পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ম্মযােগ
২০৭
 

কৰিলে। পিচত যেতিয়া দেখিলে যে তাৰ পৰা একো লাভ নাই, তেতিয়া তেওঁ তাকো ত্যাগ কৰি এটা অভিনৱ মধ্যম মাৰ্গ বিচাৰি উলিয়ালে।

 আজিকালিও এইদৰে ৰাজনীতিজ্ঞ আৰু ধাৰ্মিক লোকসকলে বিপ্লৱপন্থী লোকৰ বেলিকা বিনাশক ( nihilist ) আদি বিশেষণ প্ৰয়োগ কৰে আৰু সমাজৰ আগত তেওঁলোকৰ অজ্ঞতা বোৰ দাঙি ধৰে, ঠিক তেনেকৈয়ে আমি ধৰি লব পাৰোঁ যে বুদ্ধৰ সমসাময়িক টীকাকাৰ সকলে তেওঁক অক্ৰিয়বাদী বুলি কৈছিল আৰু ৰাইজৰ আগত তেওঁৰ নতুন দৰ্শন নিৰৰ্থক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল।

 দুশ্চৰিত আৰু সুচৰিত—ইয়াত উল্লেখ কৰা দুশ্চৰিত আৰু সুচৰিত সম্বন্ধে চমুকৈ আলোচনা কৰাটো উচিত হব। সালেয়্যক ব্ৰাহ্মণৰ আগত ভগৱানে কৈছিল, 'হে গৃহস্থী, কায়াৰ দ্বাৰা হব পৰা তিনি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি? কোনো লোকে প্ৰাণ-ঘাত কৰে, ৰুদ্ৰ, দাৰুণ লোহিতাপাণি আৰু মাৰধৰ কৰি থাকে, অথবা চুৰি কৰে, কোনো লোকে লাগিলে তেওঁ গাৱঁতেই থাকক বা অৰণ্যতে থাকক যি বস্তু তেওঁৰ নহয়, তাক গৰাকীক নোসোধাকৈয়ে লৈ যায়, নাইবা ব্যভিচাৰ কৰে, মাক, বাপেক, ভনীয়েক বা নিজৰ আপোন মানুহৰ দ্বাৰা ৰক্ষিত তিৰোতাৰ লগত ব্যভিচাৰ কৰে, এই দৰে কায়াৰ দ্বাৰা নানা ধৰণৰ অধৰ্ম্মাচৰণ হয়।

 ‘আৰু, হে গৃহস্থী, বাক্যেৰে হব পৰা চাৰি প্ৰকাৰৰ অধৰ্ম্মাচৰণনো কি কি? কোনো কোনো মানুহে মিছা কয়। সভা, পৰিষদ, আপ্তমণ্ডল বা ৰাজদৰবাৰলৈ গলে মানুহে সাক্ষী লৈ যায় আৰু কয় যে তুমি যি জানা তাকে কোৱা। তেতিয়া তেওঁ যি নাজানে তাকো তেওঁ জনা বুলি কয়। আৰু তেওঁ যি দেখা নাই, সেই সম্বন্ধেও তেওঁ কয় যে তেওঁ তাক দেখিছে। এইদৰে নিজৰ কাৰণে, পৰৰ কাৰণে বা অলপ