বুদ্ধদেৱ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বুদ্ধদেৱ
লেখক গোপীনাথ বৰদলৈ
[  ]

বুদ্ধদেৱ
গোপীনাথ বৰদলৈ।

[  ] [  ]

বুদ্ধদেৱ



প্ৰণেতা
শ্ৰীগোপীনাথ বৰদলৈ
শিল-পুখুৰী, গুৱাহাটী

[  ]

প্ৰকাশক—
 গ্ৰন্থকাৰ
  শ্বিলং (অসম)



   ১ম তাঙৰণ ১৯৪৭
    মূল্য দুটকা



        চিত্ৰ-শিল্পী — শ্ৰীহেমন্ত মিশ্ৰ (শ্বিলং)
         ছপা কৰোতা শ্ৰীযদুনাথ দাস
          জয়ন্তী আৰ্ট প্ৰেছ,
           গুৱাহাটী

[  ]
পাতনি


 গান্ধীজীৰ আশ্ৰমৰ একাদশ ব্ৰতৰ ভিতৰত “সৰ্ব্ব ধৰ্ম্মে সমানত্বং” এটা মূল ব্ৰত। এই ব্ৰতৰ নীতি ভাৰতবৰ্ষৰ বৰ্ত্তমান যুগত প্ৰভু ৰামকৃষ্ণ পৰমহংসদেৱে প্ৰচাৰ কৰে। গান্ধীজীয়ে আৰু তেওঁৰ আশ্ৰমবাসীসকলে দৈনন্দিন জীৱনত এই ব্ৰত পালন কৰে। আচলতে ই এটা নিখুত সত্য। ঈশ্বৰৰ বিশ্বাস কেনেকৈ আৰু কেতিয়া মানুহৰ মনত সোমা- লহি সেইটো বৈজ্ঞানিক চৰ্চ্চাৰ বিষয় হব পাৰে, কিন্তু এইটো ঐতিহাসিক সত্য যে ঈশ্বৰৰ অস্তিত্ব মহাজনসকলে অন্তৰ-আত্মাৰ অনুভূতিৰ পৰাই পাইছে আৰু এই মহাপুৰুষ- সকলে বেলেগ দেশত বেলেগ ৰাজবংশত জন্ম গ্ৰহণ কৰিলেও সকলো মহাপুৰুষেই জগতৰ মঙ্গলময় কিছুমান মৌলিক সত্য গ্ৰহণ কৰি গৈছে আৰু তাকে প্ৰচাৰ কৰিছে। দেশ- কাল পাত্ৰ অনুসৰি তেখেতসকলৰ শিকনি বেলেগ হলেও সকলোৰে উদ্দেশ্য একেই—মানৱ সমাজৰ উন্নতি আৰু শান্তি।

 ১৯৪০|৪১ চনত সত্যাগ্ৰহ আন্দোলন সম্বন্ধে জেলত থকা সময়ত কেনেকৈ উঠি-অহা লৰা-ছোৱালীৰ মনৰ পৰা সাম্প্ৰদায়িক বিৰোধ ভাব দূৰ কৰি সমতা ভাব আনিব [  ] ত্ৰুটি-স্বীকাৰ

মাননীয় বৰদলৈ ডাঙৰীয়াৰ এই পুথিখনি চপোৱাৰ ভাৰ অজি প্ৰায় দুবছৰ আগতে আমাৰ গাত পৰে। দুখৰ বিষয় ছাপাখানালৈ যুগুত কৰি পঠোৱা প্ৰথম নকলটো কলিকতাৰ গৃহযুদ্ধত লুপ্ত হয়। তাৰ পিছত কলিকতাৰ অশ। এৰি দি কয় বাৰ ইয়াৰ নকল যুগুত কৰি যোৱা ফেব্ৰুৱাৰী মাহতে স্থানীয় জয়ন্তী প্ৰেছত দিয়া হৈছিল। কিন্তু এই প্ৰেছতে নানান অলৈ-আহুকালৰ বাবে কিতাপ- খন ওলোৱত অশাতীতভাৱে পলন হল। দ্বিতীয় মন কৰিব লগা কথা এয়ে যে আমাৰ নেতাসকলৰ একাণপতীয়। সাহিত্য-চৰ্চাৰ ঠাই জেখানহে। বাহিৰত থকা সময়ত ৰাজহুৱা কামৰ হেচত তেওঁলোকৰ বহুতে ভাত-মুঠি সুস্থিৰে খাবলৈকে। আহৰি নেপাষ। এনে কাৰণতে বৰদলৈদেৱে জেলত লিখা এই পুথিবোৰ দ্বিতীয় বাৰ চকু ফুৰাই দিব নোৱাৰাত আৰু মূল পুথিত কিছুমান কথা বৰ অস্পষ্টভাৱে লিখা থকাত ঠায়ে ঠায়ে দুই এটা ভুল ৰৈ যোবা সম্ভৱ। তদুপৰি অমৰ বিশেষ যত্নতে। ছাপাখানৰ ভূতৰ সাবে পুথিখনিৰ ঠায়ে ঠায়ে দুই এটা চকুত পৰা ভুলা ৰৈ গল। সি যি নহওক আশা কৰো ২৪ তাঙৰণত এই ভ্ৰম-প্ৰমাদ শুচিব। ৰাইজে পুথিখনি আদৰি ললে আন কেইখনি পুথিও ক্ৰমাৎ ছপা হৈ ওলাব। বিনীত ৫|১১ls৭ শ্ৰীঅতুলচন্দ্ৰ হাজৰিকা গুৱাহাটী ) [  ] আগ-কথা মম বাপা। এতিয়া আমি বুদেৱৰ জীৱনচৰিত আলোচনা কৰোহক। তাৰ আগেয়ে আমি দুটামান কথা ভাবি চাব লাগিব। বুদেৱক আমাৰ পুৰাণত এজনা অৱতাৰ বুলি ধৰ হৈছে। আজি বলিও ভাৰতবৰ্ষত সেই অৱতাৰ পূজা নাই বা তেওঁৰ অস্তিত্বকে বিশেষ ভাৰে দেখা পোৱা নাষায় তথাপি তেওঁ নিশ্চয় এনে কিছুমান অসা- ধাৰণ শক্তি আৰু মহান আদৰ্শ দেখাই গৈছে যে হিন্দু শাস্ত্ৰকাৰসকলে বুবৱৰ জ ৰিত মহা- পুৰুষ বা অৱতাৰ বুলি আনিবলৈ বাধ্য।ৈ

আমাৰ মুৰে খেত লেখিছে[  ]

“মৎস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম, বৰাহ, শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
ত পাৱে কৰোহ প্ৰণাম॥”

আন আন অৱতাৰৰ দৰে এই মহাপুৰুষজনায়ো অকল ভাৰতবৰ্ষৰ লোকৰে সাময়িক সামাজিক গ্লানি দূৰ কৰি ক্ষান্ত থকা নাই। তেওঁ সমগ্ৰ জগতবাসীৰ উপকাৰৰ কাৰণে কিছুমান নতুন আদৰ্শ সৃষ্টি কৰি থৈ গৈছে আৰু মানৱ সমাজৰ কাৰণে নতুন কৰ্তব্য নিৰ্দ্ধাৰণ কৰি থৈ গৈছে। সেইবোৰ জগতৰ পৰিবৰ্ত্তন স্বত্বেও মানুহে চিৰন্তন সত্য বুলি মানি লবলৈ বাধ্য হৈছে।

এসময়ত বৌদ্ধ, ধৰ্ম সমগ্ৰ পৃথিৱীৰে প্ৰধান ধৰ্ম্ম আছিল বুলি কলেও বঢ়াই কোৱা নহয়। প্ৰায় ১৫০০ বছৰ ধৰি অৰ্থাৎ খৃঃ পূঃ ৫০০ ৰ পৰা ১০০০ বছৰলৈকে বুদ্ধৰ শিকনি গোটেই এছিয়া মহাদেশতে প্ৰচলিত আছিল। আনকি য়ুৰোপৰ আৰু আফ্ৰিকাৰ ভূমধ্য সাগৰৰ উপকূল অঞ্চলতো ভাৰতবাসী সাওদসকলৰ লগত যোৱা ভিক্ষুবিলাকে ধৰ্ম প্ৰচাৰ কৰা বুলি জানিব পৰা যায়। এছিয়াৰ আন অঞ্চলৰ কথা বাদ দিও বৰ্তমান দক্ষিণ ছিয়া, [  ] তুকিস্তান, পাৰস্য আদি ঠাইত বৌদ্ধ প্ৰচাৰক সকলে বুদ্ধৰ প্ৰেমময় বাণী প্ৰচাৰ কৰিছিল। কিছুমান ধাৰ্মিক লোকে ভাবে যে যীশুখ্ৰীষ্টৰ জীৱনৰ মূল আদৰ্শ অৰ্থাৎ ঈশ্বৰ যে প্ৰেমময় এই ভাবটা যীশুৱে সেই ঠাইত বৌদ্ধ ধৰ্ম্মৰ প্ৰভাৱৰ পৰাহে গ্ৰহণ কৰিছিল। বুদ্ধৰ উপদেশ আৰু শিকনিৰ কথা কওতে আমি আকৌ এই বিষয়ে আলোচনা কৰিমহক। এনেবোৰ কাৰণৰ পৰাই বুদ্ধদেৱৰ নিচিনা মহাপুৰুষ এজনীক হিন্দু শাস্ত্ৰকাৰসকলে অৱতাৰ বুলি মানি লোৱাটো একো আচৰিত কথা নহয়।

এতিয়া যি সমাজৰ মাজত থাকি আৰু যি সমাজৰ নানা দোষ-অন্যায় দেখি বুদ্ধদেৱ জগতৰ মহৎ উপকাৰ কৰিবলৈ সঙ্কল্প গ্ৰহণ কৰিলে সেই সম্বন্ধে মই অলপ কওঁ শুনাঃ -

২৬-২-৪১

শ্ৰীৰামচন্দ্ৰৰ জীৱন-চৰিত পঢ়াতে তোমাললাকে জানিছা কেনেকৈ প্ৰাচীন ভাৰতবৰ্ষত অনেক সৰু সৰু ৰাজ্য আছিল আৰু কেনেকৈ সেইবোৰৰ মাজত যি জন ৰজাই প্ৰতাপশালী হয় তেৱেই সাময়িক [ ১০ ] ভাবে ৰাজচক্ৰৱৰ্তী অৰ্থাৎ বৰ্তমান সম্ৰাটৰ দৰে খিতাপী হবলৈ বিচাৰিছিল। আৰ্যসকলে হিন্দু- স্থানত সোমাওতে প্ৰথমতে দলে দলে আহিছিল। তেওঁবিলাকে ক্ৰমে সিন্ধু নদ উপত্যকা আৰু তাৰ পিছত গঙ্গা নদীৰ পাৰৰ ঠাইবোৰত বসতি কৰে আৰ্যসকল ভ্ৰমণকাৰী জাতি গুচি স্থায়ী বসতি কৰা লোক হোৱাৰ লগে লগে এই সৰু ৰাজ্যবোৰ গঠিত হয়। এনে ৰাজনৈতিক অৱস্থা বুদ্ধদেৱ জন্ম কাললৈকে থকা যেন দেখা যায়। শ্ৰীৰাম- চন্দ্ৰৰ দিনৰ পৰা বুদ্ধদেৱৰ দিনলৈকে কিমান বছৰ হয় সেই কথা কোনেও সঠিককৈ কব নোৱাৰে। কিছুমান বিদ্বান লোকে ১০০০ বছৰমান বুলি কব খোজ। কিছুমানে তাতকৈয়ো বেছি বুলি কয়। কিছুমান পণ্ডিতে ৫০০ বা ৭০০ বছৰৰ বেছি নহয় বুলি অনুমান কৰে

২৭-২-৪১

সি যিকি নহওক প্ৰত্যেক জন ডাঙৰ ৰজাই ৰাজচক্ৰৱৰ্তী হবলৈ ইচ্ছা কৰিছিল। সেই নিমিত্তে সেই কালৰ ৰাজ্যবোৰৰ মাজত সততে যুজবাগৰ চলি আহিল। বৰ্তমান কাশ্মীৰৰ কাষৰ পৰা অসমৰ [ ১১ ] কাষলৈ বিশেষকৈ গঙ্গা নদীৰ পাৰৰ ৰাজ্যবোৰৰ ভিতৰত লিচ্ছবি মগধ, কাশী, কোশল, অঙ্গ, মৰু বিদেহ ইত্যাদি ৰাজ্য কেইখন বিশেষভাৱে জনা- জাত আছিল। মগধ ৰাজ্য প্ৰায় ১০০ বছৰমান পিছত গৈ অশোক, চন্দ্ৰগুপ্ত আদি ৰজাসকলৰ দিনত প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ ব্যাপি বিস্তৃত হৈছিল আৰু সকলো প্ৰকাৰ শিক্ষা পাণ্ডিত্য আদিৰ কেন্দ্ৰস্থল হৈছিল। বুদ্ধদেৱৰ পিতা শুদ্বোধন ৰজাৰ ৰাজ্যও তেনে এখন স্বাধীন ৰাজ্য আছিল। এই ৰাজ্য- খন নেপাল পৰ্বতৰ তলৰ বৰ্তমান ৰোই নামেৰে সমভূমিৰ এক খণ্ড। কাশীৰ উত্তৰে আৰু পূবে প্ৰায় ১০০ মাইল দূৰৈত। এই বিভিন্ন ৰাজ্যবোৰৰ মাজত সাময়িক বিৰোধ বা যুদ্ধ চলি থকা স্বত্বেও মানুহৰ আৰ্থিক, সামাজিক আৰু ধৰ্ম্ম-জীৱনৰ তুল- নাত ৰাজনৈতিক অৱস্থা শান্তিময় আছিল বুলি কব পাৰি। তোমালোকে প্ৰাচীন হিন্দু ঋষি মুনিসকলৰ মহত্বপূৰ্ণ ধৰ্ম্ম জীৱন সম্বন্ধে নিশ্চয় শুনিছা। বৰ্তমান সময়ৰ ভাৰতৰ আৰু য়ুৰোপৰ বিজ্ঞলোক, সকলে ভাৰতবাসী আৰ্যসকলৰ পৰিত্ৰতা, মৌলিকতা আৰু ভাবধাৰাৰ বিশেষত্ব দেখি বিস্মিত হয় আৰু এইবিলাক বিকাশৰ অনুমানিক বিবৰণ দিয়ে। [ ১২ ] অতীজ কালৰ কোনো ৰকমৰ লিখিত বুৰঞ্জী লেখাৰ কাৰণে তেওঁলোকে সেই সময়ৰ বেদ, উপনিষদ, দৰ্শন আৰু আন অন শাস্ত্ৰ যি পাইছে তাৰ পৰা এই অনুমান স্থিৰ কৰিছে। তেওঁলোকৰ মত এই যে—বৈদিক যুগেই আৰ্যসকলৰ ঈশ্বৰ-বিশ্বাসৰ প্ৰথম বিকশিব সময়। এই বৈদিক যুগৰ সময়তে উপনিষদ সৃষ্টি হয়। ইয়াৰ পিছত এই উপনিষদ বিলাককে ভিত্তি কৰি হিন্দু দৰ্শনবিলাক বিকাশ হয়। বৈদিক যুগৰ সময়নিৰ্ধাৰণ সম্বন্ধে বহুত মতভেদ আছে যুৰোপীয় পণ্ডিতসকলে এতিয়াৰ পৰা ৪৫০০ বছৰমান আগতেহে বুলি কব খোজে। তেওঁলোকৰমতে উপ- নিষদ প্ৰচাৰৰ কাল ৩১০০-৩২০০ বছৰ মানহে হব। কিন্তু লোকমান্য বাল গঙ্গাধৰ তিলক আৰু অধ্যাপক জেকবিয়ে ঋক্‌-বেদত উল্লিখিত নক্ষত্ৰৰ গতিৰ পৰা ঠিক কৰিছে যে বৈদিক যুগ এতিয়াৰ পৰা ৬৫০০ বছৰৰ কম নহয় আৰু সেইকাৰণে উপনিষদ লিখাৰ বা প্ৰচাৰৰ সময় ৪০০০ বছৰমান আগতে হব বুলি ধৰিব পাৰি।

২৮-২-৪৫

উপনিষদৰ তথ্যবিলাককে আশ্ৰয় কৰি হিন্দু দৰ্শনবিলাক লিখা হয়। তোমালোকে নিশ্চয় ভাৰত [ ১৩ ] বুৰঞ্জীত ছয়-ব্ৰাহ্মণৰ দৰ্শন শাস্ত্ৰৰ সম্বন্ধে পঢ়িছ। এই দৰ্শনৰ যুগে প্ৰায় ৩০০০ বুছৰমান আগতে আছিল বুলি নিৰ্ধাৰিত কৰিছে আৰু বৌদ্ধ ধৰ্ম প্ৰচাৰ আনকি তাৰ পিছতত দৰ্শন চৰ্চা চলি থকাৰ প্ৰমাণ পোৱা যায়। পণ্ডিতসকলে স্থিৰ কৰিছে যে বৌদ্ধ ধৰ্মৰ মূল ভিত্তি সাঙ্খ্য দৰ্শন।

বুদ্ধ আৱিৰ্ভাব হবৰ সময়ত মানুহৰ ধৰ্মবিশ্বাস যেনেকুৱা আছিল সেই কথা জানিবলৈ হলে আমি বেদ, উপনিষদ আদিৰ বিষয়ে অলপ জনা উচিত। ৰামায়ণ পঢ়োতে তোমালোকে পাইছা কেনেকৈ ঋষি-মুনিসকলে নগৰৰ পৰা দূৰৈত আশ্ৰম পাতি ঈশ্বৰৰ বিষয়ে চিন্তা কৰিছিল আৰু মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ঠাইত শাস্ত্ৰ উদঘাটন কৰিছিল। বেদৰ গানে এই ঋষিবিলাকে ঈশ্বৰৰ পৰা পোৱা বুলি ঈশ্বৰবিশ্বাসী লোকে বিশ্বাস কৰে। বেদ চাৰিখন। ইয়াৰ ভিতৰত ঋক, সাম যজুৰ এই তিনিখনক তিনি ভাগত বিভক্ত কৰিব পাৰি। প্ৰথম খণ্ডত স্তোত্ৰ আৰু গীত, দ্বিতীয় খণ্ডত সেই স্তোত্ৰ গাওঁতে কৰিবলগীয়া যাগ-যজ্ঞ আৰু ক্ৰিয়া কাণ্ড নিয়ম- প্ৰণালীৰ বৰ্ণনা আৰু তৃতীয় খণ্ডত ঈশ্বৰ-তত্ত্ব সমন্ধে আলোচনা বা বিচাৰ আছে। বেদৰ গান [ ১৪ ] বিলকিত ঈশ্বৰৰ শক্তি পৰিচায়ক সৰ্বশক্তিমান সূৰ্য্য, বায়ু, বৰুণ, বিদ্যুতৰ ৰজা ইন্দ্ৰ আৰু সৰ্ব্ব- জীৱস্ৰষ্টা প্ৰজাপতিৰ উপাসনা আছে; আৰু সৰ্ব্ব- শক্তিমান ঈশ্ববৰ উপাসনাও আছে। ২য় খণ্ডত নানা প্ৰকাৰ যজ্ঞ আদিৰ নিয়ম-প্ৰণালী আছে— কেনেকৈ হোম কৰিব লাগিব, কি কি জন্তু বলি দিব লাগিব ইত্যাদি বিষয়ে। তৃতীয় খণ্ডকে উপনিষদ বুলিব পাৰি। এই খণ্ডত যজ্ঞ, ঈশ্বৰ তত্ত্ব সম্বন্ধে গভীৰ আৰু গৃঢ় আলোচনা কৰা হৈছে।

যদিও উপনিষদ বা কোনো কোনো দৰ্শনশাস্ত্ৰত এই যজ্ঞ আদি কৰ্ম্মকাৰ্যৰ উপকাৰিত সম্বন্ধে আপত্তি প্ৰকাশ কৰা হৈছিল তথাপি বুদ্ধ আৱিৰ্ভাৱ হোৱা কালত ইয়াৰ প্ৰকোপ বেছিকৈ বাঢ়িহে গৈছিল। ইয়াৰ কাৰণ ভাবি উলিয়াবলৈ বেছি পৰ নেলাগে। যদিও ইহুদীবিলাকেই পৃথিবীত প্ৰথম এক ঈবাদী বুলি দাবী কৰে; প্ৰকৃততে নিৰাকাৰ ঈশ্বৰৰ এক ঈশ্বৰবাদ প্ৰথমে ভাৰতবৰ্ষতেই যে বিকাশ হয় এই সম্বন্ধে পণ্ডিতসকলৰ মাজত মতভেদ নাই বুলি কব পাৰি। কিন্তু এই ঈশ্বৰ তত্ব বেছিভাগ সাধাৰণ মানুহৰ মনোগত নাছিল বুলি কলে ভুল নহব। এই ব্ৰহ্মবিদ্যা অতি চিন্তা[ ১৫ ] শীল, বিদ্যোৎসাহী, সংযমী আৰু একাগ্ৰচেতা লোকেহে বিচাৰিব পাৰিছিল। এই বিদ্যা অভিমানী লোকসকলে অনেক কাল সিদ্ধ গুৰুৰ ঘৰত থাকি, গুৰুৰ কাৰণে অশেষ কষ্ট কৰি খেতিবাতি কৰি দি নাইবা গৰু, ভেৰা আদি চৰাই ৰাখি, গুৰুৰ পৰা লাহে লাহে এই মহাবিদ্যা পাইছিল। সেই কাৰণে যিসকলে প্ৰকৃত ঈৰ-তত্ত্ব বিচাৰিছিল তেওঁলোকে সমাজ ত্যাগ কৰি গুৰু-গৃহত ব্ৰহ্মচাৰী হৈ ভৃত্যৰ দৰে থাকিব লাগিছিল। উপনিষদৰ কালত ব্ৰহ্মজ্ঞ ঋষিসকলে শিষ্যবিলাকক যদিও বিলাসী, ভোগী বা অভিমানী হবলৈ নিদিছিল আৰু তপস্যাৰ দ্বাৰা সদায় নিজৰ নক সাংসাৰিক আকাঙ্ক্যা বা অভিলাষৰ পৰা মুক্ত কৰি চলিবলৈ কৈছিল কিন্তু পিছত ঈশ্বৰসাধকসকলৰ এনে বিশ্বাস হল যে সংসাৰ ত্যাগ নকৰিলে ঈৰক পাব নোৱাৰি; শৰীৰক অশেষ শাস্তি নিদিলে মানুহৰ অভিলাষ অৰ্থাৎ ইন্দ্ৰিয় দমন কৰিব নোৱাৰি। গতিকে ঈশ্বৰবিশ্বাসী আৰু ঈশ্বৰ অভিলাষী সমাজৰ ভাল মানুহবিলাকে সংসাৰত্যাগী হৈ কঠোৰ তপস্যাত মগ্ন হৈ হাবিয়ে-বননিয়ে, পৰ্বত-গুহা ইত্যাদিত বাস কৰিবলৈ ধৰিলে। বৌদ্ধ-গ্ৰন্থৰ বিৱৰৰ পৰা [ ১৬ ] বুজা যায় যে নদী বা নিজৰাৰ পানী পোৱা খট- খটীয়া কিছুমান হাবিয়নি ঠাই সন্ন্যাসীৰ আশ্ৰমেৰে ভৰি গৈ গাঁৱৰ দৰে হৈছিল। এই সন্ন্যাসী- বিলাকৰ ভিতৰত কিছুমান আজিকালিৰ বহুত সন্ন্যাসীৰ দৰে নিজৰ ব্ৰত ৰক্ষা কৰিব নোৱাৰি ভ্ৰষ্ট হবলৈ বাধ্য হৈছিল। এইদৰে ধৰ্মৰ গ্লানি হবলৈ ধৰিলে।

১-৩-৪১

ইপিনেদি দাৰ্শনিক পণ্ডিতসকলৰ জ্ঞান আৰু তৰ্ক চৰ্চাৰ দ্বাৰা মনুষ্য সমাজখন অযথা তৰ্ক আৰু বাক-বিতণ্ডাৰ থল হৈ পৰিছিল। দৰ্শনকাৰ ঋষি- সকলৰ তিৰোভাৰ লগে লগে তেওঁবিলাকৰ শিষ্য- বিলাকে ঋষিসকলৰ বাণী আৰু উপদেশবিলাক লৈ নানা তৰ্ক সৃষ্টি কৰিবলৈ ধৰিলে। এই শাস্ত্ৰ- বিলাকৰ উদ্দেশ্য যদিও ঈশ্বৰত আছিল তথাপি মুক্তি বা মোক্ষৰ পথ সম্পৰ্কে সকলোবিলাকৰে একে মত নাছিল। সেই কাৰণেই ছয় ৰকমৰ মত প্ৰকাশ হৈ ছয় দৰ্শন চলিবলৈ ধৰিলে। প্ৰত্যেক মত শাস্ত্ৰজ্ঞ লোকসকলে নিজৰ তথ্যৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আৰু তৰ্ক-শক্তি [ ১৭ ] প্ৰচাৰ কৰিবৰ কাৰণে সমাজত নানা ৰকমৰ তৰ্ক সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰাই মানুহৰ বিদ্যা যিমানেই নাবাঢ়ক, মানুহৰ আধ্যাত্মিক জীৱনৰ উন্নতি হোৱা দূৰে থাকক, পূৰ্বৰ ঋষিবিলাকে দান কৰি যোৱ অমূল্য উপদেশৰ মূল্য দিনে দিনে হ্ৰাস পাবলৈ ধৰিলে। এইদৰে মানুহৰ সমাজত অনি কিছুমান বুদ্ধিমান লোকে জীব-জগতৰ উপকাৰৰ কথা নাভাবি বা সমাজৰ উপকাৰৰ কামত সময় নকটাই নিজৰ পাণ্ডিত্য আৰু মহিমা প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিল। এইদৰে সন্ন্যাসী আৰু পণ্ডিত উভয় শ্ৰেণীৰ লোকেই নিজৰ কথা ভাবি থকাত (নিজৰ সজ ইচ্ছা স্বত্বেও) সমাজৰ এটা ডাঙৰ অংশ অকৰ্মণ্য আৰু পৰগছাৰ দৰে হৈ পৰিল।

যি সমাজত সৰ্বোৎকৃষ্ট লোকবিলাকৰ এনে তাৱস্থা হয় সেই সমাজত যে পূৰ্বৰ ভাল নীতিও গৈ অনাচাৰত পৰিণত হব সি ধ্ৰুব সত্য মাথোন। সমাজত কিছুমান স্বাৰ্থপৰ লোকে সদায় নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টাত থাকে। প্ৰায় সৎ, বিদ্বান আৰু বুদ্ধিমান লোকবিলাক ওপৰত কোৱা মতে ব্যস্ত থকাত, এই স্বাৰ্থপৰ লোকবিলাকৰ বাক্তিগত উন্নতি কৰাত বহুত সুবিধা হল। মই আগেয়ে [ ১৮ ] কৈ আহিছে যে বেদমতে আৰ্যবিলাকে কিছুমান যাগযজ্ঞ আৰু কৰ্ম্মকাণ্ড কৰিব লাগিছিল। সেই বোৰ তেওঁবিলাকে নিজে কৰিছিল। সেই যাগ- যজ্ঞ ঈশ্বৰৰ বাহিক শক্তিৰ পূজা মাথোন। খেতিৰ কাৰণে বৰষুণ লাগে, শস্য গজিবলৈ সূৰ্যৰ তাপ লাগে, পৃথিবত গৰু-মানুহ আদি প্ৰাণী জম্মি কাৰণে শক্তি (প্ৰজাপতি) লাগে। সেই কাৰণে সেই সেই শক্তিবিলাকৰ পূজা কৰিছিল। প্ৰথমতে এই পূজা অতি সাধাৰণ আছিল। প্ৰত্যেক মানুহে নিজে পূজাৰ বস্তু গোটাই-মেলি আনি যজ্ঞকুণ্ডত অগ্নিদেৱক আহুতি দিছিল। এনে নিয়মেৰে ইহুদী পুৰোহিতবিলাকেও ঈশ্বৰ-পূজাত হোম কৰিছিল। যীশুৰ জীৱনত ইহুদীবিলাকৰ কথা পঢ়োতে এই বিষয়ে আৰু আভাস পাবা এতিয়া তোমালোকে জানা যে ভাৰতবৰ্ষত ক্ৰমে এই পূজাৰ যাগ- যজ্ঞৰ পৰাই পুৰোহিত শ্ৰেণী সৃষ্টি হ’ল। ক্ৰমে এই পূজাৰ নিয়মবোৰ ইমান সূক্ষ্ম আৰু বিতং হল যে সকলোৱে এইবিলাকলৈ মন দিবলৈ এৰি এই যাগ-যজ্ঞবিলাক কিছুমান পণ্ডিতৰ দ্বাৰা কৰাবলৈ ধৰিলে। বেদশাস্ত্ৰমতে এই কৰ্মকাণ্ডবিলাক মানুহৰ জীৱনৰ সকলো কথাতে লাগতিয়াল হোৱাত এই [ ১৯ ] পুৰোহিতসকলকো সকলো কথাতে আৱশ্যক হ’ল। যদিও এই কৰ্মকাণ্ডবিলাকৰ আধ্যাত্মিক উপকাৰিতা সম্বন্ধে বিশেষ মূল্য নথকা বুলি উপনিষদ আৰু কিছুমান দৰ্শন শাস্ত্ৰই স্পষ্টভাবে প্ৰকাশ কৰিছিল তথাপি সাধাৰণ জীৱনৰ প্ৰত্যেক কাৰ্যতে ঈশ্বৰৰ মহিমা বা উপাসনা-গান বেয়া বুলি কোনেও এই বিলাক বেয়া বুলি দলিয়াই পেলাবলৈ কোৱা নাছিল। ইয়াৰ ফলত এয়ে হল যে সময়ত মানুহে এই কৰ্মকাণ্ডবিলাকৰ মূল উদ্দেশ্য (ঈশ্বৰলৈ) মন নকৰি কৰ্মকাণ্ডবোৰতহে মনোযোগ দিব ধৰিলে। যি ময়ত বুদ্ধদেৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰে, সেই সময়ত পুৰোহিতসকলৰ পৰা সমাজত যি অন্যায় হৈছিল সেই কথা বৌদ্ধ-পুথিত পোৱা যায়। ইয়াৰ পৰা বুজা যায় যে সেই সময়লৈকে পৌৰোহিত্য অৰ্থাৎ এজনৰ হকে অন এজনে কৰ্মকাণ্ড কৰা কথাটো বৰ ভাল কাম বুলি মানুহে মানি লোৱা নাছিল।

২-৩-৪১

উল্লেখ আছে যে এই পুৰোহিতবিলাকেই অসংখ্য জীৱ-জন্তু বধৰ মূল কাৰণ হৈছিল। এওঁবিলাকেই উচটনি দি ৰজা আৰু অৱস্থাপন্ন মানুহবিলাকৰ [ ২০ ] হতুৱাই ডাঙৰ ডাঙৰ যজ্ঞ কৰাইছিল। জনা যায় যে প্ৰথমতে কোনো কোনো যজ্ঞত অনেক গো- বধ কৰা হৈছিল; সেইবোৰক গো-মেধ যজ্ঞ বোলা হৈছিল। অশ্বমেধ যজ্ঞৰ কথা মই শ্ৰীৰাম- চন্দ্ৰৰ জীৱনীত উল্লেখ কৰিছে। ৰজাবিলাকে নিজৰ খিতাপ আৰু শক্তি প্ৰচাৰ কৰিবৰ কাৰণে এই বিধ যজ্ঞ বিশেষভাবে পাতিছিল। এই যজ্ঞবিলাকত নিৰপৰাধী পশুবোৰৰ হত্যাকাণ্ডত মৰমিয়াল লোকৰ হৃদয় কাতৰ হৈ পৰিছিল, তথাপি বিশ্বাসৰ কাৰণে আৰু বিশেষকৈ পুৰোহিতসকলৰ প্ৰৰৰচনাত এই কৰ্মবিলাককে মোক্ষৰ উপায় বুলি ভাবি লৈ সকলো মানুহেই এই নিষ্ঠুৰ কামবিলাকত যোগ দিছিলহি। প্ৰকৃততে সেই সময়ত সাধাৰণ মানুহে ঈশ্বৰ-প্ৰাপ্তিৰ মাত্ৰ দুটা পথ আছিল বুলি বিশ্বাস কৰিছিল। এটা হৈছে সন্ন্যাস গ্ৰহণ কৰি ভিক্ষাৰ দ্বাৰাই জীয়াই থাকি ঈশ্বৰপদ পাবলৈ চেষ্টা কৰা আৰু আনটো হৈছে বলি-বিধান দি হোম যজ্ঞ কৰি দেৱতাসকলক সন্তুষ্ট কৰি সংসাৰ ভোগ কৰা। উপনিষদৰ যুগত হিন্দু-সমাজত যি সত্যৰ আৱিৰ্ভাৱ হৈছিল সেই সত্য ক্ৰমাৎ সমাজৰ পৰা অদৃশ্য হবলৈ ধৰিলে।
[ ২১ ] লগে লগে সাধাৰণ মানুহৰ মানসিক আৰু আৰ্থিক অৱস্থাৰৰ অধোগতি হবলৈ ধৰিলে। যদিও জাতিভেদ উপনিষদৰ দিনতো থকা বুলি জনা যায় সেই সময়ৰ জাতিবিলাক জন্মগত আৰু নিকপ- কপীয়া নাছিল। সকলোৱে ব্ৰহ্মবিদ্যা শিকিব পাৰিছিল। পণ্ডিত-ক্ষত্ৰিয়য়ো বামুণক শিক্ষা দিছিল। সমাজত জাতিৰ কাৰণে মানুহে মানুহক হীন বুলি নাভাবিছিল আৰু জাতিৰ কাৰণে কোনো মানুহ অশুচি বা অস্পৃশ্য হোৱাৰ প্ৰমাণ পোৱা নাযায়। সেই সময়ত মানুহৰ কৰ্ম্মৰ দ্বাৰাইহে জাতি নিৰ্ধাৰিত হৈছিল। ক্ৰমে পুৰোহিতশ্ৰেণী ব্ৰাক্ষণসকলৰ পৰা লোৱাত আৰু এই যাগ-যজ্ঞত যোগ দিয়া মানুহ- বিলাক বিশেষভাৱে শুচি বুলি পৰিগণিত হোৱাত এই জাতিভেদৰ ভাবটো লাহে লাহে বেছি কটকটীয়া হৈ আহিবলৈ ধৰিলে।

এই কথা সচা যে বুদ্ধদেৱৰ দিনতত জাতি- ভেদত ঘৃণাৰ ভাব অহা নাছিল। ব্ৰাহ্মণ্য আদৰ্শক তেতিয়াও সকলোৱে যথেষ্ট সম্মান কৰিছিল। কিন্তু পুৰোহিতবিলাক যে সুকীয়া শ্ৰেণীৰ লোক আৰু তেওঁলোকৰ পৰা যে সমাজৰ যথেষ্ট অন্যায় হব ধৰিছিল সেই কথা বুদ্ধদেৱৰ সময়ত স্পষ্ট দেখা [ ২২ ] পোৱা যায় পুৰোহিতশ্ৰেণী আৰু লগে লগে কৰ্মকাণ্ডত বিশ্বাস বঢ়াৰ লগে লগে সাধাৰণ মানুহৰ মানসিক খৰ্বতা আহিল। সেই সময়ৰ মানুহৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থাৰ সম্বন্ধে বৌদ্ধ- ভিক্ষুবিলাকৰ কামৰ পৰাই অলপ আভাস পোৱা যায়। স্পষ্ট বুজিব পাৰি কি পৰিমাণে ভোগ কাৰণে আহাৰৰ অভাৱত আৰু নৈতিক ব্যভিচাৰিতাৰ বাবে মানুহবিলাকে কষ্ট পাইছিল। ইয়াকো বুজিব পাৰি যে দেশত বিশেষকৈ নগৰবোৰত মানুহৰ সংখ্যা বাঢ়ি গৈছিল কিন্তু সেই অনুপাতে থকা-মেলা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা সমাজৰ পৰা বা ৰজাঘৰৰ পৰা বিশেষভাবে কৰা হোৱা নাছিল। চমুৱাই কবলৈ হলে ইয়াকে বুজা যায় যে সেই সময়ত সমাজে নিস্ক্ৰিয় বা জড় অৱস্থা পাইছিল আৰু সকলো ৰকমে পতনৰ ফালে যাবলৈ ধৰিলে।

বুদ্ধদেৱক অৱতাৰ বোলা হয় এই খনিতেই আৰু তেওঁৰ মহিমা আৰু মহত্ত্ব এইখিনিতেই যে তেওঁ এই পতিত মনুষ্য সমাজক পুনৰ জীৱন দান কৰিলে আৰু নিজেই তাপূৰ্ব্ব ত্যাগ স্বীকাৰ কৰি হিন্দু- সমাজ আৰু লগে লয়ে সমস্ত মানৱ জাতিক অসীম দয়া আৰু প্ৰেম ধৰ্মেৰে সজীৱ কৰি, [ ২৩ ] নতুনকৈ সমাজ প্ৰতিষ্ঠা কৰিলে। ১২০০ বছলৈ এনে অপূৰ্ব্ব শক্তি দিলে যে তাৰ মহিমা আৰু গৌৰৱ ভাৰত আৰু জগতবাসীৰ কাৰণে চিন বন্তু হৈ থাকিল।

[ ২৪ ] ৩৩৪১

গত ত্ৰাণকৰ্তা মহাপ্ৰভু বুদ্ধই আজিৰ পৰা প্ৰায় ২৫২০ বছৰ পূৰ্বে বহাগ মাহৰ পূণিমা তিখিত এই পৃথিৱীত জন্ম গ্ৰহণ কৰে।

উদ্যানত তেওঁৰ জন্ম হয়। বৌদ্ধ শাস্ত্ৰকাৰসকলে তেওঁ মাতৃগৰ্ভত স্থিতি হোৱাৰ দিনা আৰু তেওঁ জন্ম হোৱাৰ দিনাৰ কিমান অলৌকিক ঘটনা বিৱৰণ দিয়ে। জন্ম হোৱাৰ পিছত স্বয়ং ব্ৰহ্মই হেনো ন জাত শিক তুলি লৈ মাকৰ হাতত দিয়ে আৰু শিশুটি কালত অদ্বিতীয় পুৰুষ হব বুলি দেৱালকলে মাকক আখাস-বাণী দি যায়।

বুদ্ধদেৱৰ পিতাকৰ নাম ঘোখন আছিল। এওঁৰ বাক্য হিমালয় পৰ্বত নামনিৰ বনিবোৰৰ মাজত আছি। শুকোখন ৰা এজন উত্তম বংশৰ শাক্য ক্ষত্ৰিয়। এওঁলোকৰ বংশ আৰুৰ

  • একে পূৰ্বপুৰুৰ ইৰু জৰ সতি গতি

খুলনা যায়। দেখন ৰা অতি একা [ ২৫ ] সgoooooolonosclege >

উপহাৰ-পিঠি o ooodcassocces@ sooooooood চিন স্বৰূপে oedeo এই “বুদ্ধদেৱ”খনি উপহাৰ দিয়া হল। oooooooooooo ssc sscode c 9 d ? a cowg goose good @ g [ ২৬ ]

  • সুল

১। আগকথা । নি ৩। লাল ৪। বিবাহ ৫। নিমিত্ত-দর্শন ৬। পুত্র-জন্ম ।। গৃহত্যাগ ৮। সন্ন্যাস-জীৱন ১। তপস্যা ১০। সিজিলাত ১১। ধর্ম-প্ৰচাৰ . : ১২। প্রত্যাবর্তন ১৩। শেন-জীৱন ১৪। মহা-নির্বাণ : •• •• ১০। বৌদ্ধধৰ্মৰ মূল নীতি .. ১৬। বৌৰ ভাৰতবৰ' ' ' : ১০। মামণি [ ২৭ ] taph, | - অপশet : | JUN.1.5), স্বাধীন অসমৰ মােৰ মৰমৰ উঠ তাহা | লৰা- ছাৱালবিলাক । 7/Ass তােমালোকৰ ওপৰতেই আমাৰ দেশৰ ভৱিষ্যৎ নিভৰ কৰিছে মহাপুৰুষসকলৰ জীৱনৰ চানেকীৰে যাতে দশ আৰু নহৰ সৱাত তােমালােকে নিজৰ জীৱন নিয়ে'জিত কৰিব পাৰ সেই আশাৰে নাৰ এই “বুদ্ধ’ হামালােকৰ হাতত অৰ্পণ কৰিলাে । জয হিন, আশীৰ্বাদক শ্রীগােপীনাথ বৰদলৈ । ১৮১১১৭ [ ২৮ ] পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/২৮


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)