বুৰঞ্জীবোধ/কোম্পানীৰ দিন

ৱিকিউৎসৰ পৰা
[ ৯২ ]
শেহছোৱা।
১। পাঠ।
কোম্পানীৰ দিন।

 “আহোমৰ দিন"ৰ পাচত, অসমত “কোম্পানীৰ দিন" আৰম্ভ হয়। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে অসম দেশ আহোমৰ হাতৰ- পৰা “ইষ্ট ইণ্ডিয়া কোম্পানী"ৰ হাতলৈ যায়। আহোম ৰজা আৰু তেওৰ ঘাই ঘাই মন্ত্ৰী-বিষয়াসকলে কোম্পানীৰপৰা পেঞ্চন পোৱাৰ নিয়ম হয়।

 পোনতে অসমদেশ বঙ্গদেশৰ লগত চামিল হয়; তাৰ পাচত ইয়াক উত্তৰ-পূব বঙ্গদেশৰ কমিচনাৰৰ অধীনত ৰখা হয়। তেতিয়া ডেভিড্‌ স্কট, চাহাব সেই বিভাগৰ কমিচনাৰ আছিল। “কোম্পানীৰ দিন" আৰম্ভ হওঁতে অতি উজনি অসমত মটকৰ ৰাজ্য বৰসেনাপতিক আৰু খাম্‌তীৰ ৰাজ্য শদিয়াখোৱা খাম্‌তী গোহাঞিৰ জিম্মাত ৰখা হয়। তাৰ বাবে বৰসেনাপতিয়ে বৃটিচ্‌ গৱৰ্ণমেণ্টক বছৰি ১২,০০০৲ টকা শোধাবলৈ স্থিৰ হৈছিল; কিন্তু সেই কৰ অতিপাত যেন বোধ হোৱাত, পাচত তাক ১০০০৲ টকালৈ

কমাই দিয়া হয়। শদিয়াখোৱা গোহাঞিয়ে কৰ দিব নালাগিছিল; [ ৯৩ ]
মহাৰাণী ভিক্টোৰীয়া।

কিন্তু তেওঁ তেওঁৰ ৰাজধানীত ২০০ জন চিপাহীৰে সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বৃটিচ্‌ পলিটিকাল এজেণ্ট পুহিবলৈ গাত লয়। এতিয়াৰ ডিব্ৰুগড়েই তেতিয়া মটক ৰাজ্যৰ ৰাজধানী আছিল। আৰু এতিয়াৰ শদিয়াই খামতীৰ ৰাজধানী আছিল।

 বঙ্গদেশৰ অকল এজন কমিচনাৰৰ দ্বাৰাই অসমদেশকে শাসন কৰোৱাটো টান যেন বোধ হল। সেই কাৰণে, তেওঁৰ তলত আৰু [ ৯৪ ] দুজন সহকাৰী কমিচনাৰ নিযুক্ত কৰা গল। ইবিলাক দুজনক জুনিয়াৰ আৰু চিনিয়াৰ কমিচনাৰ বোলা হৈছিল। এজনৰ গাত নামনি অসম আৰু ইজনৰ গাত উজনি অসমৰ শাসনৰ ভাৰ দিয়া হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৈৰৱী আৰু দক্ষিণ পাৰে ধনশিৰী নৈকে মাজসীমা পাতি উজনি আৰু নামনি নামে খাচ্‌ অসম দেশ দুভাগ কৰা হয়।

 ১৮৩১ খ্ৰীষ্টাব্দত ডেভিড্‌ স্কট্‌ চাহাব ঢুকালত, তেওঁৰ ঠাইত মিঃ টি, চি, ৰবাৰ্টচন কমিচনাৰ হয়। তেওঁৰ আমোলত উজনি অসমৰ নামনি ভাগত আহোম স্বৰ্গদেৱ পুৰন্দৰসিংহক আকৌ ৰজা পতা হৈছিল। ১৮৩২ খ্ৰীষ্টাব্দৰ সন্ধি মতে, উজনি অসমৰ সেই ছোৱা পুৰন্দৰসিংহ স্বৰ্গদেৱক বছৰি ৫০,০০০৲ টকা কৰ শোধাই ভোগ কৰিবলৈ দিয়া হয়। তাৰ পাচত, সেই কৰ শোধাবলৈ তেওঁ অপাৰগ হোৱাত, সেই ছোৱা ৰাজ্যও কোম্পানীৰ খাচ্‌ দখলৰ ভিতৰ কৰা হয়।

 ১৮৩৪ খ্ৰীষ্টাব্দত মিঃ ৰবাৰ্টচনৰ ঠাইত জেনেৰেল জেন্‌কিঞ্চ কমিচনাৰ হয়। তেওঁ আহিয়েই বৃটিচ্‌ খাচ দখলৰ অসম খণ্ড দৰং, নগাওঁ, কামৰূপ আৰু গুৱালপাৰাএই চাৰিখন জিলাত ভাগ কৰে। জেনেৰেল জেন্‌কিঞ্চৰ আমোলতে অসমৰ বাকী কৰলীয়া ৰাজ্য- বিলাকো এখন-এখনকৈ বৃটিচৰ খাচ্‌ দখললৈ যায়। ১৮৩৬ খ্ৰীষ্টাব্দত কাছাৰ জিলা বৃটিচ্‌ ৰাজ্যৰ ভিতৰ কৰি তাত এজন ডেপুটী কমিচনাৰ পতা হয়। ১৮৩৮ খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহ স্বৰ্গদেৱে নিৰ্দ্ধাৰিত কৰ শোধাবলৈ অপাৰগ হোৱাত, তেওঁ ভোগ [ ৯৫ ] কৰা উজনি অসম খণ্ড বৃটিচ খাচ দখলৰ ৰাজ্যত চামিল কৰা হয়। তেতিয়াৰপৰা আহোম ৰজা আৰু আহোম ৰাজপুৰুষ- সকলক বৃটিচ্‌-ৰাজৰ পেঞ্চনভোগী কৰা হয়। সেই কালত, আহোম পেঞ্চন মাহে ১২,০০০৲ টকা আছিল। তাৰ পাচত, ১৮৪২ খ্ৰীষ্টাব্দত শদিয়াখোৱা গোহাঞিক পেঞ্চন দি, খাম্‌তী ৰাজ্য খণ্ড বৃটিচ্‌ খাচ্‌ দখলৰ লগ লগোৱা হয়। ১৮৪৩ খ্ৰীষ্টাব্দত বৰসেনাপতিৰ পৰিয়ালক বছৰি ৭০০০৲ টকাকৈ পঁচা দিয়াৰ নিয়ম বান্ধি মটকৰ ৰাজ্য বৃটিচ্‌ খাচ দখলৰ ভিতৰ কৰা হয়। অৱশেষত, ১৮৫৪ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্যৰ তুলাৰাম সেনাপতিক ভোগ কৰিবলৈ দিয়া ৰাজ্যও বৃটিচৰ খাচ্‌ দখললৈ নি, গোটেই অসম দেশত বৃটিচৰ এদনীয়া দখল স্থাপন কৰা হয়। তেতিয়াৰ পৰা গোটেই অসমত কোম্পানীৰ দিন হল।

 সদৌ অসম দেশ বৃটিচৰ খাচ্‌ দখলত পৰাৰ বছৰচেৰেকৰ পাচতে এটা ভয়ানক ৰাজবিপ্লৱ ঘটিবলৈ ধৰিছিল। ১৮৫৭ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত থকা বৃটিচ্‌ৰেজিমেণ্টৰ চিপাহীবিলাক অকস্মাতে জিকাৰি উঠে। তাৰ পাচত, সিহঁতে বৃটিচৰ তলতীয়া নামৰূপীয়া ৰজাৰ লগত যোগ দিবলৈ ওলায়। ইয়াৰ সম্ভেদ লোৱাত জনা গল যে, সেই সময়ত চিপাহীহঁতে চাহাবাদৰপৰা এখন গুপুত পত্ৰ পাইছিল। তাত নামৰূপীয়া ৰজাৰ দেৱান মণিৰাম বৰুৱাৰ নামে উল্লেখ কৰা হৈছিল। সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিলগৈ। সিবিলাকৰ ওপৰত সন্দেহ হোৱাৰ উপৰিও, সিবিলাক বিহে ঘটোৱাৰ কাৰবাৰত থকাৰ প্ৰমাণ পোৱা যায়। সেই [ ৯৬ ] কাৰণে, ইফালে নামৰূপীয়া ৰজাক বন্দী কৰাই, সিফালৰপৰা মণিৰাম দেৱানক ধৰাই আনি যোৰহাটত ফাঁচী দিয়া হয়। মণিৰাম বৰুৱা এজন প্ৰতাপী লোক আছিল। তেওঁৱেই “দত্ত” উপাধি অসমত উলিয়ায়হি। মণিৰাম বৰুৱা দেৱান কায়স্থ আছিল; সেই আপাহতে আজিকালি অসমত কায়স্থ আৰু কলিতাৰ এভাগে দত্ত উপাধি লিখে। মণিৰাম দেৱানৰ ফাঁচী অসমত এটা বৰ ডাঙ্গৰ ঘটনা।

 জেনেৰেল জেন্‌কিঞ্চৰ পাচত, ১৮৬১ খ্ৰীষ্টাব্দত কৰ্ণেল হপ্‌কিঞ্চন উত্তৰ-পূব আৰু অসমৰ কমিচনাৰ হয়। তেওঁৰ আমোলতে, ১৮৬৬ খ্ৰীষ্টাব্দত ভোটান ৰাজ্য আক্ৰমণ কৰা হয়। ভুটীয়া ৰজা ৰণত ঘাটিলত দেৱানগিৰি নামে ভোটান ৰাজ্যৰ নামনি ভাগ বৃটিচ্‌ ৰাজ্যৰ চামিল কৰা হয়। এই ৰণৰ প্ৰসঙ্গতে অসমত ১৮৬৬ খ্ৰীষ্টাব্দত পোন্‌-প্ৰথমে টেলিগ্ৰাফৰ সৃষ্টি হয়। কৰ্ণেল হপকিঞ্চনৰ আমোলতে, ১৮৭১ খ্ৰীষ্টাব্দত বঙ্গদেশৰ লেফ্‌টেনেন্ট গৱৰ্ণৰ চাৰ জৰ্জ কেম্বেল চাহাব বাহাদুৰে অসমৰ পঢ়াশালি আৰু আদালতৰপৰা বঙ্গালী ভাষা উঠাই দি, তাৰ ঠাইত অসমীয়া ভাষা ‘চলাবলৈ নিয়ম কৰে।

 মুঠকথা।—আগেয়ে অসমত বৃটিচ্‌ গৱৰ্ণমেন্ট “ইষ্ট ইণ্ডিয়া কোম্পানী"ৰ তলে চলিছিল। সেই কাৰণে, তেতিয়া অসমত বৃটিচৰ শাসনকাল কোম্পানীৰ দিন বোলা হৈছিল। বৃটিচে পোনতে নামনি অসম খণ্ডহে নিজৰ খাচ্‌ দখললৈ নিছিল। উজনি অসমৰ নিচেই উজনিজাগ মটক আৰু খামতীক ভগাই দিয়া হৈছিল; [ ৯৭ ] তাৰ নামনি ভাগ আহোমক এৰি দিয়া হৈছিল। পিছে, জেনেৰেল জেন্‌কিঞ্চৰ আমোলত সেই আটাইবিলাক ৰাজ্য বৃটিচৰ খাচ্‌ দখললৈ নিয়া হল। ১৮৫৭ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত যি ভয়ানক চিপাহী বিদ্ৰোহ হয়, সেই সূত্ৰতে অসমতো এটা বিদ্ৰোহ ঘটিবলৈ ধৰিছিল। পিচে, তাৰ মূলত মণিৰাম দেৱানক ধৰা পেলাই ফাঁচী দিয়াত সেই বিদ্ৰোহ জঁয় পৰিল। ইয়াৰ তিনি বছৰৰ পাচত, ১৮৬০ খ্ৰীষ্টাব্দত অসমত চলি থকা আফুখেতি ৰহিত হয়। তেতিয়াৰপৰা প্ৰজাই এই খেতি কৰিব নোৱাৰা হল। আৰু, তেতিয়াৰপৰা এই খেতি বৃটিচ্‌ গৱৰ্ণমেণ্টৰ এটা হাতৰ কাৰবাৰ হল। ইয়াৰপৰা গৱৰ্ণমেন্টৰ বিস্তৰ লাভ হয়। মণিৰাম দেৱানৰ "ফাঁচী” আৰু “আফুখেতি ৰহিত” এই দুটা অসমত প্ৰধান ঘটনা। গঞা মানুহে এই দুটা ঘটনাৰ কাল চলিত শঁক আৰু চনৰ আৰম্ভণৰ নিচিনাকৈ লেখত ধৰে।