কথাৰ ওপৰত তেওঁৰ বিশ্বাস হয়। এইদৰে মনৰ দ্বাৰা বিবিধ ধৰ্ম্মৰ আচৰণ হয়।[২]
সংক্ষেপত আমি কব পাৰোঁহক যে প্ৰাণঘাত, অদত্তাদান (চুৰি ) আৰু কাম মিথ্যাচাৰ (ব্যভিচাৰ) এই তিনিটা কায়িক পাপ কৰ্ম্ম; 'অসত্য, অ’ৰ কথা ত’ত লগোৱা, গালি-শপনি দিযা, অনৰ্থক বলকা—এই চাৰিটা বাচসিক পাপ-কৰ্ম্ম আৰু পৰদ্ৰব্য লোভ, আনক ধ্বংসৰ ইচ্ছা আৰু নাস্তিক দৃষ্টি—এই তিনিটা মানসিক পাপ-কৰ্ম্ম। এই দহোটাক অকুশল কৰ্ম্মপথ কোৱা হয়। তাৰপৰা নিবৃত্ত হোৱাটো কুশল কৰ্ম্মপথ। এই দহোটাৰো বৰ্ণনা ওপৰত দিয়া হৈছে। ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইতে দহোটা অকুশল আৰু দহোটা কুশল কৰ্ম্মপথৰ বৰ্ণনা পোৱা যায়। উপৰ্য্যোক্ত উদ্ধৃতিত অকুশল কৰ্ম্মপথক অধৰ্ম্মাচৰণ আৰু কুশল কৰ্ম্মপথক ধৰ্ম্মাচৰণ বুলি কোৱা হৈছে।
কুশল কৰ্ম্ম আৰু অষ্টাঙ্গিক মাৰ্গ—এই কুশল কৰ্ম্মপথক আৰ্য্য অষ্টাঙ্গিক মাৰ্গত সামৰি লোৱা হৈছে। তিনি প্ৰকাৰৰ কুশল কায়কৰ্ম্মই সম্যক কৰ্ম্ম, চাৰি প্ৰকাৰৰ কুশল বাচসিক কৰ্ম্মই সম্যক বাচা, আৰু তিনি প্ৰকাৰৰ মানসিক কুশল কৰ্ম্মই হল সম্যক দৃষ্টি আৰু সম্যক সংকল্প। আৰ্য্য অষ্টাঙ্গিক মাৰ্গৰ বাকী চাৰিটা অঙ্গ কুশল কৰ্ম্মপথৰ বাবে সহায়ক স্বৰূপ। সম্যক আজীৱ, সম্যক ব্যায়াম, সমৃক স্মৃতি আৰু সম্যক সমাধি, এইচাৰিটা অঙ্গৰ যথাতথ্য চিন্তা নকৰিলে কুশল কৰ্ম্মপথৰ অভিবৃদ্ধি আৰু পূৰ্ণতা হব নোৱাৰে।
অনাসক্তিযোগ—আমি যদি কুশল কৰ্ম্ম কৰি যাওঁ আৰু তাত
- (২)^ চাওক, ‘মঝ জিমনিকায়’, সং ৪১, সালেয়্যক সুত্ত।