সমললৈ যাওক

পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ সুখী হলেও মই সেই সুখৰ ভাগ পোৱাৰ নিচিনা। তৰা আইদেউ গোহাঞিদেৱৰ হৃদয়ৰ গৰাকিনী হব। কিন্তু, মইতো মোৰ গোহাঞিদেৱৰ চৰণৰ গৰাকিনী হব পাৰিম। এই ফেৰি অধিকাৰৰ পৰা মোক কেৱে বঞ্চিত কৰিব নোৱাৰে। এক পুৰুষৰ চৰণ সহস্ৰ গোপিনীয়ে পূজাৰ বিধি আছে। ভগৱন্ত শ্ৰীকৃষ্ণদেৱে তাৰ জলন্ত পটন্তৰ থৈ গৈছে। ইয়াকে ভাবি-চিন্তি নিশ্চিত হলোঁ। আনৰ লগত বিয়া-ঘৰীয়া হবলৈ মোৰো মন গ'ল।

কিন্তু যি ভাবিছিলো সি নহয়। মই তাতোকৈ অভাগিনী। মোক চিৰ-দুখুনী কৰিবলৈ বিধাতাৰ ইচ্ছা। মোক জীৱন্তে জীয়াতু কৰিবলৈ বিধিৰ ব্যৱস্থা! মোৰ ইহ-পৰকাল হানি কৰিবলৈ বিধিৰ বিড়ম্বনা-- বিয়া সিখন নহয়, ইখন হে! ৰজাৰ কোঁৱৰলৈ বোলে মোক বিয়া দিয়ে! কি আচৰিত! কেনে অভাবনীয় কথা! শুনি যাওঁতেই বজ্ৰপাত পৰি মই নমৰিলো কিয়? মোক দেউতাই দ্বিচাৰিণী কৰিবলৈ ব্যৱস্থা পাতিছে! মই যে মোৰ মন-প্ৰাণ মোৰ ইষ্ট গুৰু প্ৰাণৰ স্বামী গোহাঞিদেৱৰ চৰণত মনে মনে কেতিয়াবাই সঁপিলোঁ। এতিয়া যে আৰু মোৰ ওপৰত আনৰ অধিকাৰ নাই। কিন্তু হাঁয়, দেউতাৰ বা দোষ কি? তেওঁতো মোৰ অন্তৰৰ ভাব বুজা নাই। বুজিব কেনেকৈ? কাৰ্য্যত দেখাকৈ মোৰ মনোভাব মোৰ হৃদয়ৰ স্বামী প্ৰাণৰ ইশ্বৰ গোহাঞিদেৱে জানিবলৈকো অলপ বাকী হে। তেন্তেনো কি উপায় হ'ব এতিয়া? এনে মহা বিপদৰ পৰা কোন গোসাঁয়ে মোক উদ্ধাৰ কৰিব? এই মহা সঙ্কটত মই কাৰ পৰা এফেৰি ভৰসা পাম? - গোহাঞিদেৱলৈ লিখি সুধিম? দেহি ঐ, কি সতে লিখিম, মোৰ কাপত তেনে নিঠুৰ কথা কোন মুখে ওলাব! এই অসহনীয় উগুল-থুগুল ভাবত তৰণি নাপাই এখুজি-দুখুজিকৈ উমানত গৈ থাকোতেই ফুলনিত ওলালোগৈ।