পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিধাতাই তোমাৰ যাৰে সৈতে যোৰা পাতিছে, তুমি সেই ভাগ্যধৰৰ চৰণ চিন্তিবলৈ ধৰাঁ। আগন্তুক বিয়াই তোমাক যুৱৰাণী কৰিব; তাৰ পাচত তুমি পটেশ্বৰী হবাঁ। (কথা শুনি মই মূৰ্চ্ছা গলো)

*    *    *

 মই।― (অলপ হুঁচ্ পাই) কিয় এনে নিৰ্দয় হৈছে, প্ৰাণনাথ! আপোনাৰ মুখে এনে নিকৰুণ কথা শুনিবলৈকে মই এতিয়াও জীয়াই আছোঁ!

বতাহত উভালি পৰা কলপুলিৰ দৰে মই গোহাঞিদেৱৰ চৰণত উবুৰি খাই পৰি বিভ্ৰম হলোঁ। ক'ত আছোঁ, কি কৰিছোঁ, খন্তেকলৈ মই পাহৰি গলোঁ। গোহাঞিদেৱ বিচূৰ্ত্তি হ'ল। তেওঁ, অতি যতনেৰে তেওঁৰ চুৰিয়াৰ থোৰৰ আগেৰে মোৰ মুখ মচি দি, বিচেষ্টা হৈ কবলৈ ধৰিলে, "ভানু! ভানু! কি কৰা! মানুহে দেখিলে কি বুলিব!"

 মই।― প্ৰাণনাথ!
 গোহাঞিদেৱ।― ভানু। মই মহা বিপদীয়া। এনে সময়ত এনে অৱস্থাত মোক তোমাৰে সৈতে ইয়াত অকলে দেখিলে মানুহে বুলিব কি? ইমান বিপদেও আটিছে।
 মই।― প্ৰাণনাথ! আপোনাৰ বিপদ বঢ়োৱাৰ আগেয়ে মোৰ প্ৰাণ দেহাৰ পৰা বাজ হওক।
 গোহাঞিদেৱ।― নকবাঁ তেনে কথা ভানু! মোৰ বিপদলৈ মই ভবা নাই। মই আজিয়েই এই দেহা এৰিব পাৰিলে ভাল পাওঁ। কিন্তু, ভানু, মোৰ পৰা তোমাৰ কেনেবাকৈ বিপদ ঘটে বুলি হে মোৰ ভাবনা। মই বুজিছোঁ, মই ইয়াত থাকোঁমানে তোমাৰ মন স্থিৰ নহব। আগন্তুক শুভ কাৰ্য্যত মই বিঘিনি ঘটোৱাটো হে হব। সেই কাৰণে, কাইলৈ পুৱাৰেপৰা মোক আৰু ইয়াত কেৱে নেদেখে। এই শেষ দেখা দি, তোমাৰ ওচৰত বিদায় লবলৈ হে আহিছিলোঁ।

গোহাঞিদেৱৰ মুখত কি এটা ভয়লগা ভাবৰ চিন বিৰিঙ্গি