সমললৈ যাওক

ভগৱান বুদ্ধ/কৰ্ম্মযোগ

ৱিকিউৎসৰ পৰা

[ ২৩৯ ]

কৰ্ম্মযোগ

 
বুদ্ধঃ নাস্তিক নে আস্তিক?

 এবাৰ বুদ্ধ ভগৱান বৈশালীৰ ওচৰৰ মহাবনত আছিল। সেই সময়ত কেইজনমান প্ৰখ্যাত লিচ্ছবী ৰজা তেওঁলোকৰ সংস্থাগাৰত গোট খাই- ছিল। তাত বুদ্ধৰ বিষয়ে আলোচনা হল। আলোচনাৰ সময়ত প্ৰায় আটায়ে বুদ্ধ, ধৰ্ম্ম আৰু সংঘৰ স্তুতি কৰিবলৈ ধৰিলে। তাকে শুনি সিংহ সেনাপতিৰ বুদ্ধ দৰ্শনৰ ইচ্ছা হল। তেওঁ নিগ্ৰৰ্ন্থৰ উপাসক আছিল হেতুকে নিজৰ মুখ্য গুৰু নাথপুত্তৰ লগত সাক্ষাৎ কৰিলে আৰু কলে, ‘ভদন্ত, মই শ্ৰমণ গৌতমৰ লগত সাক্ষাৎ কৰিবলৈ ইচ্ছা কৰোঁ।’

 নাথপুত্তই কলে, ‘হে সিংহ, তুমি ক্ৰিয়াবাদী, এতেকে তুমি অক্ৰিয়- বাদী গৌতমৰ লগত কিয় সাক্ষাৎ কৰিবলৈ বিচাৰিছা?’

 গুৰুৰ এই কথা শুনি সিংহ সেনাপতিয়ে বুদ্ধক দৰ্শন কৰিবলৈ যোৱাৰ ইচ্ছা এৰি দিলে। পিচত আকৌ তেওঁ দুবাৰ এবাৰ লিচ্ছৱীহঁতৰ সংস্থা- গাৰত বুদ্ধ ধৰ্ম্ম আৰু সংঘৰ স্তুতি শুনিলে। তথাপি নাথপুত্তৰ কথামতে তেওঁ বুদ্ধ-দৰ্শনৰ বাবে যোৱাৰ ইচ্ছা আকৌ স্থগিত ৰাখিব লগীয়া হল। শেহত নাথপুত্তক নোসোধাকৈয়ে সিংহই বুদ্ধৰ লগত সাক্ষাৎ কৰিবলৈ স্থিৰ কৰিলে আৰু নিজৰ দলবল লগত লৈ মহাবনলৈ গৈ তেওঁ ভগৱানক নমস্কাৰ কৰি এফালে বহি পৰিল আৰু ভগৱানক এই বুলি প্ৰশ্ন কৰিলে, ‘ভদন্ত, এইটো সঁচানে যে আপুনি অক্ৰিয়বাদী আৰু শ্ৰাৱকসকলক আপুনি অক্ৰিয়বাদৰ কথা শিকায়?’

 ভগৱানে কলে, ‘এটা পৰ্য্যায়ৰ পৰা চালে অৱশ্যে সত্যবাদী মানুহে এই বুলি কব পাৰে যে শ্ৰমণ গৌতম অক্ৰিয়বাদী। সেই পৰ্য্যায়নো কি? [ ২৪০ ] হে সিংহ, মই কায়দুশ্চৰিত, বাগ্‌দুশ্চৰিত আৰু মনোদুশ্চৰিতৰ অক্ৰিয়াৰ উপদেশ দিওঁ।

 ‘হে সিংহ, আন এটাও পৰ্য্যায় আছে যাৰ পৰা সত্যবাদী মানুহে কব পাৰে যে শ্ৰমণ গৌতম ক্ৰিয়াবাদী। সেই পৰ্য্যায়নো কি? মই কায়সুচৰিত, বাক্‌সুচৰিত, আৰু মনঃসুচৰিতৰ ক্ৰিযাৰ উপদেশ দিওঁ।

 ‘আৰু এটা পৰ্য্যায় আছে যাৰ দ্বাৰা সত্যবাদী মানুহে মোক উচ্ছেদবাদী বুলিব পাৰে। সেই পৰ্যায়নো কি? হে সিংহ, মই লোভ, দ্বেষ, মোহ আদি সকলো পাপকাৰক মনোবৃত্তিৰ উচ্ছেদৰ বাবে উপদেশ দিওঁ।

 ‘আৰু এটা পৰ্য্যায় এনে যাৰ পৰা সত্যবাদী মানুহে মোক জুগুপ্সী বুলিব পাৰে। এই পৰ্যায়নো কি? মই কাযদুশ্চৰিত, বাগ্‌দুশ্চৰিত আৰু মনোদুশ্চৰিতক জুগুপ্সা (ঘৃণা) কৰোঁ। পাপকাৰক কামত মই অতিষ্ঠ হৈ পৰোঁ।

 ‘আৰু এটা এনে পৰ্য্যায়ো আছে যাৰ দ্বাৰা সত্যবাদী মানুহে মোক বিনাশক বুলিব পাৰে। সেইটোনো কি? মই লোভ, দ্বেষ আৰু মোহৰ বিনাশ কৰাৰ বাবে উপদেশ দিওঁ।

‘আৰু সিংহ, এনে আৰু এটা পৰ্য্যায় আছে যাৰপৰা সত্যবাদী মানুহে মোক তপস্বী বুলি কব পাৰে। সেই পৰ্য্যায়নো কি? হে সিংহ, মই কওঁ যে পাপকাৰক অকুশল ধৰ্ম্মক তপতাই দিব লাগে যাতে পাপকাৰক অকুশল ধৰ্ম্ম গলি যায়, নষ্ট হৈ যায়, আকৌ তাৰ উৎপন্ন নহয়, তাকে মই তপস্বী বোলো।[১]

 নাস্তিকতাৰ আৰোপ——এই সুত্তত বুদ্ধক প্ৰধানতে অক্ৰিয়বাদী বুলি আৰোপ কৰা হৈছে। স্বয়ং মহাবীৰ স্বামীয়ে এই দোষাৰোপ


(১)^ চাওক, বুদ্ধলীলাসাৰ-সংগ্ৰহ, পৃষ্ঠা ২৭৯-২৮১। [ ২৪১ ] কৰিছিল নে নাই সেই কথা কব নোৱাৰিলেও এই বিষয়ত হলে সন্দেহ নাই যে সেই সময়ত বুদ্ধৰ ওপৰত এনে ধৰণৰ দোষাৰোপ কৰা হৈছিল।

 গৌতমে ক্ষত্ৰিয়-কুলত জন্মগ্ৰহণ কৰিছিল। শাক্য ক্ষত্ৰিয়সকলৰ প্ৰতিৱেশী আৰু সম্বন্ধীয় আছিল কোলিয় ক্ষত্ৰিয়সকল। আমি আগেয়ে কৈ আহিছোঁ যে এই দুয়োটা পক্ষৰ মাজত ৰোহিণী নৈৰ পানী লৈ সদায় মৰামৰি হৈছিল। যদি কোনো খেলৰ মানুহে আন কোনো খেলৰ মানুহৰ কোনো ক্ষতি কৰে, বা খেলৰ মানুহক হত্যা কৰে, তেন্তে প্ৰথম খেলৰ মানুহে দ্বিতীয় খেলৰ মানুহৰ ক্ষতি কৰি বা সেই খেলৰ মানুহক হত্যা কৰি প্ৰতিশোধ লোৱাৰ প্ৰথা আজিকালিও সীমান্তৰ পাঠানসকলৰ মাজত প্ৰচলিত আছে। যদিহে পুৰণি কালত এনে প্ৰথা ভাৰতৰ ক্ষত্ৰিয়সকৰ মাজতো আছিল, তেন্তে আচৰিত হবলগীয়া কোনো কথা নাই। কিন্তু বাস্তৱতে আচৰিত হবলগীয়া কথা হল এয়ে—ক্ষত্ৰিয় কুলত জন্মলাভ কৰিও গৌতম নিজৰ চুবুৰীয়া আৰু সম্পৰ্কীয় লোকৰ ওপৰত প্ৰতিশোধ লবলৈ একেবাৰে অমান্তি হল আৰু তেওঁ নিজে একে বেলিয়েই তপস্বী সমাজভুক্ত হৈ পৰিল।

 গৃহস্থাশ্ৰমত মন বিৰক্ত হলে সেই সময়ত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে গৃহ–ত্যাগ কৰি পৰিব্ৰাজক হৈছিল আৰু ঘোৰ তপস্যা কৰিছিল। গতিকে গৌতম তপস্বী হৈ যোৱাত কোনো আচৰিত হোৱা নাছিল চাগৈ। মানুহে হয়তো বৰ বেচি ইমানকে কৈছিল যে এই তৰুণ গৃহস্থজনে নিজৰ আশ্ৰমৰ বাবে অনুপযোগী বুলি পৰিচয় দিলে। কিন্তু সাত বছৰ তপস্যা কৰি গৌতম বোধিসত্ত্ব বুদ্ধ হৈ গল আৰু গৃহস্থাশ্ৰমৰ সুখ উপভোগ আৰু সন্ন্যাসাশ্ৰমৰ তপস্যা দুয়োটাকে সমানভাবে নিষেধ কৰিবলৈ ধৰিলত চাগৈ টিকা-টিপ্পনী হবলৈ ধৰিলে।

 ব্ৰাহ্মণসকলে বিচাৰিছিল যাতে প্ৰচলিত সমাজ-প্ৰণালী অটুট থাকে। তেওঁলোকৰ কৰ্ম্মযোগ এয়ে আছিল যে ব্ৰাহ্মণে যাগ-যজ্ঞ কৰিব লাগে, [ ২৪২ ] ক্ষত্ৰিয়ই যুদ্ধ, বৈশ্যই বেহা-বেপাৰ আৰু শূদ্ৰই সেৱা কৰিব লাগে। যাৰ এই কৰ্ম্মযোগ ভাল নালাগে তেওঁ অৰণ্যলৈ গৈ তপস্যা কৰি আত্মবোধ লাভ কৰিব পাৰে, নহলে মৃত্যুবৰণ কৰিব পাৰে, কিন্তু তেওঁ এনে কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা সমাজৰ ব্যৱস্থা থানবান হৈ যাব পাৰে। বেলেগ বেলেগ শ্ৰমণ-সংঘই ভিন ভিন দৰ্শনৰ প্ৰতিপাদন কৰিছিল, তথাপি তপস্যা বিষয়ত প্ৰায় আটায়েৰে একমত আছিল। তাৰ ভিতৰত নিৰ্গ্ৰন্থ সকলে কৰ্ম্মক বিশেষ মহত্ত্ব দিছিল। তেওঁলোকৰ নেতাই কৈছিল যে এই জন্ম দুখকাৰক আৰু পূৰ্বজন্মৰ পাপ-কৰ্মেৰে লিপ্ত হোৱা হেতুকে সেই পাপ নষ্ট কৰিবলৈ ঘোৰ তপস্যা কৰা উচিত। কিন্তু বুদ্ধ ভগৱানে তপস্যাৰ নিষেধ কৰিছিল। গতিকে নিৰ্গ্ৰন্থসকলে তেওঁক অক্ৰিয়বাদী (অকৰ্ম্মবাদী) বুলি কৈছিল যদি, সি তেনেই স্বাভাৱিক আছিল। বুদ্ধই অস্ত্ৰ-ত্যাগ কৰিছিল, গতিকে ব্ৰাহ্মণসকলৰ দৃষ্টিত তেওঁ অক্ৰিয়বাদী হৈ পৰিছিল আৰু তপশ্চৰ্য্যা ত্যাগ কৰা হেতুকে তপস্বীসকলৰ দৃষ্টিতো তেওঁ অক্ৰিয়বাদী আছিল।


বৈপ্লৱিক দৰ্শন

 ইয়াতে এটা কথা মনত ৰখা উচিত হব যে অকল আত্মবোধৰ দ্বাৰা মোক্ষ প্ৰাপ্তিৰ উদ্দেশ্যে গৌতমে গৃহত্যাগ কৰা নাছিল। তেওঁ নিজৰ প্ৰতিবেশীসকলৰ ওপৰত অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰাটো ভাল নাপালে; আৰু তেওঁৰ মনত সততে এই প্ৰশ্নটো আহিবলৈ ধৰিলে যে অস্ত্ৰ নোহোৱাকৈ, পৰস্পৰৰ মিত্ৰতাৰ ভেটিত জানো কোনো সমাজ গঢ়ি তুলিৰ পৰা নাযায়? তেওঁৰ ধাৰণা হল যে তপস্যাৰ দ্বাৰা আৰু তপস্বী সকলৰ তত্ত্বজ্ঞানৰ দ্বাৰা মানুহ জাতিৰ কাৰণে এনে কোনো সৰল মাৰ্গ পোৱা যাব আৰু সেই কাৰণেই তেওঁ ঘৰবাৰী ত্যাগ কৰি তপস্যা আৰম্ভ [ ২৪৩ ] কৰিলে। পিচত যেতিয়া দেখিলে যে তাৰ পৰা একো লাভ নাই, তেতিয়া তেওঁ তাকো ত্যাগ কৰি এটা অভিনৱ মধ্যম মাৰ্গ বিচাৰি উলিয়ালে।

 আজিকালিও এইদৰে ৰাজনীতিজ্ঞ আৰু ধাৰ্মিক লোকসকলে বিপ্লৱপন্থী লোকৰ বেলিকা বিনাশক ( nihilist ) আদি বিশেষণ প্ৰয়োগ কৰে আৰু সমাজৰ আগত তেওঁলোকৰ অজ্ঞতা বোৰ দাঙি ধৰে, ঠিক তেনেকৈয়ে আমি ধৰি লব পাৰোঁ যে বুদ্ধৰ সমসাময়িক টীকাকাৰ সকলে তেওঁক অক্ৰিয়বাদী বুলি কৈছিল আৰু ৰাইজৰ আগত তেওঁৰ নতুন দৰ্শন নিৰৰ্থক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল।

 দুশ্চৰিত আৰু সুচৰিত—ইয়াত উল্লেখ কৰা দুশ্চৰিত আৰু সুচৰিত সম্বন্ধে চমুকৈ আলোচনা কৰাটো উচিত হব। সালেয়্যক ব্ৰাহ্মণৰ আগত ভগৱানে কৈছিল, 'হে গৃহস্থী, কায়াৰ দ্বাৰা হব পৰা তিনি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি? কোনো লোকে প্ৰাণ-ঘাত কৰে, ৰুদ্ৰ, দাৰুণ লোহিতাপাণি আৰু মাৰধৰ কৰি থাকে, অথবা চুৰি কৰে, কোনো লোকে লাগিলে তেওঁ গাৱঁতেই থাকক বা অৰণ্যতে থাকক যি বস্তু তেওঁৰ নহয়, তাক গৰাকীক নোসোধাকৈয়ে লৈ যায়, নাইবা ব্যভিচাৰ কৰে, মাক, বাপেক, ভনীয়েক বা নিজৰ আপোন মানুহৰ দ্বাৰা ৰক্ষিত তিৰোতাৰ লগত ব্যভিচাৰ কৰে, এই দৰে কায়াৰ দ্বাৰা নানা ধৰণৰ অধৰ্ম্মাচৰণ হয়।

 ‘আৰু, হে গৃহস্থী, বাক্যেৰে হব পৰা চাৰি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি কি? কোনো কোনো মানুহে মিছা কয়। সভা, পৰিষদ, আপ্তমণ্ডল বা ৰাজদৰবাৰলৈ গলে মানুহে সাক্ষী লৈ যায় আৰু কয় যে তুমি যি জানা তাকে কোৱা। তেতিয়া তেওঁ যি নাজানে তাকো তেওঁ জনা বুলি কয়। আৰু তেওঁ যি দেখা নাই, সেই সম্বন্ধেও তেওঁ কয় যে তেওঁ তাক দেখিছে। এইদৰে নিজৰ কাৰণে, পৰৰ কাৰণে বা অলপ [ ২৪৪ ] অচৰপ লাতৰ কাৰণে তেওঁ জানি শুনিয়ে মিছা কথা কয়। অথবা তেওঁ অ’ৰ কথা ত’ত লগাই ফুৰে। ইয়াৰ কথা শুনি তাৰ লগত কাঁজিয়া লগোৱাৰ উদ্দেশ্যে সেই কথা তাৰ আগত কৈ দিয়ে। এইদৰে একতাৰে বাস কৰা মানুহৰ মাজত ভেদৰ সৃষ্টি কৰে বা কাঁজিয়া লাগি থকা মানুহৰ মাজত কাঁজিয়া আৰু বঢ়াই দিয়ে। কাঁজিয়া বঢাই তেওঁ আনন্দ পায় আৰু কাঁজিযা বাঢিব পৰা কথাকে তেওঁ কৈ ফুৰে, নহলে হয়তো গালি শপনি দিয়ে। তেওঁ দুষ্টতাপূৰ্ণ, কঠোৰ, কটু, অন্তৰত দুখ দিয়া, খঙাল আৰু সন্তোষ নষ্ট কৰা বাক্য উচ্চাৰণ কৰে; নহলে হয়তো অনাহকতে বলকি ফুৰে। অনুচিত সময়ত কথা কয়, নোহোৱা কথা সাজি কয়, তেওঁ অধাৰ্মিক, শিষ্টাচাৰ-বিৰুদ্ধ, ধ্যান দিব নলগীয়া, প্ৰসঙ্গত শোভা নোপোৱা, মিছাকৈয়ে বহলোৱা আৰু অনৰ্থকাৰী কথা বলকে। এইদৰে বাক্যেৰে চাৰি বিধ অধৰ্ম্মাচৰণ হয়।

 ‘আৰু, হে গৃহস্থী, তিনি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি কি? কোনো কোনো লোকে আনৰ ধন সম্বন্ধে চিন্তা কৰে। মনত হাবিযাস ৰাখে যাতে আনৰ সা-সম্পত্তি পাব পাৰে। অথবা কোনো কোনো মানুহে মনত দ্বেষ পোষণ কৰে। তেওঁ ভাৱে যে এই প্ৰাণীক মৰা যাওক, সি নষ্ট হৈ যাওক। অথবা কোনো কোনোৱে মিথ্যা দৃষ্টি ৰাখে। তেওঁ এনে ধৰণৰ নাস্তিক বিচাৰ পোষণ কৰে যে দান নাই, ধৰ্ম্ম নাই, সুকৃত-দুষ্কৃত কৰ্ম্মৰ ফল নাই, ইহলোক নাই, পৰলোক নাই, ইত্যাদি। এনেদৰে মনৰ দ্বাৰা নানা প্ৰকাৰৰ অধৰ্ম্মাচৰণ হয়।

 ‘হে সজ্জনসকল, কায়াৰে হব পৰা তিনি প্ৰকাৰৰ ধৰ্মাচৰণনো কি কি? যি লোকে প্ৰাণঘাত নকৰে, আনৰ ওপৰত অস্ত্ৰ-শস্ত্ৰ নোতোলে, আনক হত্যা কৰিবলৈ তেওঁৰ লজ্জা হয়, সকলো প্ৰাণীৰে প্ৰতি তেওঁৰ আচৰণ দয়াময় হয়; তেওঁ চুৰি নকৰে, গাওঁ বা অৰণ্যত আনে নিদিয়ালৈকে আনৰ বস্তু গ্ৰহণ নকৰে; তেওঁ ব্যভিচাৰ নকৰে; মাক-বাপেক, [ ২৪৫ ] ভাই-ভনী, পতি, মহাপুৰুষ আদিয়ে ৰখা তিৰোতাৰ লগত সম্বন্ধ নাৰাখে। এইদৰে কায়াৰে বিবিধ ধৰ্ম্মাচৰণ হয়।

 ‘আৰু সজ্জনসকল, বাণীৰে হব পৰা চাৰি প্ৰকাৰৰ ধৰ্ম্মাচৰণনো কি কি? যি লোকে মিছা কোৱাটো সম্পূৰ্ণভাৱে এৰি দিয়ে; সভা, পৰিষদ অথবা ৰাজ-দৰবাৰত যদি তেওঁৰ সাক্ষী লোৱা হয় তেন্তে তেওঁ যি কথা নাজানে তাক তেওঁ নাজানে বুলি কয় আৰু যি তেওঁ দেখা নাই তাক তেওঁ দেখা নাই বুলি কয়। এইদৰে নিজৰ বাবে, আনৰ বাবে বা অলপ অচৰপ লাভৰ বাবে তেওঁ মিছা কথা নকয, অ’ৰ কথা ত’ত লগোৱাটো পৰিহাৰ কৰে। তাৰ আৰু ইয়াৰ মাজত বিৰোধ সৃষ্টি কৰাৰ অভিপ্ৰায়েৰে ইয়াৰ কথা শুনি তাৰ আগত নলগায়গৈ আৰু তাৰ কথাও ইয়াৰ আগত নকয়হি। বৰং যি সকলৰ মাজত একতা আছে তেওঁলোকক আৰু উৎসাহহে দিয়ে। একতা থকা দেখিলে তেওঁ আনন্দ পায় আৰু যাৰ দ্বাৰা একতা স্থাপিত হব পাৰে তেওঁ তেনে কথাহে কয। তেওঁ গালি-শপনি নিদিযে। তেওঁ সৰল, পোনপটীয়া, শ্ৰুতিমধুৰ, হৃদয়ঙ্গম, নাগৰিকৰ পক্ষে শোভনীয় আৰু বহুজনপ্ৰিয ভাষণ দিয়ে। তেওঁ অনৰ্থক নবলকে। তেওঁ প্ৰসঙ্গ অনুসৰি তথ্যপূৰ্ণ, অৰ্থযুক্ত, ধাৰ্মিক, শিষ্টাচাৰসম্মত আৰু ধ্যান দিবলগীয়া, সময়োচিত, সকাৰণ, সপ্ৰমাণ আৰু অৰ্থপূৰ্ণ ভাষণ কৰে। এইদৰে বাক্যৰ দ্বাৰা চাৰিবিধ ধৰ্মৰ আচৰণ হয়।

 ‘আৰু, সজ্জনসকল, তিনি প্ৰকাৰৰ মানসিক ধৰ্ম্মাচৰণনো কি কি? যি মানুহে পৰৰ বস্তুৰ প্ৰতি লোভ নাৰাখে, পৰৰ সম্পত্তি মই ব্যৱহাৰ কৰোঁ বুলি মনত কল্পনাকো ঠাই নিদিয়ে, তেওঁৰ চিত্ত দ্বেষমুক্ত হয়, তেওঁৰ এই শুদ্ধ সংকল্প হয় যে এই সকলোবোৰ প্ৰাণী বৈৰীহীন, বাধাহীন, দুঃখৰহিত আৰু সুখী হওক। তেওঁৰ সম্যক দৃষ্টি হয়। দান ধৰ্ম্ম হয়, সুকৃত-দুস্কৃত কৰ্ম্মৰ ফল হয়। ইহলোক-পৰলোক আদি [ ২৪৬ ] কথাৰ ওপৰত তেওঁৰ বিশ্বাস হয়। এইদৰে মনৰ দ্বাৰা বিবিধ ধৰ্ম্মৰ আচৰণ হয়।[২]

 সংক্ষেপত আমি কব পাৰোঁহক যে প্ৰাণঘাত, অদত্তাদান (চুৰি ) আৰু কাম মিথ্যাচাৰ (ব্যভিচাৰ) এই তিনিটা কায়িক পাপ কৰ্ম্ম; 'অসত্য, অ’ৰ কথা ত’ত লগোৱা, গালি-শপনি দিযা, অনৰ্থক বলকা—এই চাৰিটা বাচসিক পাপ-কৰ্ম্ম আৰু পৰদ্ৰব্য লোভ, আনক ধ্বংসৰ ইচ্ছা আৰু নাস্তিক দৃষ্টি—এই তিনিটা মানসিক পাপ-কৰ্ম্ম। এই দহোটাক অকুশল কৰ্ম্মপথ কোৱা হয়। তাৰপৰা নিবৃত্ত হোৱাটো কুশল কৰ্ম্মপথ। এই দহোটাৰো বৰ্ণনা ওপৰত দিয়া হৈছে। ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইতে দহোটা অকুশল আৰু দহোটা কুশল কৰ্ম্মপথৰ বৰ্ণনা পোৱা যায়। উপৰ্য্যোক্ত উদ্ধৃতিত অকুশল কৰ্ম্মপথক অধৰ্ম্মাচৰণ আৰু কুশল কৰ্ম্মপথক ধৰ্ম্মাচৰণ বুলি কোৱা হৈছে।

 কুশল কৰ্ম্ম আৰু অষ্টাঙ্গিক মাৰ্গ—এই কুশল কৰ্ম্মপথক আৰ্য্য অষ্টাঙ্গিক মাৰ্গত সামৰি লোৱা হৈছে। তিনি প্ৰকাৰৰ কুশল কায়কৰ্ম্মই সম্যক কৰ্ম্ম, চাৰি প্ৰকাৰৰ কুশল বাচসিক কৰ্ম্মই সম্যক বাচা, আৰু তিনি প্ৰকাৰৰ মানসিক কুশল কৰ্ম্মই হল সম্যক দৃষ্টি আৰু সম্যক সংকল্প। আৰ্য্য অষ্টাঙ্গিক মাৰ্গৰ বাকী চাৰিটা অঙ্গ কুশল কৰ্ম্মপথৰ বাবে সহায়ক স্বৰূপ। সম্যক আজীৱ, সম্যক ব্যায়াম, সমৃক স্মৃতি আৰু সম্যক সমাধি, এইচাৰিটা অঙ্গৰ যথাতথ্য চিন্তা নকৰিলে কুশল কৰ্ম্মপথৰ অভিবৃদ্ধি আৰু পূৰ্ণতা হব নোৱাৰে।

 অনাসক্তিযোগ—আমি যদি কুশল কৰ্ম্ম কৰি যাওঁ আৰু তাত


(২)^ চাওক, ‘মঝ জিমনিকায়’, সং ৪১, সালেয়্যক সুত্ত। [ ২৪৭ ]

আসক্ত হৈ পৰোঁহক তেন্তে তাৰ ফলত অকুশল উৎপন্ন হোৱাৰ সম্ভাৱনা আছে!

 কুসলো ধম্মো অকুসলস্‌স ধম্মস্‌স আৰম্মণপচ্চয়েন পচ্চয়ো। দানং দত্বা সীলং সমাদিয়িত্বা উপোসথকম্মং কত্বা তং অস্‌সাদেতি অভিনন্দতি। তং আৰব্ভ ৰাগো উপ্পজ্জতি দিট্‌ঠি ৱিচিকিচ্ছা উপ্পজ্জতি উদ্ধচ্চং উপ্পজ্জতি দোমনস্‌সং উপ্পজ্জতি।'

 অৰ্থাৎ ‘কুশল মনোবিচাৰ অকুশলৰ বাবে আলম্বন প্ৰত্যয়ৰ দ্বাৰা প্ৰত্যক্ষ হয়। (কোনোলোকে) দান দিযে, শীলৰ আচৰণ কৰে, উপবাস কৰে আৰু তাৰ আস্বাদ লয়, তাৰ অভিনন্দন কৰে। তাৰপৰা লোভ উৎপন্ন হয়, দৃষ্টি উৎপন্ন হয়, শঙ্কা উৎপন্ন হয়, ভ্ৰান্তি উৎপন্ন হয় আৰু দৌৰ্মনস্য উৎপন্ন হয।’

 এইদৰে কুশল মনোবৃত্তি অকুশলৰ কাৰণ হয, গতিকে কুশল বিচাৰত আসক্তি ৰাখিব নালাগে, নিৰপেক্ষভাৱে কুশল কৰ্ম্ম কৰিব লাগে। ‘ধম্ম-পদ’ৰ তলত দিয়া গাথাত ইয়াকে চমুকৈ বৰ্ণনা কৰা হৈছে :

সব্বপাপস্‌স অকৰণং কুশলস্‌স উপসম্পদা।
সচিত্তপৰিয়োদপনং এতং বুদ্ধান সাসনং॥

 অৰ্থাৎ, ‘সকলো পাপৰ অকৰণ, সকলো কুশলৰ সম্পাদন আৰু নিজৰ চিত্তৰ সংশোধনেই হল বুদ্ধৰ শাসন।’

 আন কথাত কবলৈ গলে অকুশল কৰ্ম্মপথক সম্পূৰ্ণৰূপে বৰ্জ্জন কৰিব লাগে আৰু কুশল কৰ্ম্মপথ সদায় আচৰণ কৰিব লাগে আৰু তাত নিজৰ মন আসক্ত হবলৈ দিব নালাগে। অষ্টাঙ্গিক মাৰ্গৰ অভ্যাসৰ দ্বাৰাই এইবোৰ হয়।

 কুশল কাৰ্য্য়ৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ—কুশল কাৰ্য্যৰ


(৩)^  তিক পট্ঠা‌ন। [ ২৪৮ ]

প্ৰতি অতিশয় আগ্ৰহ আৰু উৎসাহ ৰাখিব লাগে বুলি ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইতে উপদেশ পোৱা যায়। ইয়াত সেই আটাইবোৰকে দিয়া হোৱা নাই। তথাপি উদাহৰণ হিচাপে আমি তাৰে এটা চমু উপদেশ ইয়াতে তুলি দিওঁহক—

 বুদ্ধ ভগৱানে কয়, ‘ভিক্ষু, মুনিহ, তিৰোতা, গৃহস্থ বা প্ৰব্ৰজিতই এই পাঁচোটা কথা সম্বন্ধে সততে চিন্তা কৰা উচিত (১)—তেওঁ বাৰেবাৰে এই কথা মনত ৰখা উচিত যে তেওঁ জৰা-ধৰ্ম্মী, কিয়নো যি তাৰুণ্য-মদৰ কাৰণে প্ৰাণীয়ে কায-বাক্য-মনেৰে দুৰাচৰণ কৰে—সি এনেদৰে চিন্তা কৰাৰ ফলত নষ্ট হয়, অন্ততঃ কমি যায়। (২) তেওঁ বাৰে বাৰে এই কথা মনত ৰখা উচিত যে তেওঁ ব্যাধি-ধৰ্ম্মী, কিয়নো যি আৰোগ্য মদৰ দ্বাৰা প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই মদ এনে ধৰণৰ চিন্তাৰ ফলত লোপ পায়, নহলে অন্ততঃ কমি যায়। (৩) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে তেওঁ মৰণধৰ্ম্মী, কিয়নো যি জীৱিত মদৰ কাৰণে প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই মদ এনেদৰে চিন্তা কৰিলে নাইকিয়া হয়, অন্ততঃ কমি যায়। (৪) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে প্ৰিয় আৰু ভাল লগা (প্ৰাণী বা পদাৰ্থৰ ) বিয়োগ তেওঁ সহ্য় কৰিব লাগিব, কিয়নো যি প্ৰিয়সকলৰ স্নেহৰ কাৰণে প্ৰাণীয়ে কায়-বাক্য-মনেৰে দুৰাচৰণ কৰে, সেই স্নেহ এনেদৰে ভবাৰ ফলত নষ্ট হয়, অন্ততঃ কমি যায়। (৫) তেওঁ বাৰে বাৰে এই কথা মনত ৰাখিব লাগে যে তেওঁ কৰ্ম্ম-স্বকীয়, কৰ্ম্ম-দায়াদ, কৰ্ম্ম-যোনি, কৰ্ম্ম-বন্ধু আৰু কৰ্ম্ম-প্ৰতিশৰণ আৰু তেওঁ যি কল্যাণকাৰক বা পাপকাৰক কৰ্ম্ম কৰে তেওঁ তাৰ দায়াদো হব লাগিব, কিয়নো এনেদৰে চিন্তা কৰিলে কায়িক, বাচসিক আৰু মানসিক দুৰাচৰণ নাইকিয়া হয়, নহলে অন্ততঃ হ্ৰাস পায়।

 ‘মই অকলে নহয়, বৰষ্ণ সকলো প্ৰাণী জৰাধৰ্ম্মী, ব্যাধিধৰ্ম্মী, মৰণধৰ্ম্মী, সেই সকলোৰে প্ৰিয়জনৰ বিয়োগ হয়, তেওঁলোকো কৰ্ম্মদায়াদ— [ ২৪৯ ] এইদৰে আৰ্য্য শ্ৰাৱকে বিচাৰ কৰে আৰু তেতিয়া তেওঁ মাৰ্গ বিচাৰি পায়। সেই মাৰ্গৰ অভ্যাসৰ ফলত তেওঁৰ সংযোজন নষ্ট হয়।’[৪]

 এই উদ্ধৃতিত কোৱা হৈছে যে মই কৰ্ম্ম-স্বকীয় অৰ্থাৎ কৰ্ম্মই মোৰ স্বকীয় বা একান্ত সঙ্গী, আনবোৰ বস্তু কেতিয়া মোৰ পৰা আঁতৰি যায়, তাৰ কোনো ঠিকনা নাই; মই কৰ্ম্ম-দায়াদ, অৰ্থাৎ ভাল কাম কৰিলে মই সুখ পাম আৰু বেয়া কাম কৰিলে মই দুখ ভুঞ্জিব লাগিব; মই কৰ্ম্ম-যোনি, অৰ্থাৎ কৰ্ম্মৰ পৰাই মোৰ জন্ম হৈছে; মই কৰ্ম্ম-বন্ধু, অৰ্থাৎ সংকটৰ সময়ত কৰ্ম্মই মোৰ বন্ধু; মই কৰ্ম্ম-প্ৰতিশৰণ, অৰ্থাৎ কৰ্ম্মইহে মোক ৰক্ষা কৰিব পাৰিব। ইয়াৰ পৰা বুজা যায় যে ভগৱান বুদ্ধই কৰ্ম্মৰ ওপৰত কিমান গুৰুত্ব দিছিল। এনে গুৰুক জানো নাস্তিক বুলি কোৱাটো উচিত হব?

 উৎসাহিত মনেৰে সৎকৰ্ম্ম কৰিব লাগে—এই সম্বন্ধে ধৰ্ম্মপদৰ পৰা তলত তুলি দিয়া গাথা সম্পৰ্কেও আলোচনা কৰি চোৱাটো উচিত হব :

অভিৎথৰেথ কল্যাণে পাপ চিত্তং নিৱাৰয়ে।
দন্ধংহি কৰোতো পুঞ্‌ঞং পাপস্মিং ৰমতো মনো॥

 অৰ্থাৎ ‘কল্যাণ কৰ্ম্ম কৰাত ততাতৈয়া কৰিব লাগে আৰু পাপৰ পৰা চিত্তক নিৱাৰণ কৰিব লাগে। কিয়নো আলস্যৰ ফলত পুণ্যকৰ্ম্ম কৰোঁতাৰ মন পাপত মজে।’

 ব্ৰাহ্মণসকলৰ কৰ্ম্মযোগ—বুদ্ধৰ কৰ্ম্মযোগ সম্বন্ধে আলোচনা ইমানতে সামৰি এতিয়া সেই সময়ৰ ব্ৰাহ্মণ সকলৰ মাজত কি ধৰণৰ কৰ্ম্মযোগৰ চলতি আছিল সেই সম্পৰ্কে চমুকৈ আলোচনা কৰা যাওক। ব্ৰাহ্মণ সকলৰ উপজীৱিকাৰ সাধন আছিল যাগ-যজ্ঞ আৰু তাৰে বিধিমতে অনুষ্ঠান কৰাকে ব্ৰাহ্মণ সকলে নিজৰ কৰ্ম্মযোগ বুলি মানিছিল। লগতে


(৪)^ অঙ্গুত্তৰনিকায়’, পঞ্চক নিপাত, সুত্ত ৫৭। [ ২৫০ ]

তেওঁলোকে এই বুলিও যুক্তি দেখুৱাইছিল যে ক্ষত্ৰিয়সকলৰ বুদ্ধ, বৈশ্যসকলৰ বেহাবেপাৰ আক শূদ্ৰসকলৰ সেৱাই হল তেওঁলোকৰ নিজৰ নিজৰ কৰ্ম্মযোগ। তাত যদি কাৰোবাৰ মন নবহে তেন্তে তেওঁ সকলোৰে সংস্ৰৱ ত্যাগ কৰি অৰণ্যলৈ যাব আৰু তপস্যা কৰিব;—ইয়াকে সন্ন্যাস কোৱা হৈছিল। ইযাতে তেওঁলোকৰ কৰ্ম্মযোগ অন্ত হৈছিল। কোনো যোগ কোনো ব্ৰাহ্মণে সন্ন্যাস গ্ৰহণ কৰিও অগ্নিহোত্ৰ আদি কৰ্ম্মযোগৰ আচৰণ কৰিছিল আৰু তাকে শ্ৰেষ্ঠ বুলি মানিছিল। এই সম্পৰ্কে ‘ভগৱদগীতা’ৰ তৃতীয় অধ্যায়ত এই বুলি কোৱা হৈছে :

যজ্ঞাৰ্থাৎকৰ্ম্মণোহন্যত্ৰ লোকহযং কৰ্ম্মবন্ধনঃ।
তদৰ্থং কৰ্ম্মং কৌন্তেয় মুক্তসঙ্গঃ সমাচাৰঃ॥

 অৰ্থাৎ, ‘যজ্ঞৰ বাবে কৰা কৰ্ম্মৰ বাহিৰে আন কাম মানুহৰ বাবে বন্ধন মুলক হয়। সেই বাবে হে অৰ্জ্জুন, তুমি সঙ্গ এৰি যজ্ঞৰ কাৰণে কৰ্ম্ম কৰা।’

সহযজ্ঞাঃ প্ৰজাঃ সৃষ্ট্‌বা পুৰোৱাচ প্ৰজাপতিঃ।
অনেন প্ৰসৱিষ্যধ্বমেষ ৱোহস্ত্বিষ্ট কামধুক॥

 অৰ্থাৎ ‘সৃষ্টিৰ আদিতে যজ্ঞৰ সৈতে প্ৰজাৰ সৃষ্টি কৰি ব্ৰহ্মাই কলে যে এই যজ্ঞৰ দ্বাৰা তোমালোকৰ বৃদ্ধি প্ৰাপ্তি হব, এয়ে তোমাৰ ইষ্ট কামধেনু হওক।’ গতিকে :

এৱং প্ৰৱৰ্তিতং চক্ৰং নানুৱৰ্তয়তীহ যঃ।
অধায়ুৰিন্দ্ৰিয়াৰামো মোঘং পাৰ্থ স জীৱতি॥

 অৰ্থাৎ ‘এই সংসাৰত এনেদৰে চলি থকা যাগ-যজ্ঞৰ চক্ৰক যি নচলায়, তাৰ আয়ু পাপৰূপ আৰু তেনে ইন্দ্ৰিয়-লম্পট মিছাকৈয়ে জীয়াই থাকে।’[৫]


(৫)^ শ্ৰীভগবদ্‌গীতা, অ, ৩।৯,১০,১৬ [ ২৫১ ]

 ব্ৰাহ্মণসকলৰ লোক-সংগ্ৰহ—কিন্তু কাৰোবাৰ মনত যদি প্ৰজাপতিয়ে চলোৱা এই চক্ৰ উচিত নহয় বুলি ভাৱ আহে, তাৰ মূলতে হিংসা আছে, তেন্তে তেনে ভাৱ মনত ঠাই দিয়াটো অযুগুত, কিয়নো তাৰদ্বাৰা অজ্ঞলোকৰ বুদ্ধি ভেদ হয়।

ন বুদ্ধিভেদং জনয়েদজ্ঞানাং কৰ্ম্মসংহিনাম।
জোষয়েৎ সৰ্ব্বকৰ্ম্মাণি বিদ্বান্যুক্তঃ সমাচৰণ॥

 অৰ্থাৎ ‘জ্ঞানী পুৰুষৰ লক্ষ্য থকা উচিত যাতে কৰ্ম্মত আসক্তি থকা অজ্ঞান সকলৰ বুদ্ধিভ্ৰম সৃষ্টি নকৰে; বৰং নিজে যুক্ত হৈ অৰ্থাৎ সকলো কৰ্ম্মকে ভালদৰে সম্পাদন কৰি আনৰ হতুৱায়ো তাক কৰাব লাগে।’[৬]

 ‘ভগবদগীতা’ কোন শতিকাত ৰচিত হৈছিল, তাক আলোচনা কৰাৰ বাবে ইয়াত ঠাই নাই, কিন্তু কোনো সমালোচকেই বুদ্ধৰ সমসাময়িক বুলি মন্তব্য কৰা নাই। পছিমীয়া পণ্ডিতসকলৰ ভিন ভিন অনুমান মতে গীতা ভগৱান বুদ্ধৰ পাঁচশৰ পৰা এহেজাৰ বছৰৰ পিচত ৰচিত বুলি ধৰিব পাৰি। গীতা যে বুদ্ধৰ তুলনাত যথেষ্ট আধুনিক সেই বিষয়ে কোনো সন্দেহ নাই। তথাপি ইয়াত উল্লেখ কৰা বিচাৰ ধাৰা বুদ্ধৰ সমসাময়িক ব্ৰাহ্মণসকলৰ মাজত প্ৰচলিত আছিল। লোহিত্য নামৰ কোসল দেশবাসী প্ৰসিদ্ধ ব্ৰাহ্মণ এজনাই কৈছিল যে কুশল তত্ত্বজ্ঞান হলেও তাক সাধাৰণ ৰাইজৰ আগত প্ৰকাশ কৰিব নালাগে। [৭] চমুকৈ তেওঁৰ কাহিনী হল এই—ভগৱান বুদ্ধ কোসল দেশলৈ যাওঁতে শালৱতিকা নামৰ ঠাইত উপস্থিত হল। সেই গাওঁখন কোসল ৰজা পসেনদিয়ে লোহিত্য ব্ৰাহ্মণক দান কৰিছিল। লোহিত্যই এই ধৰণৰ পাপকাৰক মতৰ প্ৰতিপাদন কৰিছিল যে ‘যদি কোনো শ্ৰমণ বা ব্ৰাহ্মণৰ


(৬)^ ‘শ্ৰীমদ্‌ভগবদগীতা’, অধ্যায় ৩, শ্লোক ২৬। গীতাৰ সমগ্ৰ তৃতীয় অধ্যায়টোৱে এই বিষয়ত বিবেচনাৰ যোগ্য।
(৭)^  চাওক, ‘দীঘনিকায়’, ভাগ ১, লোহিচ্চ সুত্ত। [ ২৫২ ]

কুশল তত্ত্বৰ বোধ হয় তেন্তে তেওঁ তাক আনৰ আগত কব নালাগে, এজন মানুহে আন এজন মানুহৰ বাবে কি কৰিব পাৰে? তেওঁ আন জনৰ আগৰ পুৰণি বন্ধন কাটি এই নতুন বন্ধনৰ সৃষ্টি কৰিব, গতিকে মোৰ মতে ই লোভী আচৰণ।’

 যেতিয়া লোহিত্য ব্ৰাহ্মণে শুনিলে যে ভগৱান বুদ্ধ তেওঁৰ গাৱঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ ৰোসিকা নামৰ নাপিত এজনক পঠাই ভগৱানক আমন্ত্ৰণ জনালে আৰু পিচ দিন ভোজন প্ৰস্তুত কৰি সেই নাপিতৰ হতুৱায়ে ভোজন প্ৰস্তুত হোৱাৰ বাতৰি ভগৱান্‌ আৰু ভিক্ষু সংঘক দিয়ালে। নিজৰ পাত্ৰ আৰু চীৱৰ লৈ ভগৱানে লোহিত্য ব্ৰাহ্মণৰ ঘৰলৈ যাত্ৰা কৰিলে। বাটত ৰোসিকা নাপিতে ভগৱানৰ আগত লোহিত্য ব্ৰাহ্মণৰ মতৰ কথা কলে আৰু লগতে এই বুলিও কলে, ‘ভদন্ত, এই পাপকাৰক মতৰ পৰা আপুনি লোহিত্যক মুক্ত কৰক।’

 লোহিত্যই ভগৱান আৰু ভিক্ষু-সংঘক আদৰ সৎকাৰ কৰি ভোজন কৰালে। ভোজনৰ পিচত ভগৱানে তেওঁক সুধিলে, ‘হে লোহিত্য, তুমি জানো এই বুলি কোৱা যে কাৰোবাৰ কুশল তত্ত্বৰ বোধ হলে তেওঁ সেই কথা আনৰ আগত কব নালাগে?’

 লোহিত্য—হয়, গৌতম! কওঁ।

 ভগৱান—হে লোহিত্য, তুমি এই শালৱতিকা গাৱঁত থাকা। এতিয়া যদি কোনোবাই কয় যে এই শালৱতিকা গাৱঁৰ সকলোখিনি আয় অকল লোহিত্যইহে পাব লাগে, আন কাকো একো দিব নালাগে, তেন্তে তেনেকৈ কোৱা জনৰ দ্বাৰা জানো তোমাৰ ওপৰত নিৰ্ভৰ কৰি চলা (এই গাৱঁৰ) ৰাইজৰ অকল্যাণ নহব?

 লোহিত্য,—হয়, হব।

 ভগৱান—যি আনৰ বাবে অন্তৰায়ৰ সৃষ্টি কৰে তেওঁ তেওঁলোকৰ হিতানুকম্পা নে অহিতানুকম্পী? [ ২৫৩ ]  লোহিত্য—অহিতানুকম্পী, হে গৌতম!

 ভগৱান—এনে মানুহৰ মন মৈত্ৰীপূৰ্ণ নে বৈৰময়?

 লোহিত্য—বৈৰময়, হে গৌতম!

 ভগৱান—বৈৰচিত্ত মানুহ মিথ্যাদৃষ্টিৰ নে সম্যক দৃষ্টিৰ?

 লোহিত্য—মিথ্যা দৃষ্টিৰ, হে গৌতম!

 কুশল কৰ্মেৰে অকুশলক জয় কৰা উচিত—ইয়াত আৰু আন ভালেমান ঠাইত বুদ্ধ ভগৱানে কৈ গৈছে যে প্ৰচলিত অকুশল কুসংস্কাৰৰ বিৰুদ্ধ যদি কোনোবাই কুশল বিচাৰ ভাবি উলিয়াব পাৰে তেন্তে তাক ৰাইজৰ আগত প্ৰচাৰ কৰা প্ৰতিজন সজ্জন লোকৰে শ্ৰেষ্ঠ কৰ্ত্তব্য, বেয়া কৰ্ম্ম কৰোঁতাৰ কোনো প্ৰতিকাৰ নকৰাটো নাইবা তেনে লোকৰ নিচিনাকৈয়ে আচৰণ কৰি তেনে বেয়া কাম কৰিবলৈ দিয়া সজ্জনৰ কৰ্ত্তব্য নহয়।

 ব্ৰাহ্মণসকলৰ মতে যাগ-যজ্ঞ আৰু বৰ্ণ-ব্যৱস্থা প্ৰজাপতিয়েই সৃষ্টি কৰিছে, গতিকে সেই অনুসৰি অনুষ্ঠিত কৰ্ম্ম পবিত্ৰ হয়। কিন্তু ভগৱানৰ মতে তৃষ্ণাৰ পৰা উৎপন্ন হিংসাদি কৰ্ম্ম কেতিয়াও শুদ্ধ হব নোৱাৰে। তাৰ বাবেই মানুহ বিষম মাৰ্গত আৱদ্ধ হৈ থাকে আৰু তেনে কৰ্ম্মৰ বিপৰীতে কুশল কৰ্ম্ম কৰিলেহে এই বিষম মাৰ্গৰ পৰা মানুহে মুক্তি পাব।

 ‘মঝ্‌জিমনিকায়’ৰ সল্লেখসুত্তত [(সং ৮)] ভগৱানে কয়, হে ‘চুন্দ, যত আনলোকে হিংসাবৃত্তি আচৰণ কৰে, তাত আমি অহিংসক হওঁহক—এই স্বচ্ছতা কৰিব লাগে। আনে প্ৰাণঘাত কৰে, আমি প্ৰাণঘাতৰপৰা নিবৃত্ত হওঁচোন—এনে স্বচ্ছতা কৰিব লাগে। আনে


(৮)^  শঙ্খ আদি বস্তুক ঘহি ঘহি পৰিষ্কাৰ কৰা হয়, তাকে সল্লেখ বোলা হয়। ইয়াত আত্মশুদ্ধিৰ অৰ্থত ‘স্বচ্ছতা’ শব্দৰ প্ৰয়োগ কৰা হৈছে। [ ২৫৪ ]

চুৰি কৰে, বাৰু আমি চুৰি নকৰোঁচোন, এনে স্বচ্ছতা কৰিব লাগে। আনলোকে অব্ৰহ্মচাৰী, বাৰু আমি চোন ব্ৰহ্মচাৰীযে হওঁহক, এনে স্বচ্ছতা কৰিব লাগে। আনে মিছা কথা কয়, আমি মিছা কথাৰ পৰা নিবৃত্ত হওঁচোন, আনে অ’ৰ কথা ত’ত লগায, আমি তাৰপৰা আঁতৰিয়ে থাকোঁচোন, আনে গালি-শপনি দিয়ে, আমি গালি-শপনি দিযাৰ পৰা নিবৃত্ত হওঁচোন, আনে অনৰ্থক প্ৰলাপ কৰে, আমি তাৰপৰা বিৰত থাকোঁচোন, আনে পৰৰ ধনৰ লোভ কৰে, আমি পৰৰ ধনৰ লোভৰপৰা মুক্ত হওঁচোন, আনে দ্বেষ কৰে, আমি তাৰপৰা আঁতৰি থাকোঁচোন, আন মিথ্যাদৃষ্টিপূৰ্ণ হয়, আমি সম্যক দৃষ্টিৰ হৈ পৰোঁচোন, এনেধৰণৰ স্বচ্ছতা কৰিব লাগে।

 ‘হে চুন্দ, কোনো আওপকীয়া বাটত আঁত হেৰুৱাই পৰা মানুহে তাৰপৰা ওলাবলৈ যিদৰে পোন বাট বাহিৰ কৰে তেনেদৰে বিহিংসক মানুহৰ কাৰণে বিহিংসাৰপৰা বাহিৰ ওলোৱাৰ পথ হল অবিহিংসা। প্ৰাণঘাতী মানুহৰ পক্ষে মুক্ত হোৱাৰ উপায় প্ৰাণঘাতৰ পৰা বিৰতি, চোৰৰ কাৰণে মুক্ত হোৱাৰ উপায় চুৰিৰপৰা বিৰতি, অব্ৰহ্মচাৰীৰ পক্ষে মুক্ত হোৱাৰ উপায় অব্ৰহ্মচৰ্য্যৰপৰা বিৰতি, মিছলীয়াৰ বাবে মুক্তিৰ উপায় মিছা কথাৰপৰা বিৰতি, অ’ৰ কথা ত’ত লগোৱা কুকৰ্ম্মৰপৰা মুক্ত হোৱাৰ উপায় সেই অভ্যাস পৰিহাৰ কৰা, কৰ্কশবচন বোলোঁতাৰ কাৰণে মুক্তিৰ উপায় কৰ্কশবচনৰ পৰা বিৰতি আৰু বৃথা প্ৰলাপ কৰোঁতাৰ পক্ষে মুক্তিৰ বাবে বৃথা প্ৰলাপৰ পৰা বিৰতি—এয়ে হল উপায়••••••

 ‘হে চুন্দ, নিজে গভীৰ বোকাত পৰি থাকিলে তেওঁ আনক সেই বোকাৰপৰা তুলিব নোৱাৰে। তেনেকৈ যি নিজক দমন কৰা নাই, নিজৰ বাবে অনুশাসন স্বীকাৰ কৰি লোৱা নাই, যি নিজে শান্ত নহয়, তেওঁৰ পক্ষে আনক দমন কৰা, অনুশাসন কৰা বা শান্ত কৰাটো সম্ভৱপৰ [ ২৫৫ ] নহয়। কিন্তু যি নিজে দান্ত, বিনীত আৰু পৰিনিবৃত্ত, তেওঁৰ পক্ষে আনক দমন কৰাটো, বিনয় শিকোৱাটো আৰু আনক পৰিনিবৃত্ত (শান্ত) কৰাটো সম্ভৱপৰ।’  ‘ধম্মপদ’ৰ এটা গাথাত (২২৩) চমুকৈ এই অৰ্থকে বৰ্ণোৱা হৈছে। এই গাথা হল :

অক্কোধেন জিনে কোধং অসাধুং সাধুনা জিনে।
জিনে কদৰিয়ং দানেন সচ্চেনালীকৱাদিনং॥

 অৰ্থাৎ ‘ক্ষমাৰে ক্ৰোধক জয কৰিব লাগে, সাধুতাৰে অসাধুক জয় কৰিব লাগে, দানেৰে কৃপণক জয় কৰিব লাগে।’

 দহোটা কুশল কৰ্ম্মপথত ব্ৰাহ্মণসকলে কৰা পৰিবৰ্ত্তন—বৈদিক গ্ৰন্থকাৰসকলে তেনেই আহুহতীয়া ভাৱে ওপৰত উল্লিখিত কুশল আৰু অকুশল কৰ্ম্মপথ স্বীকাৰ কৰি লবলৈ বাধ্য হৈছিল। কিন্তু তাতো তেওঁলোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল যাতে তাৰ ফলত তেওঁলোকৰ অধিকাৰত বাধাৰ সৃষ্টি নহয়। এই দহোটা অকুশল কৰ্মপথক ‘মনুস্মৃতি’ত কিদৰে স্বীকাৰ কৰা হৈছে, তালৈ লক্ষ্য কৰক :

স তানুৱাচ ধৰ্ম্মাত্মা মহৰ্ষীন্‌মানৱো ভৃগুঃ।
অস্য সৰ্ব্বস্য শৃণুত কৰ্ম্মযোগস্য নিৰ্ণয়ম॥

 অৰ্থাৎ ‘সেই মনুকুলোৎপন্ন ধৰ্ম্মাত্মা ভৃগুৱে সেই মহৰ্ষিসকলক কলে, “এই আটাইবোৰ কৰ্ম্মযোগৰ নিৰ্ণয় শুনক।’

পৰদ্ৰব্যেষ্‌ৱভিধ্যানং মনসানিষ্টচিন্তনম্
বিতথাভিনিৱেশশ্চ ত্ৰিৱিধং কৰ্ম্ম মানসম্॥

 অৰ্থাৎ ‘পৰদ্ৰব্যৰ প্ৰতি অভিলাষ কৰা, আনৰ অনিষ্ট চিন্তা কৰা, আৰু ভুল পথেৰে যোৱা (নাস্তিকতা)—এই তিনিটাক মানসিক পাপকৰ্ম্ম বুলি বুজিব লাগে।’ [ ২৫৬ ]

পাৰুষ্যমনৃতং চৈৱ পৈশুন্যং চাপি সৰ্ব্বশঃ
অসংবদ্ধপ্ৰলাপশ্চ ৱাঙ্‌ময়ং স্যাচ্চতুৰ্ৱিধম্‌।

 অৰ্থাৎ, ‘কঠোৰ ভাষণ, অসত্য ভাষণ, সকলো প্ৰকাৰ কটুকথা আৰু বৃথা প্ৰলাপ—এই চাৰি বাচসিক পাপকৰ্ম্ম।’

অদত্তানামুপাদানং হিংসা চৈৱাৱিধানতঃ।
পৰদাৰোপসেৱা চ শাৰীৰং ত্ৰিৱিধং স্মৃতম্॥

 অৰ্থাৎ, ‘অদত্তাদান( চুৰি ), বেদৰ অবিহিত হিংসা আৰু পৰদাৰগমন—এ তিনিটা কায়িক পাপকৰ্ম্ম।’

ত্ৰিৱিধং চ শৰীৰেণ ৱাচা চৈৱ চতুৰ্ৱিধম্‌।
মনসা ত্ৰিবিধং কৰ্ম্ম দশ কৰ্মপথাঁস্ত্যজেৎ॥

 অৰ্থাৎ ‘(এইদৰে) ত্ৰিবিধ কায়িক, চতুৰ্ব্বিধ বাচসিক আৰু ত্ৰিবিধ মানসিক, এই দহোটা (অকুশল) কৰ্ম্মপথ ত্যাগ কৰা উচিত।’[৯]

 ইয়াৰে প্ৰথম শ্লোকৰ ‘কৰ্ম্মযোগ’ শব্দ অতি সঙ্গত হৈছে। ‘মনুস্মৃতি’ৰ ৰচকে বুদ্ধই কৈ যোৱা কৰ্ম্মযোগ সমৰ্থন কৰিছিল, কিন্তু তেওঁ তাৰে এটা ব্যতিক্ৰম ৰাখি থৈ গৈছে। সেয়ে হল যে বেদ-বিহিত নহলে হিংসা কৰিব নালাগে, বেদৰ আধাৰত কৰা হিংসা হিংসা নহয়।

 যুদ্ধ ধাৰ্মিক হোৱাত অকুশল কৰ্ম্মপথো সঙ্গত হৈ গল—যাগ-যজ্ঞৰ হিংসা যদি ত্যজ্য বুলি মানি লোৱা হয় তেন্তে যাগ-যজ্ঞ অনুষ্ঠান কৰাৰ কোনো কাৰণেই নাথাকে। এই যাগ-যজ্ঞ কৰা হৈছিল কিয়? এই বাবেই যাতে যুদ্ধত জয়লাভ কৰা যায় আৰু জয় কৰি পোৱা ৰাজ্য যাতে চিৰস্থাযী হয়। অৰ্থাৎ যুদ্ধৰ হিংসা ধৰ্ম্মমূলক বুলি মানি নললে বৈদিক হিংসাৰ কোনো কাৰণ নোহোৱা হৈ পাৰে, আৰু সেই বাবে যুদ্ধ পবিত্ৰ বুলি ধৰি লব লগীয়া হয়।


(৯)^ অধ্যায় ১২, শ্লোক ৫-৯। [ ২৫৭ ]

 শ্ৰীকৃষ্ণই কৈছে :

স্বধৰ্মমপি চাৱেক্ষ্য ন ৱিকম্পিতুমৰ্হসি।
ধৰ্ম্যাদ্ধি যুদ্ধাচ্ছ্ৰেযোহন্যৎক্ষত্ৰিয়স্য ন ৱিদ্যতে॥

 অৰ্থাৎ ‘আৰু নিজৰ ধৰ্ম্ম সম্বন্ধে বিচাৰ কৰি চালেও তোমাৰ কাৰণে পিচ হোঁহকি যোৱাটো উচিত নহব। ক্ষত্ৰিয়ৰ কাৰণে ধৰ্ম্মযুদ্ধতকৈ আৰু কোনো শ্ৰেয়স্কৰ কথা নাই।’

যদৃচ্ছযা চোপপন্নং স্বৰ্গদ্বাৰমপাবৃতম্।
সুখিনঃ ক্ষত্ৰিযাঃ পাৰ্থ লগতে যুদ্ধমীদৃশম্॥

 অৰ্থাৎ ‘আৰু হে পাৰ্থ, ভাগ্যৱান ক্ষত্ৰিয়ইহে অনায়াসে মুকলি হোৱা স্বৰ্গদ্বাৰৰ নিচিনা এনে যুদ্ধ লাভ কৰে।’

অথ চেত্বামিমং ধৰ্ম্যং সংগ্ৰামং ন কৰিষসি।
ততঃ স্বধৰ্ম কীৰ্তিং চ হিত্বা পাপমৱাপ্‌স্যসি॥

 অৰ্থাৎ ‘আৰু যদি তুমি এই ধৰ্ম্মযুক্ত সংগ্ৰাম নকৰা, তেন্তে স্বধৰ্ম্ম আৰু কীৰ্ত্তি হেৰুৱাই পাপভোগ কৰিবা।’[১০]

 যুদ্ধ ধৰ্ম্মমূলক হৈ পৰাত আটাইবোৰ অকুশল কৰ্ম্মপথ ধাৰ্ম্মিক হৈ পৰাটো স্বাভাৱিক আছিল। ইয়াৰ অৰ্থ এয়ে হল যে বাহিৰে আন কতো হিংসা কৰিব নালাগে, যুদ্ধ নহলে লোটপাট কৰিব নালাগে, যুদ্ধৰ বাহিৰে আন কোনো ক্ষেত্ৰতে ব্যভিচাৰ কৰা উচিত নহয়; এনেদৰে অসত্যভাষণ, টুটকীয়া কথা লগোৱা, কঠোৰ বচন আদিৰ প্ৰয়োগ যুদ্ধৰ কাৰণে বা ৰাজনীতিৰ কাৰণে আৱশ্যক নহলে আন কোনো ক্ষেত্ৰতে কৰিব নালাগে। যুদ্ধততো পৰদ্ৰব্যৰ প্ৰতি লোভ বৰ উপযোগী হৈ পৰে। প্ৰতিপক্ষৰ প্ৰতি যদি নিজৰ সৈন্যসকলৰ মাজত বিদ্বেষৰ ভাৱ বিয়পাই তুলিব নোৱাৰি তেন্তে সিহঁতে যুদ্ধ কৰিবলৈ প্ৰস্তুত নহব। আৰু যেতিয়ালৈকে স্বধৰ্ম্মৰ কাৰণে, স্বৰাষ্ট্ৰৰ কাৰণে অথবা এনেধৰণৰ কিবা


(১০)^ ‘ভগৱদ্‌গীতা, অধ্যায় ২, শ্লোক ৩১-৩৩। [ ২৫৮ ]

কাল্পনিক পবিত্ৰ আদৰ্শৰ বাবে আমি যুদ্ধ চলাইছোঁহক বুলি এটা তীব্ৰ মিথ্যা দৃষ্টিৰ সৃষ্টি কৰা নহয়, তেতিয়ালৈকে যুদ্ধত জয়লাভ কৰাটো সম্ভৱ হৈ নুঠে। মুঠতে, অকল যুদ্ধৰ কাৰণে সকলোেবোৰ কুশল কৰ্ম্ম বৰ্জ্জন কৰাটো পবিত্ৰ হৈ পৰে।

 ‘অশ্বত্থামা হত’ এই গোকাট মিছা কথা কবলৈ যুধিষ্ঠিৰ সাজু নাছিল। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ হতুৱাই ‘নৰো ৱা কুঞ্জৰো ৱা’ (মানুহ অথবা হাতী মৰিছে) বুলি কোৱাইছিল। আজিকালিৰ ৰাজনীতিতো সেয়ে আচৰণ কৰা হয়—কিছুদূৰ সঁচা আৰু কিছুদূৰ মিছা। আৰু নিজৰ দেশৰ কাৰণে অনুষ্ঠিত হলে যি কোনো অকুশল কৰ্ম্মই মানুহৰ মনত অতিশয় পবিত্ৰ হৈ পৰিব পাৰে।

 ধাৰ্মিক যুদ্ধৰ বিকাশ—জৈন আৰু বৌদ্ধ ধৰ্ম্মৰ প্ৰভাৱত পৰি বৈদিক হিংসা বন্ধ হৈ গৈছিল, কিন্তু এই দেশত ক্ষত্ৰিয়সকলৰ পৰস্পৰৰ মাজত ধাৰ্ম্মিক যুদ্ধ হোৱাটো হলে অটুট ৰল। হজৰৎ মহম্মদে এনে ধাৰ্ম্মিক যুদ্ধৰ, জেহাদৰ বিকাশ কৰে। তেওঁ কৈছিল যে নিজৰ ভিতৰত যুদ্ধ কৰা উচিত নহয়। খৃষ্টানসকলৰ ধৰ্ম্মযুদ্ধত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। দেশাভিমানে এই আটাইবোৰকে নিজৰ ভিতৰত সামৰি ললে। তাৰ বাবে যি কোনো কুকৰ্ম্মকে উচিত বুলি ধৰি লোৱা হয়। কিন্তু ইয়াৰ হেতুকে মানুহজাতি বিষম মাৰ্গত পৰি হাবাথুৰি খাইছে। তাৰপৰা বাহিৰ হবলৈ বুদ্ধৰ কৰ্ম্মযোগ এৰি আন কোনো পথ থাকিব পাৰেনে?

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )