ৰজাৰ খাতত খেতি কৰিবলৈ দিয়া হল। তাতে সিহঁতে নিলগৰপৰা বোকা কঢ়িয়াই কঠীয়া ৰুই ন-শ মানুহে ছ-শ ডাঙ্গৰি মাথোন ধান আৰ্জ্জিলে। সেই কাৰণে, সিহঁতক একেবাৰে অকামিলা ভাবি এৰি দিয়া হল। আৰু, পাচলৈ সিহঁতে পিতলৰ লোটা, কলহ, চৰিয়া এইবোৰ সঁজুলী সাজি তাকে সলাই ভাত মোকলাবলৈ ধৰিলে। সিহঁতৰ বংশৰ মানুহকে আজিকালি মৰীয়া বোলে।
স্বৰ্গদেৱ স্বৰ্গনাৰায়ণ এজন অতি বিচক্ষণীয়া ৰজা আছিল। তেওঁৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। আৰু তেওঁৰ দিনত “আহোমৰ দিন”ৰ বহুল উন্নতি হৈছিল। এই জনা স্বৰ্গদেৱে ৪২ বছৰ ৰাজপাট খাইছিল। তেওঁ ১৫৩৯ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।
মুঠ্-কথা।—স্বৰ্গদেৱ চুডাংফা বা বামুণী কোৱঁৰৰ দিনৰপৰা শিঙ্গৰিঘৰ উঠাৰ নিয়ম চলে। স্বৰ্গনাৰায়ণ ৰজাৰ দিনত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হয়। তাৰ ভিতৰত ছুটীয়া ৰাজ্য দখল, কছাৰি- দমন, মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণ এই কেইটা ঘাই। এই জন ৰজাৰ আমোলত, খ্ৰীঃ ১৪৯৭ চনৰপৰা ১৫৩৯ চনলৈকে, আহোমৰ দিনৰ বহুল উন্নতি হয়। এওঁৰ দিনতে আহোমৰ ৰাজত্বত বামুণৰ প্ৰতিপত্তিৰ সূত্ৰপাত হয়। যি জন হাবুঙ্গীয়া বামুণৰ ঘৰত চুডাংফা স্বৰ্গদেৱ অজ্ঞাত অবস্থাত ডাঙ্গৰ-দীঘল হৈছিল, সেই বামুণক ঘৰোৱাহিকৈ ৰজাৰ নগৰলৈ তুলি আনা হয়। সেই আপাহতে, সেই বামুণৰ লৰাহঁতকো পাচলৈ “বামুণী কোৱঁৰ” বোলা হয়।