আহোমৰ আদৰ পাই আহিছে। আহোম ভাষা কেৱল আহোমৰ ধৰ্ম্মপুথি আৰু বুৰঞ্জী লিখাত হে চলতি হল। আৰু, দেওধাইসকলত বাজে আনে ইয়াৰ চৰ্চ্চা নাৰাখিছিল। গতিকে, আজি কালি আহোম ভাষা জনা লোক নোহোৱা হৈছেহি। সেই কাৰণে, আগৰ দিনৰ আহোম ধৰ্ম্মপুথি আৰু বুৰঞ্জীবিলাক উদ্ধাৰ কৰিব নোৱাৰাত দেশৰ মহৎ ক্ষতি হৈছে।
বিষয়াতন্ত্ৰ।—ৰজা নোহোৱাকৈ ৰাজ্য চলাবলৈ অসুচল দেখি, মন্ত্ৰীসকলে আকৌ আগৰ ৰাজবংশৰ ত্যাওখাম্থি কোৱঁৰক ৰজা পাতিলে। কিন্তু, তেওঁৱো ককায়েকৰ দৰেই মইমতীয়া হৈ উঠিল। গতিকে, তেওঁক ছল-বুধিকৈ বধ কৰা হয়; আৰু খ্ৰীঃ ১৩৮৯ চনৰপৰা ১৩৯৮ চনলৈকে ৯ বছৰ ৰজা নোহোৱাকৈয়ে মন্ত্ৰীসকলে ৰাজ্য চলায়। তাৰ পাচত, আকৌ তেওঁৰ পুতেক চুডাংফা কোৱঁৰক ৰজা পতা হল। তেওঁক সৰুতে এজন বামুণে তুলি লৈছিল। সেই আপাহতে, তেওঁক “বামুণী কোৱঁৰ”নামেও জনা যায়। এই অনা স্বৰ্গদেৱেই পোন্-প্ৰথমে শিঙ্গৰিঘৰত উঠি আহোম বিধি মতে ৰজা হয়। তেওঁ ৯ বছৰ ৰাজপাট খাই স্বৰ্গী হোৱাৰ