পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮। পাঠ।
আহোমৰ শাসন-বিধি।

 আহোমৰ শাসন-বিধি সুকীয়া আছিল। সেই শাসন-বিধি বৃটিচৰ শাসন-বিধিৰ লগত ভালেমান মিলে। বিশেষকৈ, ইংলণ্ডৰ আগৰ “ফিউডেল চিষ্টেম"ৰ লগত ই ভালেকৈ মিলে। সেই বিধিমতে আহোম ৰজাৰ ক্ষমতা অসীম বুলিও, তেওঁ বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰ-গোহাঞি এই তিনিজনা ঘাই মন্ত্ৰী মন্ত্ৰণাৰ তল। এই তিনিজনা মন্ত্ৰীয়ে একেমত হৈ ৰজা ভাঙ্গিব আৰু পাতিব পাৰিছিল। ইবিলাক তিনিজনাক ডাঙ্গৰীয়া বোলা হৈছিল। ইবিলাকত বাজে আনে “ডাঙ্গৰীয়া” খিতাপ নাপাইছিল। ইবিলাকৰ নাম্‌নাচতে এজনা বৰবৰুৱা আৰু এজনা বৰফুকন। ইবিলাক দুজনাৰ নাম্‌নাচত তিনিজনা দাঁতিয়লীয়া গোহাঞি, বাৰজন ৰাজখোৱা আৰু ভালেমান ফুকন, বৰুৱা আদি বিষয়া আছিল। এই ভাঙ্গৰীয়া আৰু বিষয়া সকলৰ মাজত দুখন মেল বা ৰাজসভা আছিল; —এখন ডাঙ্গৰীয়া-মেল আৰু ইখন বিষয়া-মেল। ডাঙ্গৰীয়া-মেলত কেৱল ৰজা আৰু ডাঙ্গৰীয়া তিনিজনাৰ দুজনা বহে। বৃটিচৰ হাউচ্‌ অৱ লৰ্ডচ্‌ নামে “পাৰ্লিয়ামেণ্ট” ৰাজসভাৰে সৈতে এই মেলক ৰিজাব পাৰি। বিষয়া-মেলত ৰজা, ডাঙ্গৰীয়া আৰু বিষয়া সকলো বহে। কিন্তু, এই মেলত ৰজাই সততে যোগ নিদিয়ে, বিশেষ লাগতিয়াল কথাত হে বহেহি। এই মেল