ভানুমতী/ষষ্ঠ আধ্যা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ২৪ ]

ষষ্ঠ আধ্যা

ষোলবছৰীয়া ল'ৰা

ফুলনিত মোৰ বহুপৰ হ'ল হবলা। ইয়াৰ ভিতৰতে দেউতাই বোলে মোক দুবাৰ বিচাৰিছিল। আৰু, তৰা আইদেউৰ ওচৰৰ পৰাও দুবাৰ মোৰ ওচৰলৈ কোনোবা আহিছিল বোলে; মোক নেপাই চাকুলী বাইৰ হাততে এখন চিঠি দি থৈ লগুৱাটো গুচি গ'ল। ইফালে চাকুলী বুঢ়ীয়ে জন্‌জনাই দিলে। চিঠিখন সখীৰ, -তৰা আইদেউৰ। তেওঁৰ হেনো মোৰ লগত এটা গুপুত কথা আছে। পাৰিলে কাইলৈ পুৱা তেওঁ এবাৰ মোক লগ পাব। মনতে শলাগি থলোঁ, -'লগ পাব!' তাৰ পাচত, লৰালৰিকৈ চাকুলী বাইক সুধিলোঁ, দেউতাই নো মোক কিয় বিচাৰিছিল। চাকুলীয়ে কলে, "বিচাৰিছিল কিয়, কাকো একো নকলে দেখোন। দেউতাৰ হাতত সোণৰ ফুল দুপাহমান দেখিছিলোঁ। তাকে দিবলৈ বিচাৰিছিল হবলা।" মই মনতে শলাগি থলোঁ, -"ওঁ সোণৰ ফুল পিন্ধিম!"

চাকুলী বাইক তাতে এৰি মই শোৱা-কোঠা সোমালোঁহি। আৰু, তাই মনটো আমোলাই নিজৰ কামত ধৰিলেগৈ। মই নিজঞ্জাল পাই, নানা কথা ভাবিবলৈ ধৰিলোঁ। ভাবিলো, আজিক এৰি আৰু তিনিদিন আছে। তাৰ পিচদিনা মোৰ নামে পতা বিহ-বিয়াৰ টেকেলি। গতিকে, মোৰ হাতত মুঠেই দুদিন আছে। আৰু, গোহাঞিদেৱে মোক দুদিনলৈ হে দিন দিছে। তাৰ পাচত আৰু তেওঁক ইয়াত কেৱে নেদেখে। কিন্তু তেওঁ আগধৰি বাজ হ'ব লাগিলে মোৰ আন কোনো উপায় নাথাকিব। আৰু তেতিয়া হলে তেওঁক সকলোৱে দায় দিব। বিশেষ, তেনে হ'লে, [ ২৫ ] ৰজায়ো তেওঁক অপৰাধী কৰিবৰ আশঙ্কা থাকে। গোহাঞিদেৱে মনৰ বেজাৰত বিপদলৈ পিঠি দিছে হয়, কিন্তু ৰজাই তেওঁক বিচৰাই ধৰাই আনি ইয়াৰ প্ৰতিশোধ ল'ব। ৰাজকোঁৱৰৰ বিয়াত বিঘিনি জন্মোৱাটো সামান্য অপৰাধৰ কথা নহব। তেতিয়া হলে, এই দুখুনীৰ দুয়ো কূল হেৰাব। গোহাঞিদেৱৰ প্ৰাণলৈকো আশঙ্কা; আৰু ময়ো জীৱন্তে অনাথিনী হম। এতেকে, বিয়াৰ বিঘিনি ঘটোৱাত কেতিয়াও গোহাঞিদেৱক কাৰণ হবলৈ নিদিওঁ। কিন্তু, কি উপায়েৰে এই অসাধ্য সাধন কৰোঁ! বিয়াৰ বিঘিনি সম্পূৰ্ণে ময়ে নহলে, আৰু অইন উপায় নেদেখোঁ। বিয়া মই ভঙ্গাটো নহলে, ইয়াৰ বিষময় ফল গোহাঞিদেৱ আৰু দেউতাৰ গাত ফলিয়াব। এতেকে, ভাবি পাইছোঁ, ঘৰৰপৰা মই বাজ হোৱাটোৱেই আটাইতকৈ ভাল উপায়।

এই কথা অতি গুপুত। কিন্তু, মোৰ যোৱাৰ উদ্দেশ্য ভালকৈ ভাঙ্গি কৈ নগলে, গোহাঞিদেৱে পাচতো গোলমাল লগাব পাৰে। তেওঁ যদি আগৰ কথামতে দুদিনৰ মূৰত, মই যোৱাৰ পাচতো যায়, তেতিয়া হলেও সকলোৱে ভাবিব যে, এইবোৰ দুইৰো কেতিয়াবাৰেপৰা আলচ। পিচে, কি উপায়ে তেওঁক এই কথা জনাওঁ? মুখেৰে কবলৈ গলেও, গোহাঞিদেৱ আগ হ'ব। তেওঁ মোক কেতিয়াও যাবলৈ নিদিয়ে। এতেকে, চিঠিৰে জনোৱাটোৱেই সবাতকৈ ভাল উপায়। যাবৰ সময়ত বেৰ সৰকাই চিঠিখন তেওঁৰ শোৱা কোঠাত পেলাই থৈ যাম।ইয়াকে স্থিৰ কৰি লৰালৰিকৈ চিঠি লিখিবলৈ বহিলোঁ। অলপ সময়ৰ ভিতৰতে চিঠিত ভালেমান কথা লিখিলোঁ। চিঠি বৰ দীঘল হ'ল। তথাপি দুবাৰ ঘূৰাই ঘূৰাই পঢ়িলোঁ। পঢ়ি আঁচলৰ আগত বান্ধি থলোঁ।

ভাত-পানী খোৱা হ'ল। দেউতাক মুহুদিৰ তামোল কাটি দিলো। বৰ হেঁপাহেৰে আৰু দুখনি কাটি থুৰিয়াই দেউতাৰ তামোল খোৱা বটাত লাহেকৈ থলোঁগৈ। দেউতা শুইছিল গৈ। মোক বটাৰ কাষলৈ [ ২৬ ] যোৱাৰ গম পাই তেওঁ মাত লগালে, "আই"! মই উত্তৰ দিলোঁ, "দেউতা"? সুধিলে, "কি কৰিছা আই?" মোক শোকে খুন্দা মাৰি ধৰিলে, মোৰ মাত নোলাল। দেউতাই আকৌ কলে, "আই? শুই থাকাঁগৈ"। মই গেন্‌গেনীয়াকৈ উত্তৰ দিলোঁ, "ভাল।"

দেউতাক দেখুৱাই তেতিয়াই পাটীত পৰিলোঁহি। কিন্তু মোৰ অন্তৰৰ পোৰণিত তৰণি নাই। দেউতালৈ চালেও মৰোঁ, বাহিৰৰ বিপদলৈ চালেও ডবো, কি কৰিম বিবুদ্ধি। চাটিফুটি কৰিলে দেউতাৰ টোপনি অহা পলম হ'ব। সেই কাৰণে, টানিমানি নিটাল মাৰি ৰলোঁ। কিন্তু, মনে আকাশ-পাতাল জুৰি ভ্ৰমিবলৈ ধৰিলে। বলেৰে চকু মুদি ৰৈছোঁ, কিন্তু কাণ সজাগ ৰৈছে। এই ভাবে অলপ পৰ আছোঁ, এনেতে, চাকুলী বাইৰ নাক-বাজনী উঠিল। শুনি ভাল লাগিল। ভালেমান পৰ টলকা মাৰি ৰলোঁ। মাৰলঘৰত শোৱা লিগিৰাহঁতৰো টোপনিত নাক বজা শুনিলোঁ। আৰু ভাল লাগিল। কিন্তু দেউতাৰ টোপনি অহাৰ গম্‌ ধৰিব পৰা নাই। তেওঁ শুলে টোপনি যোৱাৰ গম্‌ ধৰিবলৈ টান। এখন মান তামোল খাবৰ পৰ আকৌ নিটাল মাৰি ৰলোঁ। তাৰ পাচত, এবাৰ মূৰ তুলি চাওঁ দেখোন দেউতাৰ টোপনি আহিল। মই লাহেকৈ উঠি হাতৰ সাৰে ভৰিৰ সাৰে জুহালৰ কোঠা পালোঁহি। তাৰ পৰা ধীৰে ধীৰে মোৰ বুলনি কোঠাত সোমালোঁগৈ। সোমাই চাকিটো জ্বলালোঁ। তাৰ পাচত, শুবলৈ অহাৰ আগেয়ে যতনাই থোৱা কাপোৰৰ টোপোলাটো নমাই ললো। আৰু, তাৰ পৰা উলিয়াই লৈ এখন চুৰিয়া পিন্ধি কঁকালত এখন চেলেং মেৰিয়ালো। নিচেই তলত এটা বুকুচোলা পিন্ধি তাৰ ওপৰত এটা দীঘল চোলা পিন্ধিলোঁ। গাত এখন চেলেং ছটিয়াই ললোঁ। মূৰত এটা পাগুৰি মাৰিলোঁ। আৰু, আৰ্চীখনলৈ ভালকৈ চালো,-সাইলাখ ষোলবছৰীয়া ল'ৰা এটাৰ দৰে হলোঁ। [ ২৭ ] বাহিৰ ওলাই চোতালত ভৰি দিলোঁহি, এনেতে গছৰ ডালত ফেঁচাই কু-ৰু-ৰু কৰি উৰুলি দিলে। মই মনতে শলাগিলোঁ "ভাল কথা, মোৰ বিয়া হৈছে উৰুলি দিয়া।" তাৰ পৰা মই লাহে লাহে গৈ গোহাঞিদেৱৰ শোৱনীঘৰৰ কাষ চাপিলোঁগৈ। এবাৰ বেৰ-জলঙাইদি জুমি চালোঁ। দেখিলো, চাকিটি ধিমিক্-ধামাককৈ জ্বলি আছে। গোহাঞিদেৱে সাজ নসলোৱাকৈ বিছনাত পৰি দীঘল দি আছে; টোপনি নে সাৰেৰে নিটাল মাৰি আছে তত্‌ ধৰিব নোৱাৰিলো। মোৰ হাতৰ মুঠিতে চিঠিখন, কিন্তু বেৰ সৰকাবলৈ সাহ যোৱা নাই। কি কৰিম, ইফালে ভিতৰত কোনোবা সাৰ পাই উঠে যেন লাগিছে। গোহাঞিদেৱে গম্‌ পালেও সৰ্ব্বনাশ ঘটে! একো স্থিৰ কৰিব নোৱাৰি উচপিচাই আছোঁ। এনেতে, কোনোবা লগুৱা এটাই টোপনিতে বলকি উঠিল। সি 'কোন্‌ কোন্' বোলা যেন মোৰ কাণত বাজিলহি। -মই ঘামি উঠিলো। মোৰ গাত তত্ নোহোৱা হ'ল। ভাবিবৰ আৰু সময় নহল। কণামুনাকৈ চিঠিখন বেৰ সৰকাই দি, ভিৰাই লৰ ধৰিলোঁ। আঁতৰিবৰ সময়ত গোহাঞিদেৱক থিয় হোৱা যেন দেখি আহিলোঁ। মই উলটি চোৱা নাই, ভঁৰালঘৰৰ আঁৰ লৈ প্ৰাণকাতৰে লৰ ধৰিছোঁ। পিচলৈ মই মন কৰা নাই, -গাৰ চেলেংখনৰ একাঁচল মাটিত চুঁচৰি শুকান গছপাতত লাগি জৰজৰাই গৈছে। মোৰ ভাব হ'ল, লগুৱাটোৱে নে গোহাঞিদেৱেই মোক পিচে পিচে খেদি আহিছে। উলটি চোৱা নাই, প্ৰাণকাতৰে লৰিছোঁ। কিন্তু, কোন ফালে কলৈ গৈছোঁ কব নোৱাৰোঁ। তথাপি লৰিছোঁ, উলটি চোৱা নাই। পাচলৈ, উশাহ নোপোৱা হলোঁ। বুকুত বতাহে খুন্দা মাৰি ধৰিলে। আৰু এখোজমানো আগ বাঢ়িবলৈ শক্তি নোহোৱা হ'ল। বহি পৰিলোঁ। বহুত আহিলোঁ যেন লাগিল। কিন্তু, অলপ পৰ উশাহ লৈ চাওঁ, দেখোন তেতিয়াও মই আমাৰ টোলৰ দাঁতিতে! জিৰাবৰ সময় নাই। আকৌ ................ টানিমানি আকৌ লৰ ধৰিলোঁ। এইবাৰ দক্ষিণ [ ২৮ ] মুৱাকৈ পথাৰ ওলাবলৈ ধৰিলো। এইদৰে এছোৱা লৰ ধৰি, এছোৱা বেগ্‌ দি পথাৰৰ মাজ ওলালোঁগৈ। পথাৰখনৰ সিপাৰেই এখন গাওঁ যেন দেখিলোঁ। গাওঁৰ মাজ সোমোৱাটো নিৰাপদ যেন নালাগিল। সেইকাৰণে তাৰপৰা পছিমমুৱাকৈ বেগ্‌ দিলোঁ। এইদৰে দুখনমান তামোল খোৱাৰ পৰ গৈ এটা চাপৰিত উঠিলোঁগৈ। চাপৰিটো বৰ দীঘল আৰু বহল। ডাঙৰ গছ নাই। মাজে-মাজে দুই চাৰিটা বিৰিণাৰ জোপা। দুই দাঁতিয়ে মানুহৰ গাওঁ ভুঁই থকা যেন লাগিল। গতিকে, সমুখৰ পোনেই বেগাবেগিকৈ আগ বাঢ়িলোঁ। ক্ৰমাৎ যাবই লাগিছো। চাপৰিটোৰ সোঁ-মাজমান পালোঁগৈ। এনেতে, অকস্মাৎ মেঘে গিৰ্‌গিৰাই উঠিল। আৰু, অলপ পাচতে ক'লা ডাৱৰে আকাশ ঢাকি পেলালে। লাহে লাহে তৰা এটিও নেদেখা হল। কেইওফালৰ পৰা ঘোপ্‌মৰা আন্ধাৰে মোক গিলি ধৰাদি ধৰিলে। কেনিও বাট-পথ নেদেখা হলোঁ। তথাপি ৰোৱা নাই। গৈ আছোঁ। আৰু অলপ পাচতে ঢেৰেকনি-ধুমুহা আৰম্ভ হ'ল। একো একোবাৰ ঢেৰেকনিত কাণ টাল মাৰি যায়। স্বৰগ ভাগি মূৰত পৰা যেন লাগি যায়। কোনো কোনো বাৰ যুৰীয়াকৈ পাতাল-ফটা গাঁজনি মাৰে। মই সেইপোনেই মাটিতে চেপেটা লাগি পৰোঁ। আকৌ উঠোঁ, আকৌ যাওঁ। এইদৰেই পৰি-ধৰি অলপ যাওঁতেই মৌচেপা বৰষুণ আহিল। খন্তেকতে তিতি জুৰুলি-জুপুৰি হলোঁ। তথাপি গৈছো মাজে মাজে একোবাৰ একো নেদেখা হওঁ। একোবাৰ জপ্‌-জপাই বিৰিণাৰ জোপাত উঠোঁগৈ। একোবাৰ বিজুলীৰ পোহৰত বাট দেখা পায় এছোৱা লৰ ধৰোঁ। কিন্তু, বিজুলীয়ে উপকাৰৰ লগত অপকাৰো মাতিলে। ইমান পৰলৈকে মোৰ মানুহ-শত্ৰুলৈ মাথোন ভয় হৈছিল; এতিয়া বিজুলীৰ চমকনিয়ে চকুৰ আগত ভয়ঙ্কৰ ৰূপ দেখুৱাবলৈ ধৰিলে। মোক কেইওফালৰ পৰা বন-শত্ৰুৱে বেৰি ধৰা যেন পালোঁ। একোবাৰ ছাঁটোকে বাঘটো দেখিছোঁ। বিৰিণাৰ [ ২৯ ] জোপাটোকে কিবা এটা বহি থকাৰ দৰে দেখি যাওঁ। একোবাৰ ধৰিলেহি ধৰিলেহি যেন লাগি যায়; মই থিতাতে মাটিত চেপেটা লাগোঁ। এইদৰে আধামৰা হৈ যাওঁতে যাওঁতে চাপৰিতো এৰাই গলোঁ। আৰু ঢেৰেকনি, ধুমুহা, বৰষুণে অলপ শাম কাটিবলৈ ধৰিলে। ইয়াৰ অলপ পাচতে বতৰ আকৌ মুকলি হ’ল। আকাশত তৰাবিলাক আকৌ জিলিকি উঠিল। আন্ধাৰ ৰাতি বুলিও, বাট-পথ আৰু দাঁতি-কাষৰৰ উৱাদিহ ধৰিব পৰা হলোঁ। দেখিলোঁ, আগত এখন সৰু পথাৰ। আৰু অলপ গলেই পথাৰৰ মাজত এজুপি অকলশৰীয়া গছ পায়গৈ। গছজুপি পাতে-চোতে গপ্‌গপীয়া। তলখন জিৰণিৰ থল যেন লাগিল। লৰালৰিকৈ গৈ গছৰ তলত থিয় হলোঁ। আৰু এখন এখনকৈ গাৰ তিতা কাপোৰকেখন চেপি, আকৌ আগৰ দৰে ভালকৈ পিন্ধি ললোঁ। এনেতে, লাহে লাহে পোহৰৰ আভাস পোৱা গ’ল। পূব-ফালে ক্ৰমাৎ সেন্দুৰীয়া হৈ আহিল। ধীৰে ধীৰে আন্ধাৰৰ ক'লা বৰণে পোহৰৰ মুকলি বৰণ ধৰি আহিল। চাওঁতে চাওঁতে ৰাতিৰ আন্ধাৰ পুৱাৰ পোহৰত লয় পালে। ময়ো লাহেকৈ গছৰ তলত গুটি সৰি পৰাদি পৰি বহি পৰিলোঁ।