৰ জলন্ত পটন্তৰ থৈ গৈছে। ইয়াকে ভাবি-চিন্তি নিশ্চিত হলোঁ। আনৰ লগত বিয়া-ঘৰীয়া হবলৈ মোৰো মন গ'ল।
কিন্তু যি ভাবিছিলো সি নহয়। মই তাতোকৈ অভাগিনী। মোক চিৰ-দুখুনী কৰিবলৈ বিধাতাৰ ইচ্ছা। মোক জীৱন্তে জীয়াতু কৰিবলৈ বিধিৰ ব্যৱস্থা! মোৰ ইহ-পৰকাল হানি কৰিবলৈ বিধিৰ বিড়ম্বনা-- বিয়া সিখন নহয়, ইখন হে! ৰজাৰ কোঁৱৰলৈ বোলে মোক বিয়া দিয়ে! কি আচৰিত! কেনে অভাবনীয় কথা! শুনি যাওঁতেই বজ্ৰপাত পৰি মই নমৰিলো কিয়? মোক দেউতাই দ্বিচাৰিণী কৰিবলৈ ব্যৱস্থা পাতিছে! মই যে মোৰ মন-প্ৰাণ মোৰ ইষ্ট গুৰু প্ৰাণৰ স্বামী গোহাঞিদেৱৰ চৰণত মনে মনে কেতিয়াবাই সঁপিলোঁ। এতিয়া যে আৰু মোৰ ওপৰত আনৰ অধিকাৰ নাই। কিন্তু হাঁয়, দেউতাৰ বা দোষ কি? তেওঁতো মোৰ অন্তৰৰ ভাব বুজা নাই। বুজিব কেনেকৈ? কাৰ্য্যত দেখাকৈ মোৰ মনোভাব মোৰ হৃদয়ৰ স্বামী প্ৰাণৰ ইশ্বৰ গোহাঞিদেৱে জানিবলৈকো অলপ বাকী হে। তেন্তেনো কি উপায় হ'ব এতিয়া? এনে মহা বিপদৰ পৰা কোন গোসাঁয়ে মোক উদ্ধাৰ কৰিব? এই মহা সঙ্কটত মই কাৰ পৰা এফেৰি ভৰসা পাম? - গোহাঞিদেৱলৈ লিখি সুধিম? দেহি ঐ, কি সতে লিখিম, মোৰ কাপত তেনে নিঠুৰ কথা কোন মুখে ওলাব! এই অসহনীয় উগুল-থুগুল ভাবত তৰণি নাপাই এখুজি-দুখুজিকৈ উমানত গৈ থাকোতেই ফুলনিত ওলালোগৈ। [ ২১ ] ফুলনিত মোৰ কিমানপৰ হ'ল কব নোৱাৰো। তাতে সন্ধিয়া লাগিল। গাৰ নোম নেদেখা হল। ঘৰৰ ভিতৰত এটি-দুটিকৈ চাকি জ্বলিছে। লিগিৰা-লিগিৰিবিলাকে গৰু-গাই বান্ধি ভিতৰ সোমাইছে। জাৰত কঁপি কঁপি চাকুলী বুঢ়ী জুহালৰ ওচৰ চাপিছেগৈ। এনেতে, পদূলিমূৰৰ কদমৰ ডালৰপৰা ফেঁচা এজনীয়ে "নি-ই-ওঁ" বুলি মাতিলে! শুনি মোৰ ভাল লাগিল। এই মাতত আনকালৰ নিঠুৰ ভাব নাই। শুনি গা শাঁত লাগি হে গল। ফেঁচাই আকৌ বুলিলে, "নি-ই-ওঁ।" মই কলো, "মোকে নিয়া।" এনেতে, পিচফালৰপৰা লৰি আহি কোনে অতি কাতৰভাৱে মাত লগালেহি, "কিয় নিব তোমাক ভানু, নিব লাগে যদি মোক নিয়ক।" উলটি চাই মই অবাক! দুয়ো অলপমান পৰ ঠৰ লাগি ৰলো। তাৰ পাচত,
গোহাঞিদেৱ।― নকবাঁ সি কথা।
মই।― প্ৰাণনাথ!
গোহাঞিদেৱ।― নকবাঁ সি কথা।
মই।― হেজাৰবাৰ কম। লাখবাৰ কম।
গোহাঞিদেৱ।― ভানু! এতিয়া আৰু তোমাৰ সেই ভাব সলাবৰ দিন পৰিলহি!
মই।― সঁচা, প্ৰাণেশ্বৰ! মোৰ এই দেহা সলাবৰ দিন পৰিছেহি।
গোহাঞিদেৱ:― কিয় কোৱা তেনে কথা, ভানু!
মই।― তেন্তে নো কি সলাবলৈ কয়, প্ৰাণনাথ?
গোহাঞিদেৱ:― উতলা নহঁবা ভানু! এতিয়া অস্থিৰ হবৰ সময় নহয়। নিজৰ ভাগ্যৰ শৰণ লবলৈ হে এতিয়া সাজু হব লাগে।
মই।― নহওঁ উতলা প্ৰাণনাথ! মই আজি আগতকৈও স্থিৰ। নিজৰ ভাগ্যৰ শৰণ লবলৈ আজি মই সাজু হৈছো।
গোহাঞিদেৱ।― তেন্তে মোৰ প্ৰতি তোমাৰ এই সম্বোধন কিয়? এতিয়াৰে পৰা তুমি মোক ল'ৰাকালৰ লগৰীয়া বুলি মাথোন ভাবিবাঁ।
মই।― (অলপ হুঁচ্ পাই) কিয় এনে নিৰ্দয় হৈছে, প্ৰাণনাথ! আপোনাৰ মুখে এনে নিকৰুণ কথা শুনিবলৈকে মই এতিয়াও জীয়াই আছোঁ!
বতাহত উভালি পৰা কলপুলিৰ দৰে মই গোহাঞিদেৱৰ চৰণত উবুৰি খাই পৰি বিভ্ৰম হলোঁ। ক'ত আছোঁ, কি কৰিছোঁ, খন্তেকলৈ মই পাহৰি গলোঁ। গোহাঞিদেৱ বিচূৰ্ত্তি হ'ল। তেওঁ, অতি যতনেৰে তেওঁৰ চুৰিয়াৰ থোৰৰ আগেৰে মোৰ মুখ মচি দি, বিচেষ্টা হৈ কবলৈ ধৰিলে, "ভানু! ভানু! কি কৰা! মানুহে দেখিলে কি বুলিব!"
মই।― প্ৰাণনাথ!
গোহাঞিদেৱ।― ভানু। মই মহা বিপদীয়া। এনে সময়ত এনে অৱস্থাত মোক তোমাৰে সৈতে ইয়াত অকলে দেখিলে মানুহে বুলিব কি? ইমান বিপদেও আটিছে।
মই।― প্ৰাণনাথ! আপোনাৰ বিপদ বঢ়োৱাৰ আগেয়ে মোৰ প্ৰাণ দেহাৰ পৰা বাজ হওক।
গোহাঞিদেৱ।― নকবাঁ তেনে কথা ভানু! মোৰ বিপদলৈ মই ভবা নাই। মই আজিয়েই এই দেহা এৰিব পাৰিলে ভাল পাওঁ। কিন্তু, ভানু, মোৰ পৰা তোমাৰ কেনেবাকৈ বিপদ ঘটে বুলি হে মোৰ ভাবনা। মই বুজিছোঁ, মই ইয়াত থাকোঁমানে তোমাৰ মন স্থিৰ নহব। আগন্তুক শুভ কাৰ্য্যত মই বিঘিনি ঘটোৱাটো হে হব। সেই কাৰণে, কাইলৈ পুৱাৰেপৰা মোক আৰু ইয়াত কেৱে নেদেখে। এই শেষ দেখা দি, তোমাৰ ওচৰত বিদায় লবলৈ হে আহিছিলোঁ।
গোহাঞিদেৱৰ মুখত কি এটা ভয়লগা ভাবৰ চিন বিৰিঙ্গি [ ২৩ ] উঠিল। তেওঁ কিবা উদ্দেশ্যত দৃঢ়প্ৰতিজ্ঞ যেন দেখিলোঁ। মোৰ মুখলৈ এবাৰ কাতৰভাৱে চাই, তেওঁ উত্ৰাৱল হৈ যাবলৈ ঘূৰিল। মই পিচফালৰ পৰা তেওঁৰ ভৰি দুটিত গবা মাৰি ধৰি আকৌ দীঘল দি পৰিলোঁ। বেহুঁচ্ হলোঁ!
গোহাঞিদেৱ।― কি বিপদ! ভানু, তুমি নুবুজা কিয়? তোমাৰ এনে উতলা ভাৱে কিবা ওলটাব পাৰিবনে? অবুজ নহবাঁ। মোৰ কথা শুনা। শুভ কাৰ্য্যত বিঘিনি নজন্মাবাঁ। উঠা; ঘৰলৈ যোৱা। তুমি মোৰ এই কথা শুনিলে মই বৰ ৰং পাম!
মই।― প্ৰাণনাথ! মই প্ৰাণ দিও আপোনাৰ কথা মানিবলৈ সাজু আছোঁ। কিন্তু, প্ৰাণেশ্বৰ! এই দুখুনী অভাগিনীৰো শেষ কথা এটি আপুনি ৰাখিব লাগে। আপুনি মোক আৰু দুটা দিন দিয়ক। কাইলৈ নগৈ, আৰু দুদিন পলমে যাওক।
গোহাঞিদেৱ অগত্যা মোৰ কথাত মান্তি হ'ল। ভিতৰত চাকুলী বুঢ়ীয়ে মোক বিচৰা যেন গম্ পালো। ধীৰে ধীৰে গোহাঞিদেৱ পদূলিমূৰলৈ ওলাল। মই পিচ-দুৱাৰেদি ভিতৰ সোমালোহি।