পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
বুৰঞ্জীবোধ।

ৰজা ভালেমানৰ নাম পোৱা যায়। তাৰ ভিতৰত ধনমাণিক, যশমাণিক, ৰামসিংহ এই কেইজন ঘাই। ৰামসিংহ জয়ন্তীয়াৰ শেহ ৰজা। তেওঁৰ দিনতে, ১৭৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়।

 শ্ৰীহট্ট এখন পুৰণি দেশ। ইয়াৰ আদি নাম গোৰ বা গৌৰ। আদিতে এই দেশ কামৰূপ ৰাজ্যৰ ভিতৰত আছিল। পাচত শ্ৰীহট্টৰ উত্তৰ ভাগ বঙ্গদেশৰ সেনবংশী ৰজাই দখল কৰে, আৰু দক্ষিণ ভাগ ত্ৰিপুৰা ৰাজ্যৰ লগত চামিল হয়। শ্ৰীহট্টৰ ৰজাৰ বিষয়ে লিখা বুৰঞ্জী নাই। আহোম আৰু মোগল সম্ৰাট আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ সম্পৰ্কত যে সিবিলাকৰ বিষয়ে অলপ জনা যায়। শ্ৰীহট্ট ৰাজ্য অসম উপত্যকাতকৈ ডেৰশ বছৰৰ আগেয়েই, ১৬৭৫ খ্ৰী: চনতে বৃটিচ্‌ গৱৰ্ণমেণ্টৰ তললৈ যায়। তাৰ আগতে দুশ বছৰমান শ্ৰীহট্ট মোগল সম্ৰাটৰ দখলত আছিল।

 মণিপুৰ এখন অতি পুৰণি ৰাজ্য। ইয়াৰ নাম মহাভাৰততো পোৱা যায়। কিন্তু, মণিপুৰীয়া ৰজাৰ সুকীয়া বুৰঞ্জী নাই। সেই কাৰণে, আহোম ৰজা আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ বুৰঞ্জীত হে সিবিলাকৰ বিষয়ে উনুকিউৱা হৈছে। মণিপুৰৰ আগৰ ৰজাবিলাকৰ নাম পাবলৈকো নাই। ১৭৫০ খ্ৰীষ্টাব্দৰপৰা মাথোন জনদিয়েক ৰজাৰ বিষয়ে অলপ-অচৰপ জনা যায়। সিবিলাকৰ ভিতৰত জয়সিংহ, চৌৰজিত সিংহ, মাৰ্জ্জিত সিংহ, গম্ভীৰসিংহ, চন্দ্ৰকান্তসিংহ, সুৰচন্দ্ৰসিংহ এই কেইজন ঘাই। ১৮২৬ খ্ৰীষ্টাব্দৰপৰা মণিপুৰ বৃটিচৰ মিত্ৰ ৰাজ্যৰ লেখত পৰে। তেতিয়াৰেপৰা মণিপুৰত