কৰিছিল নে নাই সেই কথা কব নোৱাৰিলেও এই বিষয়ত হলে সন্দেহ নাই যে সেই সময়ত বুদ্ধৰ ওপৰত এনে ধৰণৰ দোষাৰোপ কৰা হৈছিল।
গৌতমে ক্ষত্ৰিয়-কুলত জন্মগ্ৰহণ কৰিছিল। শাক্য ক্ষত্ৰিয়সকলৰ প্ৰতিৱেশী আৰু সম্বন্ধীয় আছিল কোলিয় ক্ষত্ৰিয়সকল। আমি আগেয়ে কৈ আহিছোঁ যে এই দুয়োটা পক্ষৰ মাজত ৰোহিণী নৈৰ পানী লৈ সদায় মৰামৰি হৈছিল। যদি কোনো খেলৰ মানুহে আন কোনো খেলৰ মানুহৰ কোনো ক্ষতি কৰে, বা খেলৰ মানুহক হত্যা কৰে, তেন্তে প্ৰথম খেলৰ মানুহে দ্বিতীয় খেলৰ মানুহৰ ক্ষতি কৰি বা সেই খেলৰ মানুহক হত্যা কৰি প্ৰতিশোধ লোৱাৰ প্ৰথা আজিকালিও সীমান্তৰ পাঠানসকলৰ মাজত প্ৰচলিত আছে। যদিহে পুৰণি কালত এনে প্ৰথা ভাৰতৰ ক্ষত্ৰিয়সকৰ মাজতো আছিল, তেন্তে আচৰিত হবলগীয়া কোনো কথা নাই। কিন্তু বাস্তৱতে আচৰিত হবলগীয়া কথা হল এয়ে—ক্ষত্ৰিয় কুলত জন্মলাভ কৰিও গৌতম নিজৰ চুবুৰীয়া আৰু সম্পৰ্কীয় লোকৰ ওপৰত প্ৰতিশোধ লবলৈ একেবাৰে অমান্তি হল আৰু তেওঁ নিজে একে বেলিয়েই তপস্বী সমাজভুক্ত হৈ পৰিল।
গৃহস্থাশ্ৰমত মন বিৰক্ত হলে সেই সময়ত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে গৃহ–ত্যাগ কৰি পৰিব্ৰাজক হৈছিল আৰু ঘোৰ তপস্যা কৰিছিল। গতিকে গৌতম তপস্বী হৈ যোৱাত কোনো আচৰিত হোৱা নাছিল চাগৈ। মানুহে হয়তো বৰ বেচি ইমানকে কৈছিল যে এই তৰুণ গৃহস্থজনে নিজৰ আশ্ৰমৰ বাবে অনুপযোগী বুলি পৰিচয় দিলে। কিন্তু সাত বছৰ তপস্যা কৰি গৌতম বোধিসত্ত্ব বুদ্ধ হৈ গল আৰু গৃহস্থাশ্ৰমৰ সুখ উপভোগ আৰু সন্ন্যাসাশ্ৰমৰ তপস্যা দুয়োটাকে সমানভাবে নিষেধ কৰিবলৈ ধৰিলত চাগৈ টিকা-টিপ্পনী হবলৈ ধৰিলে।
ব্ৰাহ্মণসকলে বিচাৰিছিল যাতে প্ৰচলিত সমাজ-প্ৰণালী অটুট থাকে। তেওঁলোকৰ কৰ্ম্মযোগ এয়ে আছিল যে ব্ৰাহ্মণে যাগ-যজ্ঞ কৰিব লাগে,