বুৰঞ্জীবোধ/আহোমৰ দিনৰ উন্নতি

ৱিকিউৎসৰ পৰা

[ ২০ ]

৩। পাঠ।
আহোমৰ দিনৰ উন্নতি।

 বিষয়াতন্ত্ৰ।—ৰজা নোহোৱাকৈ ৰাজ্য চলাবলৈ অসুচল দেখি, মন্ত্ৰীসকলে আকৌ আগৰ ৰাজবংশৰ ত্যাওখাম্‌থি কোৱঁৰক ৰজা পাতিলে। কিন্তু, তেওঁৱো ককায়েকৰ দৰেই মইমতীয়া হৈ উঠিল। গতিকে, তেওঁক ছল-বুধিকৈ বধ কৰা হয়; আৰু খ্ৰীঃ ১৩৮৯ চনৰপৰা ১৩৯৮ চনলৈকে ৯ বছৰ ৰজা নোহোৱাকৈয়ে মন্ত্ৰীসকলে ৰাজ্য চলায়। তাৰ পাচত, আকৌ তেওঁৰ পুতেক চুডাংফা কোৱঁৰক ৰজা পতা হল। তেওঁক সৰুতে এজন বামুণে তুলি লৈছিল। সেই আপাহতে, তেওঁক “বামুণী কোৱঁৰ”নামেও জনা যায়। এই অনা স্বৰ্গদেৱেই পোন্‌-প্ৰথমে শিঙ্গৰিঘৰত উঠি আহোম বিধি মতে ৰজা হয়। তেওঁ ৯ বছৰ ৰাজপাট খাই স্বৰ্গী হোৱাৰ [ ২১ ] পাচত, খ্ৰীঃ ১৪০৭ চনৰপৰা ১৪৯৭ চনলৈকে এই ৯০ বছৰৰ ভিতৰত চুডাংফা, চুফাক্‌ফা, চুনেন্‌ফা , চুহান্‌ফা আৰু চুপিম্‌ফা এই পাঁচজন ৰজা আহোম ৰাজপাটত উঠে। সিবিলাকৰ আমোলত বহলাই কবলগীয়া লাগতিয়াল কথা নাই; মুঠেই চুহান্‌ফা স্বৰ্গদেৱৰ দিনত কোচ ৰজা বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণ কৰিছিলহি। কিন্তু, তেওঁ ৰণত ঘাটি উলটি যাব লগা হয়।

 স্বৰ্গনাৰায়ণ।—তাৰ পাচত, চুপিম্‌ফা স্বৰ্গদেৱৰ পুতেক চুহুন্মুং কোৱঁৰ ৰজা হয়। এই জনা ৰজাক স্বৰ্গনাৰায়ণ নামেও জনা যায়। স্বৰ্গনাৰায়ণ ৰজাৰ আমোলত ভালেমান ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়াৰ বিষয় সৃষ্টি, আইতনীয়া বিদ্ৰোহ, ছুটীয়া ৰাজ্য দখল, মছলমানৰ পঞ্চম আক্ৰমণ বা কলিয়াবৰৰ প্ৰথম ৰণ, কছাৰি-ৰণ, মছলমানৰ ষষ্ঠ, আক্ৰমণ বা দিকৰাইমুখৰ ৰণ, মৰীয়াৰ উৎপত্তি এইবোৰেই ঘাই।

 মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণ।—সেই সময়ত আহোম ৰজা কেইবাখনো ৰণত লাগি জুৰুলা হৈছিল। তাৰ গম্ পাই, ১৫২৭ খ্ৰীষ্টাব্দত মছলমান সেনাপতি তুৰ্ব্বকে অসম দেশ আক্ৰমণ কৰেহি। সেই আক্ৰমণ ওফৰাবলৈ ধৰাত আহোম আৰু মুছলমানৰ মাজত এখন ৰণ লাগিল। ৰণত আহোম সেনাপতি বৰগোহাঞি ডাঙ্গৰীয়া পৰিল, আৰু মছলমান সেনাপতিয়ে ভালেমান ধন-বস্তু লুটি লৈ নিজ দেশলৈ উলটি গল। সেয়ে মছলমানৰ ৫ম, আক্ৰমণ। সেইবাৰ নটা পাই গৈ, ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্ব্বকে আকৌ অসম দেশ আক্ৰমণ কৰেহি। তেওঁ [ ২২ ] কলিয়াবৰলৈকে উজাই আহি দিকৰাইমুখতে অসম ৰজাৰ ৰণুৱাৰে সৈতে ভেটাভেটী হল, আৰু তাতে এখন বৰ ডাঙ্গৰ ৰণ লাগিল। সেই ৰণত কন্‌চেং বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়া আহোমৰ ঘাই সেনাপতি আছিল। আৰু, বৰগোহাঞি ডাঙ্গৰীয়াৰ বিধৱা পত্নী মূলা গাভৰুৱে পতিবৈৰী তুৰ্ব্বকক প্ৰতিশোধ দিবৰ হেঁপাহেৰে নিজে অস্ত্ৰ ধৰি ৰণ কৰিছিলগৈ। ৰণত মূলা গাভৰু আৰু তুৰ্ব্বক দুয়ো পৰিল। বাকী পাঠান মুছলমানবিলাকক কন্‌চেং ডাঙ্গৰীয়াই কতোৱা নৈ পাৰ কৰি খেদি থৈ আহিলগৈ। সেই ৰণত মুছলমানৰ ভালেমান বন্দুক আহোমৰ হাতত ৰৈ যায়। অসমত বন্দুক আমদানী সেয়ে প্ৰথম। আৰু, সেয়ে অসমত মছলমানৰ ৬ষ্ঠ, আক্ৰমণ।

 সাধনী।— মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণৰ আগে-আগে আহোম ৰজাই খনচেৰেক ডাঙ্গৰ ৰণ দিব লগা হৈছিল; তাৰ ভিতৰত ছুটীয়া ৰাজ্য আক্ৰমণ আৰু কছাৰি-ৰণ এই দুখন ঘাই। ১৫১৩ খ্ৰীষ্টাব্দত ছুটীয়া ৰজাৰ সেনাপতি এজন ৰণৰ সাজেৰে ব্ৰহ্মপুত্ৰে দি ভটীয়াই আহিছিল। পিছে, তেওঁ আহি দিখৌমুখ পাওঁতেই আহোম সেনাপতি কন্‌চেং বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়াই তেওঁক আগচি ধৰিলে। তাতে দুইৰো ভিতৰত এখন ৰণ লাগিল। ৰণত ছুটীয়া সেনাপতি ঘাটিল, আৰু তেওঁক আহোম ৰাজধানীলৈ বন্দী কৰি নিয়া হল। তাৰ দহ বছৰৰ পাচত, ছুটীয়া ৰজা নীতিপালৰ অনীতি-অধৰমত ছুটীয়া ৰাজ্য জুৰুলা হৈ পৰিল। আহোম ৰজাই সেই কথাৰ সম্ভেদ্‌ পাই ছুটীয়া ৰাজ্য [ ২৩ ] দখল কৰিবলৈ আকৌ কন্‌চেং ডাঙ্গৰীয়াক সৈন্য-সমল দি পঠিয়ালে। অকল ছুটীয়া ৰাজ্য দখল কৰাই উদ্দেশ্য নাছিল; সাধনী নামে নীতিপাল ৰজাৰ এগৰাকী পৰম ৰূপৱতী ৰাণী আছিল, তেওঁক লাভ কৰাও আহোম ৰজাৰ আন এটা উদ্দেশ্য আছিল। সাধনী ৰাণী যেনে ৰূপৱতী, তেনে গুণৱতী; আৰু তেওঁ মহাসতী নাৰী আছিল। নীতিপাল ৰজা ৰণত পৰিলত, সাধনী ৰাণীয়ে চন্দনগিৰিৰ টিঙ্গৰপৰা তলৰ কুণ্ডলৈ জাঁপমাৰিপৰি, শত্ৰুৰ হাতৰপৰা নিজৰ গা সৰুৱালে। ছুটীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হল।

 কছাৰি-ৰণ।— ছুটীয়া-ৰণৰ আঠ বছৰৰ পাচত, ১৫৩১ খ্ৰীষ্টাব্দত কছাৰিৰণ লাগিল। আহোম ৰজাই মৰঙ্গিত এটা কোঁঠ মৰাইছিল। সেই কথাত কছাৰি ৰজাৰ বৰ খং উঠিল। তেওঁ কোঁঠ ভাঙ্গি আহোমক তাৰপৰা খেদি পঠিয়াবলৈ ৰণুৱা পাচিলে। তাতে দুয়ো পক্ষৰ মাজত এখন ৰণ লাগিল। ৰণত কছাৰিবিলাক ঘাটি পলাবলৈ ধৰিলে। আহোমৰ সেনাই সিবিলাকক খেদি নি ডিমাপুৰ সোমালেগৈ। তাতো এখন ডাঙ্গৰ ৰণ গিছিল। সেই ৰণতো ঘাটিলত কছাৰি ৰজাই আহোম ৰজাৰে সৈতে সন্ধি কৰিলে।

 মৰীয়া।— মছলমানৰ ৬ষ্ঠ, অক্ৰমণত যিবিলাক মছলমান সেনা বন্দী হৈ ৰল, সিহঁতক পোনতে ৰজাৰ হাতীঘাঁহী পতা হৈছিল। পিচে, সিহঁতে আগেয়ে হাতী নেদেখাৰ কাৰণে, কোন ফালে মুখ ঠিক কৰিব নোৱাৰি, নেগুৰৰ ফালে ঘাঁহ গুজি কেইবাটাও হাতী মাৰিলে। তাৰ পাচত, সেই কামৰপৰা এৰুৱাই নি সিহঁতক [ ২৪ ] ৰজাৰ খাতত খেতি কৰিবলৈ দিয়া হল। তাতে সিহঁতে নিলগৰপৰা বোকা কঢ়িয়াই কঠীয়া ৰুই ন-শ মানুহে ছ-শ ডাঙ্গৰি মাথোন ধান আৰ্জ্জিলে। সেই কাৰণে, সিহঁতক একেবাৰে অকামিলা ভাবি এৰি দিয়া হল। আৰু, পাচলৈ সিহঁতে পিতলৰ লোটা, কলহ, চৰিয়া এইবোৰ সঁজুলী সাজি তাকে সলাই ভাত মোকলাবলৈ ধৰিলে। সিহঁতৰ বংশৰ মানুহকে আজিকালি মৰীয়া বোলে।

 স্বৰ্গদেৱ স্বৰ্গনাৰায়ণ এজন অতি বিচক্ষণীয়া ৰজা আছিল। তেওঁৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। আৰু তেওঁৰ দিনত “আহোমৰ দিন”ৰ বহুল উন্নতি হৈছিল। এই জনা স্বৰ্গদেৱে ৪২ বছৰ ৰাজপাট খাইছিল। তেওঁ ১৫৩৯ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।

 মুঠ্‌-কথা।—স্বৰ্গদেৱ চুডাংফা বা বামুণী কোৱঁৰৰ দিনৰপৰা শিঙ্গৰিঘৰ উঠাৰ নিয়ম চলে। স্বৰ্গনাৰায়ণ ৰজাৰ দিনত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হয়। তাৰ ভিতৰত ছুটীয়া ৰাজ্য দখল, কছাৰি- দমন, মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণ এই কেইটা ঘাই। এই জন ৰজাৰ আমোলত, খ্ৰীঃ ১৪৯৭ চনৰপৰা ১৫৩৯ চনলৈকে, আহোমৰ দিনৰ বহুল উন্নতি হয়। এওঁৰ দিনতে আহোমৰ ৰাজত্বত বামুণৰ প্ৰতিপত্তিৰ সূত্ৰপাত হয়। যি জন হাবুঙ্গীয়া বামুণৰ ঘৰত চুডাংফা স্বৰ্গদেৱ অজ্ঞাত অবস্থাত ডাঙ্গৰ-দীঘল হৈছিল, সেই বামুণক ঘৰোৱাহিকৈ ৰজাৰ নগৰলৈ তুলি আনা হয়। সেই আপাহতে, সেই বামুণৰ লৰাহঁতকো পাচলৈ “বামুণী কোৱঁৰ” বোলা হয়।