পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ম্মযােগ
২১৩
 


এইদৰে আৰ্য্য শ্ৰাৱকে বিচাৰ কৰে আৰু তেতিয়া তেওঁ মাৰ্গ বিচাৰি পায়। সেই মাৰ্গৰ অভ্যাসৰ ফলত তেওঁৰ সংযোজন নষ্ট হয়।’[৪]

 এই উদ্ধৃতিত কোৱা হৈছে যে মই কৰ্ম্ম-স্বকীয় অৰ্থাৎ কৰ্ম্মই মোৰ স্বকীয় বা একান্ত সঙ্গী, আনবোৰ বস্তু কেতিয়া মোৰ পৰা আঁতৰি যায়, তাৰ কোনো ঠিকনা নাই; মই কৰ্ম্ম-দায়াদ, অৰ্থাৎ ভাল কাম কৰিলে মই সুখ পাম আৰু বেয়া কাম কৰিলে মই দুখ ভুঞ্জিব লাগিব; মই কৰ্ম্ম-যোনি, অৰ্থাৎ কৰ্ম্মৰ পৰাই মোৰ জন্ম হৈছে; মই কৰ্ম্ম-বন্ধু, অৰ্থাৎ সংকটৰ সময়ত কৰ্ম্মই মোৰ বন্ধু; মই কৰ্ম্ম-প্ৰতিশৰণ, অৰ্থাৎ কৰ্ম্মইহে মোক ৰক্ষা কৰিব পাৰিব। ইয়াৰ পৰা বুজা যায় যে ভগৱান বুদ্ধই কৰ্ম্মৰ ওপৰত কিমান গুৰুত্ব দিছিল। এনে গুৰুক জানো নাস্তিক বুলি কোৱাটো উচিত হব?

 উৎসাহিত মনেৰে সৎকৰ্ম্ম কৰিব লাগে—এই সম্বন্ধে ধৰ্ম্মপদৰ পৰা তলত তুলি দিয়া গাথা সম্পৰ্কেও আলোচনা কৰি চোৱাটো উচিত হব :

অভিৎথৰেথ কল্যাণে পাপ চিত্তং নিৱাৰয়ে।
দন্ধংহি কৰোতো পুঞ্‌ঞং পাপস্মিং ৰমতো মনো॥

 অৰ্থাৎ ‘কল্যাণ কৰ্ম্ম কৰাত ততাতৈয়া কৰিব লাগে আৰু পাপৰ পৰা চিত্তক নিৱাৰণ কৰিব লাগে। কিয়নো আলস্যৰ ফলত পুণ্যকৰ্ম্ম কৰোঁতাৰ মন পাপত মজে।’

 ব্ৰাহ্মণসকলৰ কৰ্ম্মযোগ—বুদ্ধৰ কৰ্ম্মযোগ সম্বন্ধে আলোচনা ইমানতে সামৰি এতিয়া সেই সময়ৰ ব্ৰাহ্মণ সকলৰ মাজত কি ধৰণৰ কৰ্ম্মযোগৰ চলতি আছিল সেই সম্পৰ্কে চমুকৈ আলোচনা কৰা যাওক। ব্ৰাহ্মণ সকলৰ উপজীৱিকাৰ সাধন আছিল যাগ-যজ্ঞ আৰু তাৰে বিধিমতে অনুষ্ঠান কৰাকে ব্ৰাহ্মণ সকলে নিজৰ কৰ্ম্মযোগ বুলি মানিছিল। লগতে


(৪)^ অঙ্গুত্তৰনিকায়’, পঞ্চক নিপাত, সুত্ত ৫৭।