ৰণুৱাই পোনতে বৰছা, বাৰু, তৰোৱাল, যাঠী, কাঁড়- ধেনু, কাৰ্ফাই-ধেনু, নাকৈ দা এইবোৰ অস্ত্ৰেৰে ৰণ কৰিছিল। তাৰ পাচত, সিবিলাকে ৰণত হিলৈ আৰু বৰতোপ ব্যৱহাৰ কৰিছিল। সেই কালত অসমীয়া হিলৈ কেইবা বিধৰ আছিল। তাৰ ভিতৰত কামায়ণ, জমুৰ, পাথৰকলাই, গঠিয়া, পহলঙ্গি, কেচাই, টোৱা, খোকাহিলৈ এই কেইবিধ ঘাই। আহোম ৰজাৰ ৰণ তৰে-পানীয়ে উভয়েদি হৈছিল। ৰণৰ সময়ত চোৱাৰী কটকীয়ে ঘোঁৰাৰ ডাকেৰে ৰজাক দাঁড়ৰ বাতৰি দাঁড়ে দাঁড়ে জনোৱাৰ নিয়ম আছিল। যি ৰণুৱাই ৰণত পিঠি দেখুৱায়, অৰ্থাৎ পলায়, তাক ধৰাই আনি সকলো ৰণুৱাৰ আগত কঁড়িয়াই বা গুলিয়াই মৰা হয়। আজিকাল বৃটিচ্ সেনাকো তেনে অপৰাধত ‘কোৰ্টমাৰ্চিয়াল’ কৰি তেনে দৰেই বধ কৰা হয়।
আহোম ৰজাৰ দিনত অলেখ বিতোপন পকী ঘৰ-দুৱাৰ সজোৱা হৈছিল। 'সাগৰ' নাম দি ডাঙ্গৰ ডাঙ্গৰ পুখুৰী খণোৱা হৈছিল। যুগমীয়া শিলৰ সাঁকো আৰু ওখ-ডাঙ্গৰ ৰাজবাট বন্ধোৱা হৈছিল। প্ৰকাণ্ড প্ৰকাণ্ড ৰাজগড় মৰোৱা হৈছিল। খাৰ-বাৰুদ, হিলৈ-বৰতোপ যোগান হৈছিল। পৰিপাটিকৈ বুৰঞ্জী লিখা হৈছিল। আহোম ৰাজ্যৰ দৰে ভাৰতবৰ্ষৰ আন কোনো ঠাইত স্বাভাৱিক হ্ৰদৰ নিচিনা ডাঙ্গৰ পুখুৰী দেখিবলৈ নাই। এই পুখুৰীবোৰৰ এটা প্ৰধান বিশেষত্ব এই যে, তাৰ পানী সৰ্ব্বতিকাল একে দৰেই নিকা থাকে। পুৰণি ৰংপুৰ নগৰৰ