পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
আহোমৰ দিনৰ উন্নতি।

দখল কৰিবলৈ আকৌ কন্‌চেং ডাঙ্গৰীয়াক সৈন্য-সমল দি পঠিয়ালে। অকল ছুটীয়া ৰাজ্য দখল কৰাই উদ্দেশ্য নাছিল; সাধনী নামে নীতিপাল ৰজাৰ এগৰাকী পৰম ৰূপৱতী ৰাণী আছিল, তেওঁক লাভ কৰাও আহোম ৰজাৰ আন এটা উদ্দেশ্য আছিল। সাধনী ৰাণী যেনে ৰূপৱতী, তেনে গুণৱতী; আৰু তেওঁ মহাসতী নাৰী আছিল। নীতিপাল ৰজা ৰণত পৰিলত, সাধনী ৰাণীয়ে চন্দনগিৰিৰ টিঙ্গৰপৰা তলৰ কুণ্ডলৈ জাঁপমাৰিপৰি, শত্ৰুৰ হাতৰপৰা নিজৰ গা সৰুৱালে। ছুটীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হল।

 কছাৰি-ৰণ।— ছুটীয়া-ৰণৰ আঠ বছৰৰ পাচত, ১৫৩১ খ্ৰীষ্টাব্দত কছাৰিৰণ লাগিল। আহোম ৰজাই মৰঙ্গিত এটা কোঁঠ মৰাইছিল। সেই কথাত কছাৰি ৰজাৰ বৰ খং উঠিল। তেওঁ কোঁঠ ভাঙ্গি আহোমক তাৰপৰা খেদি পঠিয়াবলৈ ৰণুৱা পাচিলে। তাতে দুয়ো পক্ষৰ মাজত এখন ৰণ লাগিল। ৰণত কছাৰিবিলাক ঘাটি পলাবলৈ ধৰিলে। আহোমৰ সেনাই সিবিলাকক খেদি নি ডিমাপুৰ সোমালেগৈ। তাতো এখন ডাঙ্গৰ ৰণ গিছিল। সেই ৰণতো ঘাটিলত কছাৰি ৰজাই আহোম ৰজাৰে সৈতে সন্ধি কৰিলে।

 মৰীয়া।— মছলমানৰ ৬ষ্ঠ, অক্ৰমণত যিবিলাক মছলমান সেনা বন্দী হৈ ৰল, সিহঁতক পোনতে ৰজাৰ হাতীঘাঁহী পতা হৈছিল। পিচে, সিহঁতে আগেয়ে হাতী নেদেখাৰ কাৰণে, কোন ফালে মুখ ঠিক কৰিব নোৱাৰি, নেগুৰৰ ফালে ঘাঁহ গুজি কেইবাটাও হাতী মাৰিলে। তাৰ পাচত, সেই কামৰপৰা এৰুৱাই নি সিহঁতক