নহয়। কিন্তু যি নিজে দান্ত, বিনীত আৰু পৰিনিবৃত্ত, তেওঁৰ পক্ষে আনক দমন কৰাটো, বিনয় শিকোৱাটো আৰু আনক পৰিনিবৃত্ত (শান্ত) কৰাটো সম্ভৱপৰ।’
‘ধম্মপদ’ৰ এটা গাথাত (২২৩) চমুকৈ এই অৰ্থকে বৰ্ণোৱা হৈছে। এই গাথা হল :
অক্কোধেন জিনে কোধং অসাধুং সাধুনা জিনে।
জিনে কদৰিয়ং দানেন সচ্চেনালীকৱাদিনং॥
অৰ্থাৎ ‘ক্ষমাৰে ক্ৰোধক জয কৰিব লাগে, সাধুতাৰে অসাধুক জয় কৰিব লাগে, দানেৰে কৃপণক জয় কৰিব লাগে।’
দহোটা কুশল কৰ্ম্মপথত ব্ৰাহ্মণসকলে কৰা পৰিবৰ্ত্তন—বৈদিক গ্ৰন্থকাৰসকলে তেনেই আহুহতীয়া ভাৱে ওপৰত উল্লিখিত কুশল আৰু অকুশল কৰ্ম্মপথ স্বীকাৰ কৰি লবলৈ বাধ্য হৈছিল। কিন্তু তাতো তেওঁলোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল যাতে তাৰ ফলত তেওঁলোকৰ অধিকাৰত বাধাৰ সৃষ্টি নহয়। এই দহোটা অকুশল কৰ্মপথক ‘মনুস্মৃতি’ত কিদৰে স্বীকাৰ কৰা হৈছে, তালৈ লক্ষ্য কৰক :
স তানুৱাচ ধৰ্ম্মাত্মা মহৰ্ষীন্মানৱো ভৃগুঃ।
অস্য সৰ্ব্বস্য শৃণুত কৰ্ম্মযোগস্য নিৰ্ণয়ম॥
অৰ্থাৎ ‘সেই মনুকুলোৎপন্ন ধৰ্ম্মাত্মা ভৃগুৱে সেই মহৰ্ষিসকলক কলে, “এই আটাইবোৰ কৰ্ম্মযোগৰ নিৰ্ণয় শুনক।’
পৰদ্ৰব্যেষ্ৱভিধ্যানং মনসানিষ্টচিন্তনম্
বিতথাভিনিৱেশশ্চ ত্ৰিৱিধং কৰ্ম্ম মানসম্॥
অৰ্থাৎ ‘পৰদ্ৰব্যৰ প্ৰতি অভিলাষ কৰা, আনৰ অনিষ্ট চিন্তা কৰা, আৰু ভুল পথেৰে যোৱা (নাস্তিকতা)—এই তিনিটাক মানসিক পাপকৰ্ম্ম বুলি বুজিব লাগে।’