পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চম আধ্যা

বিহ-বিয়া

মই বৰকৈ মন কৰা নাই, দিনচাৰেকৰ পৰা আমাৰ ঘৰত বিয়াৰ মেল। কাৰ বিয়া কব নোৱাৰোঁ, কিন্তু চাৰিওফালে পাণ-তামোল, গুৰ-গাখীৰ লগোৱাৰ ধুম পৰিছে। গায়ন, ঢুলীয়া, নামতী মতোৱাৰ দিহা দিয়া চলিছে। বিয়ালৈ মানুহ মতাৰ ব্যৱস্থা হৈছে। ঘৰ-দুৱাৰ সজাই ৰভা দিয়াৰ যো-জা চলিছে। এই নিয়মে কেইওপিনে ধুমধাম লাগি গৈছে। ঘৰৰ লিগিৰা-লিগিৰী সকলো বিয়া-বলিয়া। বিয়াৰ কাৰবাৰত ঘূৰি-পকি ফুৰোঁতে দেউতাৰ চূৰ্ত্তি-শান্তি নাইকিয়া হৈছে। তলে তলে ইমানলৈকে কেতিয়া আগ বাঢ়িল মই কবই নোৱাৰোঁ; আৰু আধা-গোপনে চলোৱাৰ নো উদ্দেশ্য কি তাকো নুবুজিলোঁ।

সি যি হওক, এতিয়া বিয়া কাৰ? এবাৰ শুনিলোঁ, ৰজাৰ জীয়েক তৰা আইদেউৰ লগত চাৰু গোহাঞিদেৱৰ বিয়া। কথাটো শুনি পোনেই হতাশ হলোঁ। কিন্তু, আকৌ ভাবি চালোঁ, যাৰে সৈতে যাৰ বিধাতাই যোৰা পাতিছে তাক কোনে খণ্ডাব? ভাগ্যৱতী তৰা আইদেউৰে সৈতে ভাগ্যৱন্ত চাৰু গোহাঞিদেৱৰ যোৰা মিলিছে, তাত মোৰ বেজাৰ কিহৰ? মই অভাগিনীয়ে গোহাঞিদেৱক ভাল পাওঁ, সেইবুলি তেওঁৰ ভাগ্যখনো মই কাঢ়ি লব পাৰোঁনে? আৰু, পাৰিলেও লম কিয়? তেনেহলে যে মোৰ ভালপোৱা স্বাৰ্থপৰ হব। মইতো মোৰ সুখৰ নিমিত্তে গোহাঞিদেৱক ভাল পোৱা নাই। তেওঁৰ সুখত তেওঁৰ সৌভাগ্যত মোৰ অপাৰ সুখ, অসীম সৌভাগ্য। এতেকে, এই কথাত মই কেতিয়াও বেয়া পাব নালাগে। তদুপৰি, তৰা আইদেউ মোৰ প্ৰাণৰ সখী।