সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
সৰু-সৰু ৰজাৰ কথা।

কোৱা হৈছে। এই চমু "বুৰঞ্জীবোধ"ত সিবিলাকৰ বিষয়ে চমুকৈ উনুকিওৱা হব মাথোন।

 আৰিমত্ত ৰজাৰ বংশ লোপ পোৱাৰ লগে লগে অসমৰ নিজাপি লোক এদলে ঠায়ে ঠায়ে সৰু সৰু ৰাজ্য পাতিছিল। সিবিলাক ৰজা নহলেও ৰাজখোৱা আছিল। সিবিলাকৰে এদল “বাৰভূঞা” নামে জনা যায়। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। সেই সূত্ৰতে সিবিলাকৰু সৰু-সৰু ভূপতিও বুলিব পাৰি। সিবিলাকৰ বাৰ জন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক “বাৰভূঞা" বোলা যায়। বাৰঘৰ কায়স্থ ভূঞাত বাজেও দুঘৰ বামুণ ভূঞা আছিল। ছুটীয়া আৰু কোচ ৰজাৰ আমোলত বাৰভূঞাৰ প্ৰতাপ বৰকৈ চৰিছিল। বিশেষকৈ ভূঞাবিলাক কোচৰ চিৰবৈৰী আছিল। কিন্তু, আহোম ৰজাৰ ওচৰত সিবিলাকৰ সেই বল নৰজিল; শেহান্তৰত ভূঞাবিলাকে আহোম ৰজাৰ তলতীয়া কৰ্ম্মচাৰীৰূপে দেশ জয় কৰি ফুৰিছিল।

 খাচী আৰু জয়ন্তীয়া পাহাৰকে আগেয়ে জয়ন্তীয়া ৰাজ্য বোলা হৈছিল। সেই ৰাজ্যৰ অধিপতি জয়ন্তীয়া ৰজা বুলিছিল। ইবিলাকৰ সুকীয়া ভাষা আৰু সাহিত্য আছিল। সেয়ে খাচী সাহিত্য। সি এতিয়া ওখ খাপৰ পঢ়াশালিৰ পাঠ্য হৈছে। কিন্তু, সিবিলাকৰ বুৰঞ্জী লিখাৰ ৰীতি নাছিল। সেই কাৰণে, জয়ন্তীয়া ৰজাৰ বিষয়ে মানুহৰ মুখে শুনা কথাত বাজে আন তথ্য, পাবলৈ নাই। আহোম আৰু কোচ ৰজাৰ সম্পৰ্কত মাথোন জয়ন্তীয়া ৰজাৰ বিষয়ে অলপ বহুল আভাস পোৱা যায়। জয়ন্তীয়া