পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
আহোমৰ দিনৰ উন্নতি।

পাচত, খ্ৰীঃ ১৪০৭ চনৰপৰা ১৪৯৭ চনলৈকে এই ৯০ বছৰৰ ভিতৰত চুডাংফা, চুফাক্‌ফা, চুনেন্‌ফা , চুহান্‌ফা আৰু চুপিম্‌ফা এই পাঁচজন ৰজা আহোম ৰাজপাটত উঠে। সিবিলাকৰ আমোলত বহলাই কবলগীয়া লাগতিয়াল কথা নাই; মুঠেই চুহান্‌ফা স্বৰ্গদেৱৰ দিনত কোচ ৰজা বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণ কৰিছিলহি। কিন্তু, তেওঁ ৰণত ঘাটি উলটি যাব লগা হয়।

 স্বৰ্গনাৰায়ণ।—তাৰ পাচত, চুপিম্‌ফা স্বৰ্গদেৱৰ পুতেক চুহুন্মুং কোৱঁৰ ৰজা হয়। এই জনা ৰজাক স্বৰ্গনাৰায়ণ নামেও জনা যায়। স্বৰ্গনাৰায়ণ ৰজাৰ আমোলত ভালেমান ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়াৰ বিষয় সৃষ্টি, আইতনীয়া বিদ্ৰোহ, ছুটীয়া ৰাজ্য দখল, মছলমানৰ পঞ্চম আক্ৰমণ বা কলিয়াবৰৰ প্ৰথম ৰণ, কছাৰি-ৰণ, মছলমানৰ ষষ্ঠ, আক্ৰমণ বা দিকৰাইমুখৰ ৰণ, মৰীয়াৰ উৎপত্তি এইবোৰেই ঘাই।

 মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণ।—সেই সময়ত আহোম ৰজা কেইবাখনো ৰণত লাগি জুৰুলা হৈছিল। তাৰ গম্ পাই, ১৫২৭ খ্ৰীষ্টাব্দত মছলমান সেনাপতি তুৰ্ব্বকে অসম দেশ আক্ৰমণ কৰেহি। সেই আক্ৰমণ ওফৰাবলৈ ধৰাত আহোম আৰু মুছলমানৰ মাজত এখন ৰণ লাগিল। ৰণত আহোম সেনাপতি বৰগোহাঞি ডাঙ্গৰীয়া পৰিল, আৰু মছলমান সেনাপতিয়ে ভালেমান ধন-বস্তু লুটি লৈ নিজ দেশলৈ উলটি গল। সেয়ে মছলমানৰ ৫ম, আক্ৰমণ। সেইবাৰ নটা পাই গৈ, ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্ব্বকে আকৌ অসম দেশ আক্ৰমণ কৰেহি। তেওঁ