কৰ্ম্মযোগ
এবাৰ বুদ্ধ ভগৱান বৈশালীৰ ওচৰৰ মহাবনত আছিল। সেই সময়ত কেইজনমান প্ৰখ্যাত লিচ্ছবী ৰজা তেওঁলোকৰ সংস্থাগাৰত গোট খাই- ছিল। তাত বুদ্ধৰ বিষয়ে আলোচনা হল। আলোচনাৰ সময়ত প্ৰায় আটায়ে বুদ্ধ, ধৰ্ম্ম আৰু সংঘৰ স্তুতি কৰিবলৈ ধৰিলে। তাকে শুনি সিংহ সেনাপতিৰ বুদ্ধ দৰ্শনৰ ইচ্ছা হল। তেওঁ নিগ্ৰৰ্ন্থৰ উপাসক আছিল হেতুকে নিজৰ মুখ্য গুৰু নাথপুত্তৰ লগত সাক্ষাৎ কৰিলে আৰু কলে, ‘ভদন্ত, মই শ্ৰমণ গৌতমৰ লগত সাক্ষাৎ কৰিবলৈ ইচ্ছা কৰোঁ।’
নাথপুত্তই কলে, ‘হে সিংহ, তুমি ক্ৰিয়াবাদী, এতেকে তুমি অক্ৰিয়- বাদী গৌতমৰ লগত কিয় সাক্ষাৎ কৰিবলৈ বিচাৰিছা?’
গুৰুৰ এই কথা শুনি সিংহ সেনাপতিয়ে বুদ্ধক দৰ্শন কৰিবলৈ যোৱাৰ ইচ্ছা এৰি দিলে। পিচত আকৌ তেওঁ দুবাৰ এবাৰ লিচ্ছৱীহঁতৰ সংস্থা- গাৰত বুদ্ধ ধৰ্ম্ম আৰু সংঘৰ স্তুতি শুনিলে। তথাপি নাথপুত্তৰ কথামতে তেওঁ বুদ্ধ-দৰ্শনৰ বাবে যোৱাৰ ইচ্ছা আকৌ স্থগিত ৰাখিব লগীয়া হল। শেহত নাথপুত্তক নোসোধাকৈয়ে সিংহই বুদ্ধৰ লগত সাক্ষাৎ কৰিবলৈ স্থিৰ কৰিলে আৰু নিজৰ দলবল লগত লৈ মহাবনলৈ গৈ তেওঁ ভগৱানক নমস্কাৰ কৰি এফালে বহি পৰিল আৰু ভগৱানক এই বুলি প্ৰশ্ন কৰিলে, ‘ভদন্ত, এইটো সঁচানে যে আপুনি অক্ৰিয়বাদী আৰু শ্ৰাৱকসকলক আপুনি অক্ৰিয়বাদৰ কথা শিকায়?’
ভগৱানে কলে, ‘এটা পৰ্য্যায়ৰ পৰা চালে অৱশ্যে সত্যবাদী মানুহে এই বুলি কব পাৰে যে শ্ৰমণ গৌতম অক্ৰিয়বাদী। সেই পৰ্য্যায়নো কি?