ভানুমতী/চতুৰ্থ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ১৫ ]

চতুৰ্থ আধ্যা

চিঠি-পত্ৰ

কেইদিনমানৰ পৰা দেউতাৰ মনটিত ৰং। পূৱা-গধূলি জিৰণিৰ সময়ত তেওঁৰ মনটি ফুলি থকা যেন দেখোঁ আৰু, মই মন কৰিছোঁ মানুহৰ লগত কথা-বাৰ্ত্তা হওঁতে অলপ মন ভাল লগা কথা ওলালেই দেউতাৰ মুখত হাঁহি বিৰিঙ্গিবলৈ ধৰে। ইয়াৰ আচল অৰ্থ কি তাকেহে বুজিব পৰা নাই।

ৰজাঘৰৰ পৰা মানুহ অহাটোও কেইদিনমানৰ পৰা ঘন হৈছে। সেইদিনা দেউতাক অসময়ত ৰজাই মতাই নিয়াৰ পাচৰপৰা ৰজাঘৰীয়া মানুহ কেইবাযোৰাও লালিকৈ আহিছিল। তাৰ পাচতো নিতৌ আহিবই লাগিছে। আহেমানে যেন দেউতাই ভাল পায়। মানুহ উঠি যাবৰ সময়ত দেউতাই এনে ভাৱে বিদায় দিয়ে যেন সিবিলাক আকৌ আহেগৈ। মোৰ হলে, কি এটা কথা, ৰজাঘৰৰ মানুহ বুলিলে দেখিবৰ মন নাযায়, আমনি কৰিবলৈ অহা যেনহে লাগে। দেউতাই ভিতৰলৈ তামোল খুজি পঠিয়ালে মনে-মনে মোৰ বৰ খং উঠে। নোৱাৰাত হে তামোল কাটি দি পঠিয়াওঁ। এই মানুহ বিলাক আহে কিয় আৰু কেইদিনমানৰ পৰা অহা ঘন হৈছে কিয়, মই বুজিব পৰা নাই।

*   *   *

দেউতাৰ মনত ৰং লগাৰ আৰু এটি কাৰণ আছে। অৰ্থাৎ কেইদিনমানৰপৰা গোহাঞিদেৱৰ মনটি মুকলি। আগৰ দৰে তেওঁ আমন-জিমনকৈ নাথাকে। কাম-কাজ, কথা-বাৰ্ত্তা সকলোতে [ ১৬ ] তেওঁৰ সন্তোষ আৰু উৎসাহ লগা যেন দেখা যায়। দেউতাই ভাবিছে যে, তেওঁৰ সেই দিনাৰ সাৰুৱা বুজনিয়ে এই ফেৰা গুণ ধৰাইছে। এই বিশ্বাসতে তেওঁ এতিয়া গোহাঞিদেৱলৈকো বৰ সন্তোষেৰে চায়। অপুত্ৰক দেউতাৰ গোহাঞিদেৱেই যেন একেটি পুত্ৰ, তেওঁৰ ভাবত এনে বুজা যায়। আৰু দেউতাৰ তেনে ভাব দেখি মোৰ বুকুত জুৰ লাগি আহে। এনে ভাব দেউতাৰ মনত যিমান ডাঠ হয়, সিমানেই মই ৰং পাওঁ। সি যি হওক, কিন্তু দেউতাই গোহাঞিদেৱৰ মন মুকলি হোৱাৰ আচল অৰ্থ এতিয়াও ঢুকি পোৱাগৈ নাই। দেউতাৰ সাৰুৱা বুজনিয়ে গোহাঞিদেৱক জ্ঞান দিলে হয়, কিন্তু এই অভাগিনীয়ে নাজানি কৰা এফেৰি কামে হে তাৰ আচল গুটি ধৰালে।

সেই দিনাৰ পৰা মই নিতৌ এযুৰি ফুল গোহাঞিদেৱৰ গাৰুৰ ওপৰত সজাই থবলৈ ধৰিলোঁ। আৰু, পাচলৈ সি মোৰ দিনৌ কৰিবলগীয়া এটা কামৰ দৰে হৈ উঠিল। আগদিনা ফুলযুৰি সজাই থৈ আহোঁগৈ, পিচদিনা কৰণিত তুলি থোৱা পাই তাক উলিয়াই পেলাওঁগৈ। এই কামটিৰ বিষয়ে গোহাঞিদেৱ আৰু মোত বাদে আন কেৱে নাজানে। আৰু, এই কাৰ্য্যৰ মূলত কোন, গোহাঞিদেৱেও সেইটি জানে বুলি ডাঠি কব নোৱাৰো। সেইদৰেই ভালেমান দিন পাৰ হৈ গ'ল। পিচে, সেই কামটিৰ কৰোঁতা কোন, তাক জানিবৰ কাৰণে কেইদিনমানৰ পৰা গোহাঞিদেৱৰ মনত উগুল-থুগুল লাগিল। সেই অৰ্থেই এদিন তেওঁ ফুল কেইপাহি কৰণিত তুলি থওঁতে, লগতে এডুখৰি তুলাপাতত "কোন ইটি মনচোৰ?" এই কেইটি কথা লিখি থৈছিল। পিচে, সেইদিনা মই নতুন থৈ পুৰণি পেলাবলৈ যাওঁতে তুলাপাত ডুখৰিত লিখা কথাকিটি পঢ়ি চাই, আপোনা-আপুনি লাজে-ভয়ে, সুখে-দুখে বিভোৰ হৈ পৰিলো। কিছুমান পৰ এইভাৱে থৰ লাগি ৰৈ আছো। এনেতে মাৰল-ঘৰেদি [ ১৭ ] যাওঁতে কোনোবাই 'কোন সিটি' বুলি মাত লগাই গ'ল। মই সেই পোনেই মূছকঁছ যোৱাৰ দৰে হ'লো। তাৰ অলপ পাচত, হাতৰ সাৰে ভৰিৰ সাৰে মই গোহাঞিদেৱৰ কোঠাৰ পৰা ওলাই পোন-চাতেই পিচচোতাল পালোগৈ। সেইদিনাৰ পালি সেইদৰেই অন্ত পৰিল। পিচদিনা ফুল থবলৈ সোমাই গৈ, ময়ো সেই তুলাপাত ডুখৰিৰ পিঠিত "চোৰ নহওঁ, —আপোনাৰ মই হে" এই বুলি লিখি ফুল যুৰিৰ তলত পাৰি থৈ আহিলোগৈ। ইয়াক পাই গোহাঞিদেৱে বা আকৌ মনত কি ভাব লয়, সেইটি জানিবৰ নিমিত্তে মনত উগুল-থুগুল লাগিবলৈ ধৰিলে। সেইদিনা সন্ধিয়ালৈকে বেৰ-জলঙাৰপৰা চকু তুলিব নোৱাৰিলো। গোহাঞিদেৱ ওলাওঁতে সোমাওঁতে তেওঁৰ ভাব-গতিত সেই বিষয়ৰ কিবা উমান পাওঁ বুলি চাওঁতেই গ'ল। ৰাতিলৈ টোপনিৰো নাটনিত পৰিলো। পাটীত পৰিবৰ কত পৰ হ'ল, আনবিলাক সকলো শুই নিঃপালি দিলে, তেতিয়াও মোৰ চকুত টোপনি নাই। শেহ-ৰাতি মাথোন চিল-মিলকৈ এঘুমটি টোপনি আহিছিল। পিচদিনা কেতিয়া পুৱাটো পাৰ হয়, কেতিয়া দূপৰ হয়, কেতিয়া দেউতা আৰু গোহাঞিদেৱ ওলাই যায়, তালৈ বাট চাই আমনি লাগিছিল। পিচে, সিবিলাক গৈ বাটচ'ৰা পাৰ নৌ হওঁতেই মই গোহাঞিদেৱৰ শোৱাকোঠা পালোগৈ। পাই, দেখো যে কৰণিত ফুল দুটি এখন তুলাপাতত যতনেৰে তুলি থোৱা আছে। মই লৰালৰিকৈ তুলাপাতখন টান মাৰি আনি পঢ়ি চাওঁ যে, এই কেফাকি কথা লিখা আছে, "যেয়ে কি নোহোৱা 'মই, ভা-ভা-ভাবত ভানু-উদয়।" পঢ়ি যাওঁতেই মোৰ হাঁহি উঠিল, বোলো, গোহাঞিদেৱ খোনা হ'ল নে কি? ভা-ভা-ভাখন কিহৰ! কিন্তু, পিচমুহূৰ্ত্ততে মই লাজত তলমূৰ কৰিলোঁ; বুজিলো, মোক তেওঁ; ধৰা পেলাইছে। মই সেই সময়ত ভিতৰি কি যে হৈছিলো, কবলৈ কথা বিচাৰি নাপাওঁ। [ ১৮ ] এইদৰেই গ'ল, দিনচাৰেক। গোহাঞিদেৱেও কিবা এফাকি লিখি থৈ যায়, ময়ো কিবা এটি উত্তৰ লিখি থৈ আহোঁগৈ। এনে ব্যৱস্থাই গোহাঞিদেৱক কিমান সুখ দিছিল ক'ব নোৱাৰোঁ, মই হ'লে আনন্দত উতলি পৰিছিলো, মোৰ আগৰ চিন্তা-ভাবনা সকলো পাহৰি গৈছিলোঁ। এনে ব্যৱস্থা যেন চিৰকাল চলিব, এনে সুখৰ যেন অন্ত নপৰিব, এনে ভাবিছিলো! পিচে, এদিন এই সুখ উপচি পৰা যেন পালোঁ। আবেলি এদিন মই মূৰ মেলাই আছোঁ, এনেতে চাকুলী বাইৰ পুতেক আঘনাই চুচুক-চামাককৈ মোৰ ওচৰ চাপি মোৰ কোঁচতে বিয়োগ-নিদিয়া লেফাফা এটা পেলাই দি ভিৰাই লৰ মাৰিলে। মই 'কি' বুলি সুধিবলৈ নাপালোঁ। লৰালৰিকৈ লেফাফাটো মেলি চাওঁ দেখোন ভিতৰত এখন চিঠি। আখৰ গোহাঞিদেৱৰ। কথা এই কেই আষাৰ: "ভানু! তোমাক মই কি সম্বোধন ধৰিব পাওঁ, ভাবি-চিন্তি পাইছিলোঁ, কাৰ্য্যত দেখাবলৈ সাহ নহ'ল। আৰু, কপালত নাথাকিলে সি কাৰ্য্যত কেনেকৈ ফলিয়াব; সম্প্ৰতি সৰহ কবলৈ মোৰ চল নাই; কিন্তু মোৰ এই শোকে-চেপা হিয়াত যে তোমাৰ মোহিনী মূৰ্ত্তি কেতিয়াবাৰেপৰা থাপনা কৰা হৈছে, সেই সঁচা কথা কবলৈ সঙ্কোচ নকৰো। মন পালে, মনোভাব আৰু প্ৰকাশিব পাৰি। কিন্তু, ইয়াতে কিজানি বহুত দোষ কৰিছোঁ; ভানু ক্ষমা কৰিবাঁ।" চিঠিখন ঘূৰাই তিনিবাৰ পঢ়িলোঁ আকৌ পঢ়িলোঁ। পঢ়ি হেঁপাহ নুগুচিল। আকৌ পঢ়িম বুলি ৰিহাৰ আঁচলত বান্ধি ললোঁ।