পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ফুলনিত মোৰ কিমানপৰ হ'ল কব নোৱাৰো। তাতে সন্ধিয়া লাগিল। গাৰ নোম নেদেখা হল। ঘৰৰ ভিতৰত এটি-দুটিকৈ চাকি জ্বলিছে। লিগিৰা-লিগিৰিবিলাকে গৰু-গাই বান্ধি ভিতৰ সোমাইছে। জাৰত কঁপি কঁপি চাকুলী বুঢ়ী জুহালৰ ওচৰ চাপিছেগৈ। এনেতে, পদূলিমূৰৰ কদমৰ ডালৰপৰা ফেঁচা এজনীয়ে "নি-ই-ওঁ" বুলি মাতিলে! শুনি মোৰ ভাল লাগিল। এই মাতত আনকালৰ নিঠুৰ ভাব নাই। শুনি গা শাঁত লাগি হে গল। ফেঁচাই আকৌ বুলিলে, "নি-ই-ওঁ।" মই কলো, "মোকে নিয়া।" এনেতে, পিচফালৰপৰা লৰি আহি কোনে অতি কাতৰভাৱে মাত লগালেহি, "কিয় নিব তোমাক ভানু, নিব লাগে যদি মোক নিয়ক।" উলটি চাই মই অবাক! দুয়ো অলপমান পৰ ঠৰ লাগি ৰলো। তাৰ পাচত,

 গোহাঞিদেৱ।― নকবাঁ সি কথা।
 মই।― প্ৰাণনাথ!
 গোহাঞিদেৱ।― নকবাঁ সি কথা।
 মই।― হেজাৰবাৰ কম। লাখবাৰ কম।
 গোহাঞিদেৱ।― ভানু! এতিয়া আৰু তোমাৰ সেই ভাব সলাবৰ দিন পৰিলহি!
 মই।― সঁচা, প্ৰাণেশ্বৰ! মোৰ এই দেহা সলাবৰ দিন পৰিছেহি।
 গোহাঞিদেৱ:― কিয় কোৱা তেনে কথা, ভানু!
 মই।― তেন্তে নো কি সলাবলৈ কয়, প্ৰাণনাথ?
 গোহাঞিদেৱ:― উতলা নহঁবা ভানু! এতিয়া অস্থিৰ হবৰ সময় নহয়। নিজৰ ভাগ্যৰ শৰণ লবলৈ হে এতিয়া সাজু হব লাগে।
 মই।― নহওঁ উতলা প্ৰাণনাথ! মই আজি আগতকৈও স্থিৰ। নিজৰ ভাগ্যৰ শৰণ লবলৈ আজি মই সাজু হৈছো।
 গোহাঞিদেৱ।― তেন্তে মোৰ প্ৰতি তোমাৰ এই সম্বোধন কিয়? এতিয়াৰে পৰা তুমি মোক ল'ৰাকালৰ লগৰীয়া বুলি মাথোন ভাবিবাঁ।