পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


উঠিল। তেওঁ কিবা উদ্দেশ্যত দৃঢ়প্ৰতিজ্ঞ যেন দেখিলোঁ। মোৰ মুখলৈ এবাৰ কাতৰভাৱে চাই, তেওঁ উত্ৰাৱল হৈ যাবলৈ ঘূৰিল। মই পিচফালৰ পৰা তেওঁৰ ভৰি দুটিত গবা মাৰি ধৰি আকৌ দীঘল দি পৰিলোঁ। বেহুঁচ্‌ হলোঁ!

* * *

গোহাঞিদেৱ:― কি বিপদ! ভানু, তুমি নুবুজা কিয়? তোমাৰ এনে উতলা ভাৱে কিবা ওলটাব পাৰিবনে? অবুজ নহবাঁ। মোৰ কথা শুনা। শুভ কাৰ্য্যত বিঘিনি নজন্মাবাঁ। উঠা; ঘৰলৈ যোৱা। তুমি মোৰ এই কথা শুনিলে মই বৰ ৰং পাম!

মই:― প্ৰাণনাথ! মই প্ৰাণ দিও আপোনাৰ কথা মানিবলৈ সাজু আছোঁ। কিন্তু, প্ৰাণেশ্বৰ! এই দুখুনী অভাগিনীৰো শেষ কথা এটি আপুনি ৰাখিব লাগে। আপুনি মোক আৰু দুটা দিন দিয়ক। কাইলৈ নগৈ, আৰু দুদিন পলমে যাওক।

গোহাঞিদেৱ অগত্যা মোৰ কথাত মান্তি হ'ল। ভিতৰত চাকুলী বুঢ়ীয়ে মোক বিচৰা যেন গম্‌ পালো। ধীৰে ধীৰে গোহাঞিদেৱ পদূলিমূৰলৈ ওলাল। মই পিচ-দুৱাৰেদি ভিতৰ সোমালোহি।