পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
ভগৱান বুদ্ধ
 


চুৰি কৰে, বাৰু আমি চুৰি নকৰোঁচোন, এনে স্বচ্ছতা কৰিব লাগে। আনলোকে অব্ৰহ্মচাৰী, বাৰু আমি চোন ব্ৰহ্মচাৰীযে হওঁহক, এনে স্বচ্ছতা কৰিব লাগে। আনে মিছা কথা কয়, আমি মিছা কথাৰ পৰা নিবৃত্ত হওঁচোন, আনে অ’ৰ কথা ত’ত লগায, আমি তাৰপৰা আঁতৰিয়ে থাকোঁচোন, আনে গালি-শপনি দিয়ে, আমি গালি-শপনি দিযাৰ পৰা নিবৃত্ত হওঁচোন, আনে অনৰ্থক প্ৰলাপ কৰে, আমি তাৰপৰা বিৰত থাকোঁচোন, আনে পৰৰ ধনৰ লোভ কৰে, আমি পৰৰ ধনৰ লোভৰপৰা মুক্ত হওঁচোন, আনে দ্বেষ কৰে, আমি তাৰপৰা আঁতৰি থাকোঁচোন, আন মিথ্যাদৃষ্টিপূৰ্ণ হয়, আমি সম্যক দৃষ্টিৰ হৈ পৰোঁচোন, এনেধৰণৰ স্বচ্ছতা কৰিব লাগে।

 ‘হে চুন্দ, কোনো আওপকীয়া বাটত আঁত হেৰুৱাই পৰা মানুহে তাৰপৰা ওলাবলৈ যিদৰে পোন বাট বাহিৰ কৰে তেনেদৰে বিহিংসক মানুহৰ কাৰণে বিহিংসাৰপৰা বাহিৰ ওলোৱাৰ পথ হল অবিহিংসা। প্ৰাণঘাতী মানুহৰ পক্ষে মুক্ত হোৱাৰ উপায় প্ৰাণঘাতৰ পৰা বিৰতি, চোৰৰ কাৰণে মুক্ত হোৱাৰ উপায় চুৰিৰপৰা বিৰতি, অব্ৰহ্মচাৰীৰ পক্ষে মুক্ত হোৱাৰ উপায় অব্ৰহ্মচৰ্য্যৰপৰা বিৰতি, মিছলীয়াৰ বাবে মুক্তিৰ উপায় মিছা কথাৰপৰা বিৰতি, অ’ৰ কথা ত’ত লগোৱা কুকৰ্ম্মৰপৰা মুক্ত হোৱাৰ উপায় সেই অভ্যাস পৰিহাৰ কৰা, কৰ্কশবচন বোলোঁতাৰ কাৰণে মুক্তিৰ উপায় কৰ্কশবচনৰ পৰা বিৰতি আৰু বৃথা প্ৰলাপ কৰোঁতাৰ পক্ষে মুক্তিৰ বাবে বৃথা প্ৰলাপৰ পৰা বিৰতি—এয়ে হল উপায়••••••

 ‘হে চুন্দ, নিজে গভীৰ বোকাত পৰি থাকিলে তেওঁ আনক সেই বোকাৰপৰা তুলিব নোৱাৰে। তেনেকৈ যি নিজক দমন কৰা নাই, নিজৰ বাবে অনুশাসন স্বীকাৰ কৰি লোৱা নাই, যি নিজে শান্ত নহয়, তেওঁৰ পক্ষে আনক দমন কৰা, অনুশাসন কৰা বা শান্ত কৰাটো সম্ভৱপৰ